দিপলীপ বৰা
নৱ প্ৰজন্মৰ অন্যতম প্ৰতিভাসম্পন্ন লেখিকা মুনমী দত্ত হাজৰিকা। বৰপেটা সাহিত্য সভাই প্ৰদান কৰা স্বৰ্গীয় দিলীপ শৰ্মা সোঁৱৰণী সাহিত্য বঁটা প্ৰাপ্ত চুটিগল্প সংকলন “এটা ভ্ৰান্তিৰ গল্প আৰু আঠটা কাহিনী” লেখিকা মুনমী দত্ত হাজৰিকাৰ তৃতীয়খন গল্প সংকলন। লেখিকাৰ এই সংকলনটি সাহিত্য জগতখনৰ বাবেও অনবদ্য অৱদান। তেওঁৰ আশে-পাশে ঘটি থকা ঘটনাৰাজিক, চৌপাশৰ পৃথিৱীখনক সামৰি লৈ নিজা চিন্তা, যথেষ্ট অধ্যয়ন আৰু নিজাকৈ আলফুল কল্পনাৰ সংমিশ্ৰণেৰে গল্প সংকলনটিক আটোমটোকাৰীকৈ সজাই তুলিবলৈ প্ৰয়াস কৰাটোৱেই তেওঁৰ সাৰ্থকতা বুলি মই ভাবো।
সংকলনটিৰ পাতনিৰ প্ৰতিটো শাৰীয়ে পঢ়ুৱৈৰ অন্তৰ কোমল কৰিব পৰাকৈ তেওঁ উল্লেখ কৰিছে “মোৰ খিৰিকী মুখৰ পৃথিৱীখনে দিয়া কথা, ছবি আৰু কাহিনীবোৰ সময়ৰ হাঁচতিত আঁতি আঁতি বান্ধি ৰাখিছিলোঁ। তাৰ মাজৰে এমুঠিক গল্পৰ ৰূপ দিয়াৰ প্ৰয়াস কৰিলোঁ। নাজানো এই প্ৰয়াসত আছেনে নাই শেষ ফাগুনত গছ ভৰি ফুলা নেমুফুলৰ সমান আশাৰ ভঁৰাল..... তথাপি লিখি পেলোৱাৰ অন্তত মোৰ বুকুত থূপ খাইছে চ'তৰ ছদিন যাওঁতে আমৰলি টোপৰ মাত শুনাৰ সমান সকাহ।” কিমান মোহ লগা কথাখিনি। এইখিনিৰেই আমি লেখিকাৰ ৰসাল সৃষ্টিশীল মনটোৰ উমান বাৰুকৈয়ে পাইছোঁ।
এতিয়া আহোঁ সংকলনটিৰ অন্তৰ্ভাগত সন্নিৱিষ্ট হোৱা গল্পকেইটিৰ ভিতৰভাগলৈ। সংকলনটিক লেখিকাই মুঠ ন টি গল্পৰে অলংকৃত কৰি আলফুলে সজাই তুলিছে।গল্পকেইটিৰ শিৰোনাম কেইটা উল্লেখ কৰা হৈছে তলত —
১/ এটা ভ্ৰান্তিৰ গল্প
২/ দংশন
৩/ শালকঠীয়া
৪/ চক্ৰবৎ
৫/ এটা জ্যেদকালীন গাঁত
৬/ লিটমাছত লিখা এখন দিনলিপি
৭/ মানচিত্ৰত ৰৈ যোৱা শুভ্ৰদ্ৰাংগী
৮/ পাতসীয়া চৰাইৰ সাধু
৯/ জলধিতৰংগ
প্ৰথমটো গল্পত নায়কক যেন এটা ভ্ৰান্তিয়ে অহৰহ বিভ্ৰান্তিত ৰাখিছে। বাস্তৱ আৰু কল্পনাৰ অপূৰ্ব সংমিশ্ৰণত পাঠকো কিছু বিভ্ৰান্তিত পৰিব। দ্বিতীয় গল্পটি “দংশন”। নায়কক ‘কৰ্পৰেট’ লাইফটোৱে দংশি আছে য'ৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি মনটো ঢাপলি মেলে অতীতলৈ।মনলৈ বাৰে বাৰে আহে হামদৈ পুলৰ জোনবাইজনী, গাঁৱৰ বৰসভা-ভাওনা চাবলৈ, নৃসিংহ মূৰাৰি ভাওনা চাবলৈ। আন এটা গল্প ‘শালকঠীয়া’। এই গল্পটিত মৰাণ বুঢ়াই শালকঠীয়া স্বৰূপ নিজৰ নাতিকেইটাক শৰাইঘাটৰ ৰণ আৰু দেশপ্ৰেমী বীৰ লাচিতৰ কাহিনী কৈ নজহা নপমা দেশপ্ৰেমী হ’বলৈ সিঁহতক উদ্ধুদ্ধ কৰিবলৈ চেষ্টা কৰিছিল। এতিয়াৰ শালকঠীয়াৰ দৰে নাতিহঁত সময়ত শক্তিশালী হৈ একো একোজন যোদ্ধা হৈ দেশখনৰ বাবে শক্তিশালী হৈ উঠক তাৰেই স্পষ্ট ছবি এখন প্ৰকাশ পাইছে গল্পটোৰ মাজেৰে।ঠিক সেইদৰে “এটা জ্যেদকালীন গাঁত” গল্পটোত প্ৰকাশ পোৱা মূল কথাখিনিক প্ৰিয় শাৰী কেইটাৰ মাজেৰেই পাঠকলৈ আগবঢ়াই দিলোঁ"চৌপাশৰ এমখা জিজিৰ মাজত মই নিজকে অকলশৰীয়া অনুভৱ কৰোঁ।জিজি মানে ‘জেনেৰেচন গামা’ৰ মাজত মই ‘জ্যেদ জেন’ নিসংগইটো হ’ম!" বৰ্তমান সময়ৰ পৰিৱৰ্তনৰ লগত নিজৰ খোজ মিলোৱাত যেন যথেষ্ট কষ্ট হৈছে গল্পৰ নায়কৰ । তেওঁ সেই সুমথিৰা সময়ক আহ্বান কৰিয়ে সেই সময়খিনিক বিসৰ্জন নিদিয়াকৈ নিজৰ মাজতে ধৰি ৰাখিব পাৰিলেই যেন তেওঁ সুখী হ’ব। “লিটমাছত লিখা এখন দিনলিপি” গল্পটোৰ বৰ্ণিত হোৱা পেইণ্টিং খনৰ যি বৰ্ণনা সেই বিষয়বোৰে পাঠকৰ মন মুগ্ধ কৰি তুলিছে। পেইণ্টিং খনৰ বৰ্ণনা দিছে লেখিকাই এইদৰে “শিলেৰে বন্ধোৱা খটখটীৰ দৰে ঠেক পথ এটাৰে এজন যুৱক উঠি গৈ তলৰ ৰৈ থকা এজন উঠিবৰ বাবে নিজৰ সাতখন মেলি দিছে। তলত থকা জনে সন্তোষিত মনেৰে সেই হাতখন খামুছি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিছে। শিলসাঁকোৰ উৰ্দ্ধত কাতিৰ কুঁৱলী ফালি ওলোৱা জালিকটা এচেৰেঙা ৰ’দ।" সৰু সৰু মানুহৰ সপোনবোৰো যেন সীমাবদ্ধ। সপোন দেখাৰ অধিকাৰখিনিৰ বাবেও যেন তেওঁলোকে বিচাৰি ফুৰিব লাগে।উন্নয়নৰ নামত সকলোফালে ফোপোলা স্বৰূপ বোৰ উদ্ভাসিত হোৱা দেখা গৈছে গল্পটোৰ মাজেৰে । ভুক্তভোগী মাথোঁ সৰু সৰু সহজ সৰল মানুহখিনি।গল্পটোত এই কথাখিনি স্পষ্ট। “পাতসীয়া চৰাইৰ সাধু" এই গল্পটিৰ শিৰোনামেই বিমুগ্ধ কৰিছিল মোক। পাঠক সমাজেও আকোঁৱালি ল’ব বুলিয়ে দৃঢ় বিশ্বাস। এখন নিভাজ গাঁৱৰ মন জুৰ পৰা চিত্ৰপটে গল্পটোৰ অন্তৰ্ভাগক অতি মনোগ্ৰাহী কৰি তুলিছে। এই যে “সাঁজ লগা পৰ।ভাদ মহীয়া নামঘৰৰ পৰা আতৌ-পুতৌকৈ হাঁচতিত বান্ধি অনা কেঁচা মিঠৈদোখৰ পানী পিঠা এটিৰ লগতে দি ফিকাচাহ এবাতি যতনাই ৰমলা বুঢ়ীয়ে বুঢ়ালৈ বাট চালে"। বাক্যকেইশাৰীয়ে গাঁও এখনৰ সহজ জীৱন একোটাক আটোমটোকাৰীকৈ সযতনে ৰখা ইজনে সিজনৰ নিভাজ মৰমখিনিক কি দৰে প্ৰস্ফুটিত কৰিছে সেয়া সংকলনটিৰ ভিতৰচোৱালৈ ভুমুকি মাৰিলেহে আমি অনুভৱ কৰিব পাৰিম। শেষৰটো গল্প ‘জলধিতৰংগ’। গল্পটিৰ মূল হৈছে নাৰীৰ পৰম সুখ প্ৰিয়জনৰ স্পৰ্শত সন্তান প্ৰাপ্তিত, প্ৰিয়জনৰ সান্নিধ্যত কিন্তু সকলো হেঁপাহক একাষৰীয়া কৰি অকন্তী জেঠায়ে প্ৰেমৰ আৱেশেৰে সামৰি ৰাখিলে ভতিজী জোনাকীক। তেওঁ জোনাকীৰ বাবেই সকলো ত্যাগ কৰিলে। নিজৰ বাবে স্বামী-সন্তানেৰে ভৰা সংসাৰ এখনত প্ৰেমক জলধিতৰংগ হৈ বৈ থাকিবলৈ নিদিলে।কেৱল ত্যাগ কৰিলে নিজক স্বাৰ্থপৰ মাক-পিতাকে নিথৰুৱাকৈ এৰি থৈ যোৱা দৰ্ভগীয়া জোনাকীজনীৰ বাবে।
আটাইকেইটা গল্প পঢ়ি গৈ থাকোঁতে অনুভৱ হৈছে আমাৰ জীৱনৰ চালিকা শক্তিক যেন কিছু ভ্ৰান্তিৰ আলোছায়াই অনবৰতে খেদি ফুৰে। পঢ়ুৱৈ সমাজৰ বাবে এইখন এখন উৎকৃষ্ট গল্প সংকলন।
কিছু কিছু ক্ষেত্ৰত লেখিকাই সৰহ বৰ্ণনাক বেছি প্ৰাধান্য দিয়া দেখা গৈছে।হয়টো সেয়া তেওঁৰ নিজস্ব অনুভৱৰ বহিঃপ্ৰকাশ। কিন্তু গল্প সংকলনটিৰ যি শব্দ আৰু ভাষা প্ৰয়োগ কৰিছে লেখিকাই সেয়াই পঢ়ুৱৈক বহু সময়লৈকে আপ্লুত কৰি যে ৰাখিব সেই কথাক নুই কৰিব নোৱাৰি। গল্প সংকলনটিত ব্যৱহাৰ হোৱা ভাষা বৰ্তমানৰ নৱ প্ৰজন্মৰ মাজত ব্যৱহৃত হৈ থকা ভাষা লগতে স্হানীয় কিছু মনোমোহা শব্দচয়নেও গল্প পুথিখনক আৰু অধিক মৰ্যাদা প্ৰদান কৰিছে।গল্পৰ উপস্থাপন ৰীতি খুব সাৱলীল ।এই সাৱলীলভাৱে উপস্থাপন কৰিব পৰা ৰীতিয়ে গল্প পুথি এখনক মাধুৰ্যমণ্ডিত কৰি তুলিব পৰাতেই গল্পকাৰৰ সাৰ্থকতা।মাটিৰ প্ৰাণ ঢালি মতলীয়া কৰা উপমাৰাজিয়ে পাঠক লৈ সুবাস বিয়পাইছে। ভাষাৰ প্ৰয়োগত কাব্যিকতাৰ পৰশে সোণত সুৱগা চৰাইছে লগতে গল্পসমূহত ভাৰতৰ ইতিহাস , সংস্কৃতি আদিৰ উল্লেখ হোৱাটো পঢ়ুৱৈসকলৰ বাবে আটাইতকৈ লাভজনক উপস্থাপন বুলি দৃঢ় বিশ্বাস।
শেষত এয়ে কামনা মুনমী দত্ত হাজৰিকাৰ এই কলমৰ গতি থমকি নৰৈ সুদীৰ্ঘ হওক। পাঠক সমাজেও কিতাপখনক আকোঁৱালি ল’ব আশা ৰাখি লেখিকাৰ যাত্ৰাপথে যেন দূৰ দিগন্তলৈ বিয়পি বিয়পি গৈ থাকক।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment