বিদায়
কবি- অশোক বাজপেয়ী
অনুবাদঃ জাহ্নৱী কাকতি
তুমি আঁতৰি যাবা
কিন্তু কিছু হ'লেও ইয়াতো থাকি যাবা
যিদৰে থাকি যায়
প্ৰথমজাক বৰষুণৰ পিছত
বতাহত মাটিৰ মিঠা গোন্ধ
ৰাতিপুৱাৰ পোহৰত
কিছু চন্দ্ৰটো
ধ্বংসস্তুপ হ’ব ধৰা মন্দিৰত
প্ৰাচীন নুপুৰৰ নুশুনা ঝংকাৰ।
তুমি আঁতৰি যাবা
কিন্তু অলপ হাঁহি
চকুৰ অলপ জিলিকনি
তোমাৰ হাতেৰে বনোৱা অলপ কফি
ইয়াতে থাকি যাব
প্ৰেমৰ এই মৰুভূমিৰ নিৰ্জনতাত
তুমি আঁতৰি যাবা
কিন্তু মোৰ ওচৰত
থাকি যাব
প্ৰাৰ্থনাৰ দৰে পবিত্ৰ
আৰু অদম্য
তোমাৰ উপস্থিতি,
ছন্দৰ দৰে প্ৰতিধ্বনিত হ’ব
তোমাৰ কাষত থকাৰ অনুভৱ
তুমি আঁতৰি যাবা
কিন্তু কিছু ইয়াতে থাকি যাবা।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment