তিনিটা কবিতা
উৎপল বৰকটকী
বিশ্বনাথ চাৰিআলি
বুদ্ধ
বুদ্ধ, চকুপানীৰ খেলখনত মই সদায়ে হাৰি যাওঁ
শিল হৈ জী জী
বুদ্ধ, মই সদায়ে হাৰি যাওঁ সত্যৰ চালনাত
হৃদয়ত পোহৰ লৈ
বুদ্ধ, মই সদায়ে হাৰি যাওঁ প্ৰেমৰ স্পৰ্ধাত
বুকুত কাঁইট লৈ
বুদ্ধ,
মোক লালন কৰা
পোহৰ দিয়া— সত্যৰ......সূৰ্যৰ...... প্ৰেমৰ !
প্ৰাৰ্থনা
প্ৰাৰ্থনা। প্ৰত্যয় আৰু অপেক্ষাৰ এটা বাট।
ক্লান্ত, পৰিশ্ৰান্ত মানুহৰ ধুমুহাত জৰ্জৰ উশাহবোৰ
জী থকাৰ নিৰ্মল আশা।
সৰোঁ সৰোঁ কৈ সৰি নপৰা তলবল অশ্ৰুমুদ্ৰাত
কঁপি থাকে ঈশ্বৰৰ নাম।
কোনে বাটে গ’লে চুই চাব পাৰি ঈশ্বৰৰ নিৰ্মল ওঁঠ !
মাটি সাৱটি মাটিৰ মানুহ কাতৰ দুহাতত
প্ৰশ্ৰয়ৰ এক নাম প্ৰাৰ্থনা।
আতুৰ কণ্ঠত ঢালি দিয়া ঈশ্বৰ বিশ্বাসৰ এটা
স্পৰ্শ — অতুল্য, অবিস্মৰণীয় !
মানুহবোৰে ধিয়াই থাকে,
জীয়াই থাকে, বুকুত আস্থা চেতনাৰ উন্মুক্ত প্ৰণয়ৰে
ৰাতি ৰাতি আন্ধাৰ ফালি
ডেউকা কোৱাই যোৱা চৰাইটোৰ দৰে।
জীয়াই থাকে পেটত ভোক জীয়ণ দি।
বিশ্বাসৰ প্ৰণয়ত বন্দী সত্য স্পৰ্শ কৰিব খোজা মানুহ।
তুমি কি বুজিবা হে মোৰ ঈশ্বৰ —
গৃহহীন, কণ্ঠহীন, শক্তিহীন, আশাবাদী মানুহৰ
মৰ্মবেদনা।
কেনেকৈ বুকুত তোমাক বান্ধি জীয়াই আছে
তেওঁলোক.....
এবাৰ চকু মেলি চোৱা
স্পৰ্শ কৰা সেই ফটা ওঁঠবোৰত কঁপি থকা শব্দ।
প্ৰাৰ্থনাত জীয়ণ সমৰ্পিত কৰি জীয়াই আছে
এতিয়াও মানুহবোৰ ..... !
সন্তোষ
মই কান্দিছিলোঁ
তোমাক হেৰোৱাৰ শোকত
বৰষুণত তিতি জুৰুলি-জুপুৰি হৈছিলোঁ
কোনেও নেদেখক বুলি
মই নাজানো
তুমি কেতিয়াবা কান্দিছিলা নে
মাথোঁ ভাৱোঁ
এবাৰ মোৰ বাবে কন্দা হ’লে
এবাৰ সেই তলবল দুচকু চাবলৈ পোৱা হ’লে
আজীৱন সুখী হ’লো হয় এই কথা জানি
মোৰ বাবেও কোনোবা আছে
ক’ৰবাত দুচকু অশ্ৰু লৈ......।
ফোনঃ 8133010063
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫


No comments:
Post a Comment