মিছলীয়া তুমি
ভাৰতী বসুমতাৰী
ধেমাজি
মোক তুমি অনাকাংক্ষিত মৃত্যুদণ্ড দিছা
হ’লেও মোৰ মৃত্যু হোৱা নাই
দেখিছাই, গৈ আছোঁ
কেতিয়াবা আঘোণৰ পথাৰৰ লুংলুঙীয়া বাট এটাৰে
কেতিয়াবা কৃষ্ণচূড়াৰ পদপথেৰে
প্ৰচণ্ডভাৱে স্বাভিমানত আঘাট কৰিছা
কৰিছা আত্মসন্মানক থেকেচি টুকুৰা-টুকুৰ
তথাপিও নিজক ঢাকি ৰাখিছোঁ আত্মলজ্জাৰে
যেতিয়া তুমিও থিয় দি আছা আড়ম্বৰতাৰে
কবিতা, গান কিদৰে লিখা
ইমান নিখুঁত অভিনয়...
মই তোমাৰ অভ্যাসৰ দাসী আছিলোঁ, সেইবুলি নক’বা
তুমিহে দিনে দিনে দাস হৈ পৰিছিলা
কেৱল মোৰেই নে...
তুমি মিছলীয়া বাবেই তোমাক পঢ়োৱা হৈছিল মাজে মাজে সততাৰ পাঠ
ঘৰহীন বাবেই দেখুৱাই দিয়া হৈছিল ৰামৰ বনবাস
সেয়ে তুমি এতিয়া ৰাম
ওহোঁ নেভাৱিবা
ৰামৰ ভাৱত তুমি ৰাম হৈ গৈছা
তুমি যেতিয়া ভোকৰ নিচাত মত্ত
উন্মত্ত তৰুণীৰ তুমৰলি জোনাক
তোমাৰ চাৰিওকাষ
তুমি বেচ স্বাৰ্থপৰ বাবেই বেচ প্ৰেক্টিকেলো
কঠিনৰপৰা কঠিনতম অক্ষয়িঞ্চু শিলাখণ্ড তুমি
তোমাৰ বুকুত মৰমৰ ঢৌ নাই
আছে মগজুৰ শিৰাই শিৰাই মুনাফাৰ হিচাপ-নিকাচ
দেখিছিলোঁ,
তোমাৰ ঈপ্সাত দুচকুত কোনো পোহৰ কোনোদিন মোৰবাবে জ্বলি উঠা নাছিল
কেৱল সেই একেই অন্ধকাৰ
একেই মৃত ভ্ৰুণৰ অবৈধ চিৎকাৰ
তথাপি জুমি চাইছিলোঁ আঁউসীৰ মুগ্ধ ছায়া
আছিল মমৰ দৰে গলি নিজে
পোহৰ দেখাৰ এধানু হেঁপাহ
আচলতে কি হয় জানা
যি ৰাজ্যত দুঃশাসন থাকিব
যুগে যুগে দ্ৰৌপদীৰ বস্ত্ৰহৰণ হ'ব
যি বনত সোণৰ হৰিণ দৌৰিব
ভিক্ষাৰীৰ ভেশত চতুৰ ৰাৱণৰ আৱিৰ্ভাৱ হয়েই থাকিব।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment