জঙ্গী
ৰুদ্ৰ সিংহ মটক
যত দোষ নন্দ ঘোষ;
হয় ভাই
সিহঁতবোৰক ময়ে উচটাইছিলো
কাৰণ, ভিক্ষাৰ ৰুটি মই কাহানিও
হাত পাতি লোৱা নাছিলো
সিহঁতজাকক ময়ে শিকাইছিলো
ভিক্ষাৰ ৰুটিক থুৱাই দিবলৈ
ক’লা পৰা বুকুৰ দুখৰ
আঁচোৰবোৰতকৈ
সিহঁতৰ হাত আৰু ভৰিৰ নখ
দীঘলকৈ ৰাখিবলৈ শিকাইছিলো
দুগাল তিয়াই বোৱা চকুলোৰ ধাৰতকৈ
দাঁতবোৰ বেছি ধাৰাল কৰিবলৈ শিকাইছিলো
কৈছিলো সিহঁতক কলিজাবোৰ
বুলেটতকৈ কঠিন কৰিবলৈ
কাৰণ
মৃত্যুৰ পিছত নহয়, এই জীৱনতে
হিলদল্ ভঙা ধুমুহাৰ দৰে
আমিয়েতো বিচাৰি ল’ব লাগিব
ভোক নহয়, ভোগৰ পৃথিৱী...
যত দোষ নন্দ ঘোষ
হয় ভাই, সিহঁতবোৰক বাৰে বাৰে
ময়ে উচটাইছিলো
কাৰণ
ভোক সহি সহি এদিন
সহিব নোৱৰা ভোকৰ জুইকুৰাৰ দৰেই
জঙ্গী হৈ উঠিছিলো
মই
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫


No comments:
Post a Comment