মুকতাৰ আলীৰ ‘এপাচি সৰাপাত’ আৰু মোৰ অনুভৱ
জ্যোতিস্মিতা ৰাজবংশী
গুৱাহাটী
সাহিত্য সমাজৰ দাপোন য’ত যুগ যুগান্তৰৰ চিন্তা ভাৱনা, মত আদৰ্শ, সত্য, যুক্তি বিজ্ঞান আৰু কল্পনাৰ পৃথিৱীখন উদ্ভাষিত হৈ পৰে। কৃষ্টি, সংস্কৃতি, লোকাচাৰ আদিয়ে মূৰ্ত্তমণি হৈ পৰে সাহিত্যৰ ক্ষেত্ৰখনত। যুৱ কবি মুকতাৰ আলীৰ অন্যতম নতুন সংকলন ‘এপাচি সৰাপাত’। ইয়াৰ পূৰ্বেও ২০২২ চনত 'নীলিম' আৰু ২০২৩ চনত ‘তেজৰ চেঁকুৰা’ প্ৰকাশ পোৱাৰ পাছত ২০২৫ চনত ‘এপাচি সৰাপাত’ প্ৰকাশেৰে কবিতাপ্ৰেমী ৰাইজলৈ সু-খবৰ কঢ়িয়াই আনিছে। কোকৰাঝাৰ পৰ্বতঝোৰা সমষ্টিৰ মদাতী পাহাৰ অঞ্চলত ১৯৯৭ চনৰ ১০ ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা মুকতাৰ আলী কদম আলী আৰু খতেজা বিবিৰ সুযোগ্য সন্তান। বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানত অধ্যয়নৰত মুকতাৰ আলীয়ে একেৰাহে অসমীয়া সাহিত্য জগতৰ নৱতম সৃষ্টিৰাজিৰ স’তেও ওতঃপ্ৰোতভাৱে জড়িত। যুৱ কবিজনাই ২০২৫-২৬ বৰ্ষৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মুখপত্ৰ 'জীপাল'ৰ কাৰ্যকৰী সম্পাদকৰ পদ গ্ৰহণ কৰি কাব্যিক চিন্তাৰ অগ্ৰগতিত সহায় কৰিছে।
প্ৰকৃতিৰ প্ৰতিটো ছন্দয়ে কবিতাৰ আদিপাঠ। কবিৰ মৌন ওঁঠত বিৰাজমান হোৱা বাক্যৰ বাস্তৱৰূপ হৈছে কবিতা। জীৱন নামৰ বটবৃক্ষৰ সেউজীয়া চিন্তাধাৰাক কবিতাই জীপাল কৰি অধিক সেউজীয়া কৰি তোলে। সংবেদনশীল তৰুণ কবি মুকতাৰ আলীৰ মানস সন্তান ‘এপাচি সৰাপাত’, মিশ্ৰিত অনুভূতিৰ সংকলন।
বৰ্তমানৰ পৰিস্থিতিক প্ৰাধান্য দি কবিতাৰ সৃষ্টি প্ৰক্ৰিয়া অটুট ৰাখি কবি আৰু কবিতাক নিটোলকৈ বান্ধি ৰাখিছে—
কৰুণতা হতভম্ব/সন্ত্ৰাসবাদৰ অমানৱীয় কাণ্ড/পেহেলগামৰ ঘাঁহনিয়েও চিঞৰিছে/নৃশংস দৃশ্যৰ সাক্ষী হৈ।
সফল জীৱনবাটত আহি পৰা প্ৰত্যেকটো প্ৰত্যাহ্বানৰ আওটা লৈ সাঙুৰি লোৱা অনুভৱৰ টোপোলাত—
প্ৰত্যাহ্বান/এক নতুন দিগন্তৰ সন্ধান/য’ত সপোনৰ ঘুমটি ভাগে/বাটত কুঁৱলি তুষাৰ নামে/ক’লা ডাৱৰে প্ৰেৰণাৰ আকাশ আৱৰে।
কবিতা একোটাৰ প্ৰতিটো শব্দই নিৰ্বিকাৰভাৱে বৈ যায় কবিৰ বুকুৰ অন্তৰ্নিহিত কোনো কোণৰপৰা পঢ়ুৱৈৰ বুকুৰ গভীৰতালৈ—
মোৰ কবিতা/অকল কবিতা নহয়/মোৰ হৃদয়ৰ পৰা নিগৰা একো একোটি ভাব/ যি অনুভৱত মোৰ আশাই ৰূপ পায়/ মনে শান্তি পায়/জী উঠে মোৰ কলৰৱ।
যুৱ কবি মুকতাৰ আলীৰ কবিতাত স্পষ্ট হৈ পৰা সেউজীয়া অনুভৱ আৰু চিন্তাধাৰাবোৰ অধিক সেউজীয়া হৈ পৰক। আশা কৰোঁ “এপাচি সৰাপাত” কিতাপখনে সামৰা সেউজীয়া অনুভৱৰ টোপোলা পাঠকসমাজে আকুলতাৰে আকোঁৱালি ল’ব।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:
Post a Comment