তেওঁ গুচি যোৱাৰ পিছত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, December 1, 2025

তেওঁ গুচি যোৱাৰ পিছত

 


তেওঁ গুচি যোৱাৰ পিছত 


                                                     জ্যুচেং চাংমাই

                                                            ধেমাজি


সিদিনা শব্দৰ ভোকে 

কুটি খাইছিল

এটি  ৰাতিৰ কোলাহল.....


নিৰ্লজ হৃদয়খন 

নিঃশ্চল হৈ পৰি আছিল 

এজাক বিষাদ আৰু যন্ত্ৰণাৰ বৰষুণত….


মোৰ শীৰ্ণ দুহাতৰ 

কঁপি উঠা আঙুলিৰে চুই 

চাইছিলো মই মোৰ বিৰ্বণ শৰীৰ 


তেওঁ আহিছিল 

নিশ্চুপ হৈ বহি পৰিছিল মোৰ কাষতেই


তেওঁৰ মৌন ওঁঠে বুজাই দিছিল মোক 

 ভোকৰ সাগৰত ডুবি থকা মুখবোৰ  বৰ নগ্ন…..


ক্ৰমশঃ আন্ধাৰ নামিছিল

দুচকুত ভাঁহি আহিছিল


কয়লাৰ ধোঁৱাৰে আৱৰি থকা

 ছাইবৰণীয়া কিছু  চিনাকি মুখ…...


সোঁৱৰাই দিছিল মোক 

জীৱনৰ প্ৰথম স্বৰ্ত ভোক


কোনোকালে ভালপাব 

নোৱাৰি ভোকক 

ভোকত সলনি হয়

 পৃথিৱীৰ মানচিত্ৰ

সলনি হয় পৃথিৱীৰ সংজ্ঞা…...


মোৰ   দুখৰ চোলাটো  পিন্ধি 

ভ্ৰুকুটিয়াই আঁতৰি গুচি গৈছিল তেওঁ 


যদিওবা একেই নাছিল  আমাৰ দুখ…..!


শিঁয়ৰি উঠিছিলো মই…


তেনে প্ৰেমো কি এক ভোক...!


তেওঁ গুচি যোৱাৰ পাছত 


এতিয়া শব্দৰ ভোকে অৱগাহন কৰে

মোৰ প্ৰতিটো  জয়াল

ৰাতি  

আৰু সাৰে থাকে  মাথোঁ যন্ত্ৰণাৰ 

ধুমুহাই কোবাই থৈ যোৱা 

 এহাল বিৰ্বণ চকু আৰু 


এখন নিস্তেজ মুখ।


Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages