তুমি মোৰ সপোন
ইৰা দেৱী
কাৱৈমাৰী, তেজপুৰ
তোমাৰ হাঁহিত দিনবোৰ উজ্বলি উঠে,
তোমাৰ মাতত সুৰ বাজে…
তোমাৰ স্পৰ্শত বতাহ স্নিগ্ধ হয়,
তুমি মোৰ হৃদয়ৰ গোপন আশা।
সূৰ্য উদয় হ’লে
তোমাৰ মুখখন দেখা পাব খোজোঁ,
বতাহ জাকত তোমাৰ সুবাস বিচাৰি ফুৰোঁ,
এতিয়া চোন বতাহটো বাজে তোমাৰ নাম,
নদীৰ ঢৌবোৰটো যেন তুমাৰই মাত,
চকুত তুমিয়েই প্রতিফলিত প্ৰতিটো ক্ষণত,
সপোনবোৰত তুমি হাঁহি থাকোতে,
মোৰ জগত সেউজীয়া হয়।
আকাশৰ তৰা যেন তোমাৰ চকু,
মোক তুলি ধৰে কোমল উজ্বলতাৰে,
তুমি মোৰ কবিতা, মোৰ গান,
তুমি মোৰ সপোনৰ সৌন্দৰ্য।
যদি পৃথিৱীৰ সকলো আঁতৰি যায়,
তুমি যেন সদায় মোৰ লগত থাকিবা,
তোমাৰ প্ৰেমতে মই ফুলিম,
তোমাৰ প্ৰেমতে মই জী উঠিম।।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment