মানৱ দৰদী জুবিনদা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, December 1, 2025

মানৱ দৰদী জুবিনদা


 মানৱ দৰদী জুবিনদা


প্ৰাণ প্ৰতিমা বড়া

গুৱাহাটী


“জুবিনদা, আপোনাক এটা কথা কবলগা আছে।” — (নিয়ৰকণা)

“ক। কথা কবলৈ তই বৰ ভাল পাৱ।” — (জুবিনদা)

“মই মোৰ বন্ধু-বান্ধৱীবোৰৰ আগত আপোনাৰ কথা কৈ লেবেল দি থাকোঁ।” —— (নিয়ৰকণা)

“উমমম, মই জানোঁ তই মোৰ কথা কৈ কৈ লেবেল মাৰি থাক।” —  (জুবিনদা)

 “সঁচাকৈয়ে মই যিটি কথা কওঁ সিহঁতৰ আগত।” — (নিয়ৰকণা)

 “পিছে কি কি কৱ তই ?  তয়ো জুবিন পগলা।” — (জুবিন দা)

 “মই মোৰ সহপাঠীবোৰক কওঁ — আপুনি মোৰ বয়ফ্ৰেণ্ড বুলি।⁰“————(নিয়ৰকণা)

  জুবিনদায়ে শিশু মনৰ নিয়ৰকণা (আমাৰ জী) ৰ  কথা শুনি খিলখিলাই হাঁহি দিলে ৷ তাইক ওচৰতে বহাই লৈ তেওঁৰ হাতত থকা তৰমুজখিনি খুৱাই দিলে ৷ আমৰ চৰবত এগিলাছ খাবলৈ দিলে ৷ তাৰ পিছত তাইক মৰমেৰে ক’লে————

“ তই মোক লৈ লেবেল দিঅ নহয় ! দি থাক ৷ কিন্তু খোৱা-বোৱাৰ যত্ন লব লাগিব ৷মই পিছে তোৰ লগৰ বোৰক সঁচা কথাটো নকওঁ বাৰু দে ৷ বহুত খাব লাগিব ভাল ভাল বস্তু ৷ বহুত জ্ঞান অৰ্জন কৰিব লাগিব ৷ আৰু শুন জুবিন পগলা তোক মই এটা গান গোৱাম বুজিছ’ ৷“

  সৰুৰেপৰা পৰা জুবিনদাৰ গান শুনি ভাত খাবলৈ শিকা অকণমান নিয়ৰকণাৰ হৃদয়ত বাৰুকৈয়ে চাপ পৰিল ৷ কনমানী শিশু এটিকো মৰমেৰে আকোঁৱালি লব পৰা বহল মনৰ মানুহজন হৰ্ঠাতে নোহোৱা হোৱা খবৰটোৱে সমগ্ৰ অসমবাসীৰ লগতে আমাৰ মনতো বৰ বেয়াকৈ চাপ পেলালে ৷ নহবইনো কিয় ? তেখেত বহল মনৰ মানুহ আছিল বাবেই সকলোকে অন্তৰত ঠাই দিছিল ৷ পদপথত থকা ভিক্ষাৰীজনকো সাৱটি লব পৰা এই মহান ব্যক্তিজন কিমান বহল অন্তৰৰ হব পাৰে সেইটো আচৰিত কথা ৷ অহংকাৰবিহীন মনৰ গৰাকীজনে মানুহৰ লগতে জীৱজন্তুৰ পৰা চৰাই-চিৰিকতিলৈকে অন্তৰত ঠাই দিছিল ৷সেইবাবেই তেওঁ মহান ৷ তেওঁৰ আত্মা ভগৱানৰ অংশ ৷ 

  সময়বোৰ জটিল হৈ পৰিল ৷ সকলোৰে হৃদয়ৰ আপোন মানুহজন নোহোৱাৰ খবৰটোৱে অসমবাসীৰ মনত বৰ বেয়াকৈ চাপ পৰিলে ৷ সুস্থিৰ পৰিবেশ এটালৈ ঘুৰি আহিবলৈ জনসাধাৰণক কিমান সময় লাগিব সেয়াহে চিন্তাৰ বিষয় হৈ পৰিছে ৷

  জুবিনদাৰ আৰু গৰিমা বৌৰ কাহিলীপাৰা ঘৰটোলৈ এদিন গ’লোঁ ৷ আশেপাশে পৰিবেশটো নিৰিক্ষণ কৰিলোঁ ৷ চৌদিশৰ পৰিবেশ একেবাৰে নিতাল-নিস্তদ্ধ ৷ ঘৰৰ চাৰিওপিনে মাথোঁ নিজান পৰি আছে ৷ ঘৰটোলৈ কোনোবা আহিছে ,কোনোবা গৈছে ৷ সকলোৰে চকুত চকুপানী ৷ হিয়াৰ আমঠুজনক হেৰুৱাই সকলোৱে এতিয়া বিৰহ বেদনাত ৷ ঘৰটোৰ সন্মুখত থকা এখন সৰু দোকান দেখি মই আগবাঢ়ি গ’লোঁ ৷ দোকানী দাদাজনৰ লগত কিছু কথা পাতিলোঁ ৷ তেখেতৰ নাম—মনোজ দাস ৷ 

   তেখেতক জুবিনদাৰ কথা সুধিলোঁ ——মানুহজন উচুপি উঠিল ৷ তেখেতে ক’লে ———

“  দাদায়ে মোক ডেকা বুলি মাতিছিল ৷ মোৰ এই সৰু দোকানখনত চাহ-পৰঠা বিক্ৰী কৰি সংসাৰ পোহপাল দি আছোঁ ৷ জুবিনদাৰ মোৰ বাবে ভগৱান ৷ মোৰ এই দোকানখন ওপৰ ভাগত প্লাষ্টিকৰ কাপোৰ আছিল ৷ দাদায়ে মাজে-সময়ে মোৰ তাত চাহ-পৰঠা খাবলৈ আহে ৷ এদিন মোৰ হাতত টকা ৬০০০/ দি ক’লে তই দোকানখনত টিংপাত লগাই অকণমান বহলাই লবি ৷ সেয়াই আৰম্ভণি ৷ মই সাহস পালোঁ ৷দোকানখন ডাঙৰ কৰিলোঁ ৷ তাৰ পিছত মোৰ দোকানলৈ আহি মোৰ আৰু মোৰ পৰিয়ালৰ খবৰ লয় ৷ পুজা-বিহু আহিলে ৩০০০/৪০০০ টকা হাতত দি কাপোৰ কিনিবলৈ দিয়ে ৷ এনেকুৱা বহল অন্তৰৰ মানুহ আমি কেতিয়াও আৰু নাপাম ৷ কথাখিনি কৈ কৈ মানুহজন উচুপি উঠিল ৷তেখেতৰ কথাখিনিয়ে মোৰো মনটো গধুৰ কৰি পেলালে ৷

 জুবিনদাৰ গেটত থকা চিকিউৰিটি গাৰ্ড দাদাজনৰ লগত কিছু কথা পাতিলোঁ ৷ তেখেতৰ নাম পবিত্ৰ বৰা ৷তেখেতৰ ঘৰ কলিয়াবৰত ৷ তেখেতে ক’লে———

 “ বাইদেউ , জুবিনদাক লগ পাবৰ বাবে, মই কেইমাহমানৰ আগতে এই চাকৰিত সোমালোঁ ৷ জনা-বুজা হোৱাৰে পৰা দাদাৰ কাৰণে পাগল আছিলোঁ ৷ দাদাক কাষৰেপৰা চাই থাকোঁ ৷ সৰুৰেপৰা নাটক কৰি ভাল পাইছিলোঁ ৷ দাদাক এদিন কৈছিলোঁ ———মোক কেতিয়াবা চিনেমাত চাঞ্চ এটা দিব দেই ৷ দাদায়ে একেআষাৰে ক’লে— পিছত চিনেমাখনত তোক চাঞ্চ দিম দে ৷ জুবিনদাদায়ে মোক বহুত ভাল পাইছিল ৷ মোৰ কাষত চকীত বহি চাদা মাৰিব দিছিল ৷ আৰু এটা কথা , দাদায়ে পাতচাদা খাইছিল ৷ মানুহজন বৰ আচৰিত ধৰণৰ আছিল ৷ এদিন তেখেতৰ গাত মহে খাই আছিল ৷ মই মহ মাৰিবলৈ লওঁতে তেওঁ কি ক’লে জানে বাইদেউ ——— মহবোৰৰ ভোক লাগিছে কাৰণে খাইছে ৷ মোৰ গাত থকা সমস্ত তেজৰ অকণমানহে খাব ৷ খাওঁক দে ———খাওঁক দে ৷ চাওঁকচোন বাইদেউ মানুহজনৰ মনটো ৷ তেখেতক মহে খোৱাত মই কষ্ট পাইছোঁ কিন্তু মানুহজনে তেওঁৰ গাৰপৰা মহকেইটা খেদিব নিদিলে ৷ কিমান আচৰিত মানুহ চাওঁকচোন ৷ 

   কথাখিনি কৈ কৈ মানুহজন উচুপি উঠিল ৷ 

সঁচাকৈয়ে জুবিনদা মানৱদৰদী আছিল ৷ তেখেত ভগৱানৰ অংশ আছিল ৷ ঈশ্বৰপ্ৰদত্ত মানুহজন নোহোৱা হোৱাটোৱে আমাৰ বাবে আচৰিত কথা ৷ সকলোকে আকোঁৱালি লব পৰা মানুহজনক অতি কাষৰ বিশ্বাসী মানুহবোৰে বিশ্বাসঘাতক কৰিব পাৰিব বুলি ভাবিবকে নোৱাৰি ৷ তথাপিও জুবিনদা আমাৰ মাজত কায়িকভাৱে নাই যদিও তেখেতৰ কৰ্মৰ মাজেৰে আমাৰ মাজত তেখেত সদায়েই জীয়াই থাকিব ৷


Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages