পুৰণা তলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

পুৰণা তলা

 

পুৰণা তলা 


                 মূল- হিন্দীঃ দৰজে লুন্পো 

              অনুবাদঃ  বিশ্বজিৎ শইকীয়া 


গাঁৱৰ পুৰণি তলাটো

এতিয়াও ধুনীয়া অক্ষত হৈ আছে;

ঘৰত কেতিয়াও কোনোৱে তলা আৰি পোৱা নাই

অথবা, কাৰো ঘৰত তলা উলমিবলৈ দিয়া নাই

গাওঁবাসীৰ বাবে তলাৰ প্ৰয়োজন হোৱা নাছিল। 


গাওঁখনেই আছিল নিৰাপত্তাৰ প্ৰথম নিৰ্বাচন

আটাইতকৈ বিশ্বাসযোগ্য


আধুনিকতাৰ দৌৰত 

গাওঁখনত বাৰুকৈ সৰিছিল সন্দেহৰ ছাঁ 

তেতিয়াৰ পৰাই মানুহবোৰ সলনি হ’ব ধৰিলে। 


তলাটো যদিও পুৰণা, ধুনীয়া আৰু অক্ষত হৈ আছে

মাথোঁ এতিয়া দৰকাৰ হৈছে 

এপাট চাবিৰ

পূৰ্ব পুৰুষে আমালৈ এৰি যোৱা উত্তৰাধিকাৰীৰ

পহৰা দিবৰ বাবে।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages