বিয়োগ
শৰৎ হাজৰিকা
গোলাঘাট
চালৰ বান্ধটো বান্ধি নহ’লেই।
: ঢপচ -
দেউতাকৰ কোঠাৰ পৰা অহা শব্দটো শুনি পুতেক কমল একেজাপতে বাপেকক শুৱাই থৈ অহা কোঠাটোৰ বিছনাৰ কাষ পালেহি। সি বাপেকক তল
মূৰ হৈ পৰি থকা দেখি চিঞৰি উঠিল।
: দেউতা !
গিৰিয়েকৰ চিঞৰটো শুনি ভিতৰৰ পৰা ঘৈণীয়েক সৰলা আৰু দুবছৰীয়া ল’ৰাটোও পাছে পাছে দৌৰি আহিল।
: দেউতা ! দেউতা-- পুতেক-বোৱাৰীয়েকে গগণ ফালিলে। নাই নিৰুত্তৰ। দেহটো পিটিকি মোহাৰি চাই কোনো ঢপঢপনি নাপালে। দুয়োটাই হুকহুকাই কান্দি উঠিল।
কিছুসময় বুকুখন পাতল কৰি সি বাপেকক বগা কাপোৰ এখনেৰে ঢাকি দিলে।
: ঐ শুনিছনে ? মই মানুহখিনিক খবৰ দিওঁ। কন্দা এৰ। বয়-বস্তু কি আছে দেউতাৰ লগত সকলো উলিয়াই দিবি।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment