জীৱন
জিতেন পায়েং
(ক)
যুক্তিৰ খাতিৰতেই
আমি জীৱনৰ সংজ্ঞা লিখো
শীত-তাপ নিয়ন্ত্রিত কক্ষত বহি বিশ্লেষণ কৰো জীৱনৰ অর্থ
সাংবিধানৰ নির্দিষ্ট অনুচ্ছেদৰ বাহিৰলৈ টানি নিব বিচাৰো বাৰে বাৰে
অথচ আবদ্ধ হৈ পৰো।
জীয়াই থকা মানেই জানো জীৱন !
(খ)
আপোনাৰ অট্টালিকাত সি সুখী
আপোনি গোটেই জীৱনত অজস্র সম্পতি কৰিলে
দাম্পত্য জীৱনত আপোনাৰ কোনো আহুকাল নাই
আপোনাৰ পুত্ৰ কন্যা চিকিৎসক ইঞ্জিনীয়াৰ হ'ল
জীৱনৰ শেষ সময়ত ভগৱানক নিচেই কাষত পাবৰ বাবে
ঘৰতে সাজি ললে এটা মন্দিৰ...
অথচ উচ্চ ৰক্তচাপে আপোনক আমনি কৰে।
মধুমেহৰ ভয়ত চেনী নিদিয়াকৈ ৰঙা চাহ খায়।
(গ)
মহানগৰীৰ পদ পথত সি চৎফটায়।
প্ৰখৰ ৰ'দ আৰু বৰষুণত শুকায় আৰু তিতে।
মুকলি আকাশৰ তলত দুৰ্গন্ধময় পদপথেই তাৰ ঘৰ।
মুক্ত অথচ ভেকেটা ভেকেট তাৰ উশাহ।
উঁৱলি যোৱা বনিয়নে ঢাকিব খোজা কংকালৰ মুখত
জীৱন কেকাই থাকে।
আপোনালৈ হাত মেলি কিবা কব খোজে। অস্পষ্ট ...
মলিয়ন অবিন্যস্ত চুলি আৰু ভোবোৰা
দাড়িৰ মাজেৰে
সি সকলোকে ইতিকিং কৰে।
মুখৰ ভিতৰতে আপোনাক গালি পৰে।
আপোনাৰ যোৱা নিশাৰ চোৱা ভাতবোৰ
ডাষ্টবিনত বিচাৰি ফুৰে
আপুনি ঘৰৰ পৰা খেদি দিয়া কুকুৰবোৰৰ দৰে।
কংকাল আৰু কুকুৰবোৰৰ দৰেই
জীৱনৰ অর্থ তাৰে সীমাবদ্ধ।


No comments:
Post a Comment