মহানায়ক, মহাশিল্পীৰ মহাপ্ৰস্থান
ৰুণু দেৱী শৰ্মা
অভিমন্যু চক্ৰবেহুত পৰিল। মহাভাৰতৰ অভিমন্যু সপ্তৰথীৰ চক্ৰবেহুত পৰিল মৃত্যু হ’ল। ধৰ্মৰাজ যুধিষ্ঠিৰ সহিতে পঞ্চপাণ্ডৱৰ পাঁচজন ধৰ্মবীৰৰ লগত স্বয়ং ভগৱান কৃষ্ণ থাকোঁতেও অৰ্জুনৰ পুত্ৰ অভিমন্যুক সপ্তৰথীয়ে চক্ৰবেহুত পেলাই মাৰিলে। অৱশ্যে ভগৱান কৃষ্ণ বা অৰ্জুন থাকিলেও মাৰিব নোৱাৰিলেহেতেন। কাৰণ অভিমন্যুই উত্তৰাৰ গৰ্ভত থাকোঁতে অৰ্জুনে যেতিয়া উত্তৰাক চক্ৰবেহুত ওলোৱা -সোমোৱাৰ কথা কৈ আছিল ওলোৱাখিনি কৈ থাকোঁতেই উত্তৰাৰ টোপনি গ’ল, সেইবাবে অভিমন্যুই চক্ৰবেহুত সোমাব পাৰিলে কিন্তু ওলাব নোৱাৰিলে। সেইকাৰণে অভিমন্যুক মাৰিব পাৰিলে।
আজি আমাৰ অভিমন্যুকো চক্ৰবেহু ৰচি চাৰি অসুৰে মাৰি পেলালে। অভিমন্যু গুচি গ’ল অসমখন সুদা হৈ গ'ল। তেওঁ এজন শিল্পীয়েই নাছিল তেওঁ আছিল অসমৰ এক সম্পদ, অসমৰ এক সত্তা। তেওঁ আছিল এজন বিশ্ববিজয়ীএটি মহান উজ্জ্বল নক্ষত্ৰ। জন্মতে আছিল তেওঁ এটুকুৰা ৰত্ন। নীৰৱতা সৰলতা আৰু উদাৰতাই তেওঁৰ কাল হ’ল য’ত নেকি তেওঁ ভয়াবহ আৰু দুৰ্গম সীমাত উপনীত হ’বলগীয়া হ’ল। তাতেই তেওঁ কেইটামান নৰপিশাচ ৰাক্ষস কেইটা ৰ লোলুপ দৃষ্টি তোমাৰ অক্ষয় ভাণ্ডাৰত পৰিছিল। জীৱনত প্ৰথমবাৰ পাইছোঁ দেৱী দশভুজাৰ পুজাত এইবাৰ পুজাস্থলীত এজন লোকৰ মূৰ্ত্তিত চাকি-ধুপ দি সেৱা কৰা। পৃথিৱীত হাহাকাৰ লাগিল ঈশ্বৰৰ মৃত্যু হ’ল নেকি! চিঞৰ বোৰ ক’ৰপৰা আহিছে পাগলবোৰে চোন ৰাউচি জুৰি আছে। মঙ্গল গ্ৰহৰ কিছু পৰিবৰ্তন দেখা গৈছে শনি গ্ৰহে বৃহস্পতিত পদাৰ্পন কৰিছে। তোমাক হেৰুৱাৰ বেদনাত কলিজাখনে ঢপঢপাই ঢপঢপাই গছজোপাৰ তললৈ ঢপলিয়াইছে এক যাদুকৰী কণ্ঠৰ মায়াজালত তুমি সাগৰত শুবৰ মন বুলি কৈ সঁচাকৈ সাগৰতে শুলাগৈ ন? তুমি এনেকৈ যে ইমান কম সময়তে ইমান বিশাল সাগৰৰ সমান সৃষ্টি কৰি সকলোকে বিলাই দিলা লগতে দেশখন চহকী কৰিলা, কৰি তুমি নিজেই তাৰ ৰস পান কৰিবলৈ নাপালা ! কিয় জুবিন তুমি কিয় গুচি গ’লা
তোমাৰ কাম অসমাপ্ত কৰি কিয় সকলোৰে পৰা আতঁৰি গ’লাগৈ ? তোমাৰ মৰমৰ পত্নী গৰিমাক আৰু তোমাৰ শ্ৰদ্ধাৰ দেউতাক এৰি থৈ কিয় গ’লাগৈ ? সকলোৰে হিয়াৰ আমঠু তুমি আতৰি যোৱাত সকলোৱে হাহাকাৰ লগাই আছে তোমাৰ ন্যায় বিচাৰি জানা জুবিন! তুমিযে খানাপাৰাৰ প্ৰগ্ৰেমত ২৩ চনত মোক কথা এটা সুধিছিলা গানৰ কথা মেঘালী চুলটাৰিৰ কথা, আৰু সেই গানটো মোক উপহাৰ দিছিলা!
মোৰ এতিয়াও সেই কথা মনত আছে জানা! কেনেকৈ পাহৰো বাৰু সেই কথা পাহৰিব পৰা নাই, তুমি মোক ইমান আন্তৰিকতাৰে কথাখিনি সুধিছিলা আৰু মোৰ বাবে গানটো গাইছিলা মোৰ সঁচাকৈ সেই কথা মনত স্মৃতি হৈ থাকিব জানা! তুমি গানটো গোৱাৰ পিছতে তোমাৰ মিউজিচিয়ান ৰাজাই আহি মোৰ লগত কথাবাৰ্তা হৈছিল বহুত তোমাৰ কথাই আৰু সেই ৰাজাই তোমাক কিমান যে ভাল পাইছিল জানা তোমাৰ নামত ৰাজাই সদায় চাকি জ্বলাইছিল আগতেও পিছতেও সেই কথা মই গম পাইছিলো। ৰাজাই তুমি গুছি যোৱাৰ পিছত নাখাই নবৈ শুকাই -খীনাই গৈছে জানা! মই ৰাজাক লগ কৰিব লাগিব অৱশ্যে কৰিবহে পৰা নাই। তোমাৰ চিনেমা খন চাবলৈ আশা কৰি আছোঁ, কেতিয়া বা পাওঁ ৰৈ ৰৈ চাবলৈ! নিশ্চয় চাম।কাইলৈ ওলাব নহয়! তোমাক ৰখা জেগা সোনাপুৰলৈ যাম তোমাক চাবলৈ। ১৮ নবেম্বৰত তোমাৰ জন্ম দিনটোত তোমাৰ ঘৰলৈও যাম বুলি ভাবিছোঁ। শেষত তুমি য’তেই আছা চিৰশান্তিত সৰগী ধামত বাস কৰা। আমি কিন্তু তোমাক সদায়েই আমাৰ মাজতেই ৰাখিম, এই মাটিতেই। তোমাৰ পবিত্ৰ সমাধিস্থল এতিয়া শান্তিৰ ধাম, এতিয়া তীৰ্থভুমিলৈ পৰিণত হৈছে। তোমাক সদায়েই ইয়াতেই ৰাখিম, ইয়াতেই পাম, তুমি ইয়াতেই থাকিবা। কাৰণ তুমি ঈশ্বৰৰ পুত্ৰ। ঈশ্বৰৰ কেতিয়াও মৃত্যু নহয়।
.jpg)

No comments:
Post a Comment