সাঁকো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

সাঁকো


 সাঁকো


পুষ্পাঞ্জলী গোস্বামী

চেনিকুঠী, গুৱাহাটী


    ৰুকালৰ পেঞ্চিল-ৰবৰক লৈ কৰা  কাজিয়াবোৰ ক্ৰমাত ডাঙৰ হৈছিল।

  ৰবৰবোৰৰ প্ৰতিটুকুৰা এচপৰা এচপৰা ইটালৈ ৰূপান্তৰিত হৈ বিভেদৰ সুউচ্চ দেৱাল গঢ়িছিল। পেঞ্চিলবোৰ জেদী খুটা হৈ পৰিছিল।


“আহচোন, দুয়োটাই একেলগে খেলোঁ।”


    ইটোৱে সিটোৰ মুখলৈ গভীৰ প্ৰত্যয়েৰে চাই ৰ’ল।


  দেৱাল পাৰহৈ অহা বলটোৱে এডাল সাঁকো গঢ় লৈ উঠাত অৰিহণা যোগালে।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages