তোমাৰে সনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

তোমাৰে সনা

 

তোমাৰে সনা 


                         প্ৰস্তুতি শৰ্মা

                           গোলাঘাট


শেতেলীখনত তোমাক খেপিয়াবলৈ লওতে 

তুমি জোনজনীৰ ওচৰলৈ যোৱাৰ কথাটো মনত পৰিল 

সেইদিনা আছিল পূৰ্ণিমা ৰাতি 

তুমি জোনৰ দেশলৈ গতি কৰিলা।

স্মৃতি বোৰ ক’ৰবাতে এৰি।

তোমাৰ সেলেঙীবোৱা মুখখন 

আজি স্মৃতি পটতত 

এহতীয়া ওৰণিৰ তলত ওলমি থকা ফাগুন ফুলা হাঁহিটো আকৌ বিচাৰো তোমাৰ।

আইতা বুকুত বৈ ৰবা তুমি 

স্মৃতি হৈ যুগ যুগ।

আশীৰ্বাদৰ হাতখন যদি আকৌ পালোঁ হয়।

উভতি চালে আকৌ মাতিবানে আইতা।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages