কুৰুক্ষেত্ৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, December 1, 2025

কুৰুক্ষেত্ৰ

 


কুৰুক্ষেত্ৰ


                   অভিজিৎ তালুকাদাৰ


কুৰুক্ষেত্ৰত আছোঁ

অস্ত্ৰৰ অজস্ৰ আঘাতত

আহত হৈ পৰি আছোঁ


ইয়াৰ আগেও মোৰ কুৰুক্ষেত্ৰত শতবাৰ মৃত‍্যু হৈছে

আৰু পুনৰ কুৰুক্ষেত্ৰতেই জন্ম পাইছোঁ


মোৰ দৰেই অৰ্ধ মৃত অজস্ৰ মানুহে 

একলব‍্যৰ বুঢ়া আঙুলিটো বিচাৰে


মই এই জীৱনত অৰ্জা

সমস্ত পাপৰ বাবে

অংগক্ষত হৈ মৃত‍্যুৰ অপেক্ষাত পৰি আছোঁ

এই ওঠৰ দিনৰ কুৰুক্ষেত্ৰৰ

কোনোৱা এদিন মোৰ মৃত‍্যু হ’ব


মই জীয়াই জীয়াই নেদেখিম স্বৰ্গ‍ 

মোৰ পাপৰ বাবেই

মই জীয়াই জীয়াই দেখিলোঁ নৰক


মোৰ তেজে ঢকা চকুৰে 

যি পুন‍্যৰ ফলত কৃষ্ণৰ বিশ্বৰূপ দেখিলোঁ

তাৰে এটা বাট কাটিম অহা জনমত


আগত জনমটোত মই কৰ্ণ আছিলোঁ

এই জনমত মই কৌৰৱ সেনা

অহা জনমত মই কোন হৈ জন্ম পাম

ভীস্ম যদি হওঁ যদি দুৰ্যোধন হওঁ

মোৰ পতন নিশ্চিত

মই জীয়াই জীয়াই স্বৰ্গ দেখিবলৈ নাপাম

সেয়ে মই বিদুৰ হৈ জন্ম পাবলৈ ভাল পাম


Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages