টোপনি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

টোপনি

 


টোপনি


                        বিশ্বজিৎ শইকীয়া

                              কাৰ্বি আংলং


শতিকাটোৰ শেষত ময়ো শুম

টোপনি কিনাৰ গুণাগথা চলিছে

অমাৱস্যাৰ এহালি চকু পিন্ধি খেপিয়াই ফুৰিছোঁ এটুকুৰা প্ৰাচীন শিল

কড়ি পিন্ধা হাতখনে মাটিত মঙল চাই বিচাৰি আনিছে স্বপ্নমূৰ্তি কটা এমুঠি বোকা 

মাটিৰ মানুহৰ গাত তেতিয়ালৈকে নাথাকে তেজ।


মানুহৰ মৃত শৰীৰ এটা ঘুদালি নৈ লৈ বাট সজা হৈছে

দেউ লগা জৰীজোপাত বহি ৰৈ থাকে বাকৰ নাতিনীয়েক;

সেই ফালেদিয়েই মানুহবোৰে কান্ধত কঢ়িয়াই আনিছিল ইতিহাসৰ জৰায়ু

ডেউকা মেলি উম্ দিয়া হৈছে উশাহ। 


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages