কোনে খুলি দিলে
ৰাতুল চেতিয়া ফুকন
সোণাৰি, চৰাইদেউ
কোনে খুলি দিলে স্বৰ্গৰ দুৱাৰ
সহজ কৰি যাত্ৰা
প্ৰিয়তম মানুহৰ।
সকলোকে কন্দোৱাই বাট লৈছে
এজন এজনকৈ
পূজনীয় জন।
সুখৰ হাঁহি সামৰি
শোকৰ সাগৰত হাবুডুবু খায়
এটা জাতি।
আঙুলিৰ পাবত লিখি
দুখৰ প্ৰতিটো ৰাতি।
কোনে খুলি দিলে স্বৰ্গৰ দুৱাৰ
সহজ কৰি যাত্ৰা
প্ৰিয়তম মানুহৰ।
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:
Post a Comment