সাহিত্য নে প্ৰেম ?
মিনাৰুল আহমেদ
মোৰ কণ্ঠৰ সুৰ
কবিৰ দৰে মাধুৰ্যপূৰ্ণ নহয়!
কিন্তু কবিৰ দৰে লিখিব জানো,
কবিৰ দৰে অনুভূতি গাব নাজানো,
কিন্তু কবিৰ দৰে শব্দ সজাব জানো।
যদি কেতিয়াবা কবি হও,
মোৰ কবিতাৰ শিৰোনাম,
মোৰ কবিতাৰ প্ৰথম শাৰী,
মোৰ কবিতাৰ ছন্দ,
মোৰ কবিতাৰ প্ৰসঙ্গ,
তোমাৰ প্ৰেমৰ দ্বাৰাই প্ৰভাবিত হ’ব।
নাজানো কিয়,
একেৰাহে কবিতা লিখিবলৈ
বৰ মন যায়।
এয়া সাহিত্যৰ আসক্তি,
নে প্ৰেমৰ ভক্তি —
নাজানো।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment