চিত্ৰলেখা
ঐশ্বৰ্য জীৱন বৰুৱা
ডিফু, অসম
“সপোনত কোঁৱৰে আহুদি আনিলে
মতলীয়া সখী খাই…”
সপোন কোঁৱৰৰ আহুদি খায়
যিটো নিশাত তুমি মতলীয়া হৈছিলা,
তোমাৰ অগোচৰেই সেই নিশা
অগ্নিগড়ৰ সেই বিশেষ কোঠাটৌলৈ
এচপৰা মেঘ নামিছিল।
প্ৰচণ্ড ধুমুহা আৰু গাজনিৰে অহা বৰষুণজাকে
তোমাক তিওৱাৰ আগতেই
অৱশ্যে মই তাক
ধাৰণ কৰিছিলোঁ মোৰ দুচকুত।
মোৰ তুলিকাত প্ৰাণ পাই উঠা
তোমাৰ সপোন কোঁৱৰৰ প্ৰতিচ্ছবিখনৰ শেষ বিন্দুত
জ্বিলিকি উঠা সেই
ভগা কলিজাৰ তেজৰ টোপালটো
হায় ! তোমাৰ এবাৰো চকুত নপৰিল।
(তোমাৰ প্ৰাণ পদুমৰ পাহিত
মই এজনী চিৰ পৰিত্যক্তা ভোমোৰা।
তথাপি তোমাৰ নামেৰেই মোৰ হৃদয়।)
তামসী বিদ্যাৰে মই পাৰিলোঁহেঁতেন
মচি দিব সেই প্ৰতিচ্ছবি তোমাৰ অন্তৰৰ
যিখন প্ৰতিচ্ছবিয়ে কাঢ়ি নিব
মোৰ প্ৰেমক মোৰ কাষৰৰ পৰা।
কিন্তু বান্ধি ৰখাতো জানো প্ৰেম?
(প্ৰেম যে মুকুতিৰে আন এক ৰূপ ।)
মই চিৰন্তন শিল্পী...
সেই শিল্পবোধেৰেই মই
কৰি যাম চিৰদিন নিখুঁত অভিনয়।
মোৰ অতৃপ্ত হৃদয়ে বাৰে কৈ যাব
এষাৰেই কথা...
“কোন তুমি যুগমীয়া
সৌন্দৰ্যৰ নিৰ্মাত দেৱতা?
ব্যৰ্থ হেৰা, ব্যৰ্থ হেৰা তোমাৰ
নিৰ্মাণ এই বিশ্বসংসাৰৰ
ভাগ্যবিধাতা বৃথা দেখো
নিৰ্মাণ তোমাৰ।”

No comments:
Post a Comment