লৃগাঙৰ বতৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

লৃগাঙৰ বতৰ

 


লৃগাঙৰ বতৰ


                     প্ৰিয়ংকা পেগু


বৰনৈৰ সিপাৰে ৰাঙলী শিমলুৰ তলত

কোন জংকীয়ে টুঃটক বজায়

পানেইজনীৰ বুকুত ঝংকাৰ তুলে?

সিপাৰৰ জংকীৰ টুঃটকৰ মাতে 

ইপাৰৰ পানেইৰ বুকু বাউলী নকৰেনে…!

মৰমৰ জংকী ঐ নবজাবিচোন টুঃটকৰ এই কৰুণ সুৰ...

গুমৰাগৰ ৰাগী লগা ঢোলটিকে বাবিচোন…

এয়া যে লৃগাঙৰ বতৰ।


কাষত কলচি লৈ ঐ-চেং-নাচেংসতে

বৰনৈৰ পাৰলৈ বাট বুলে,

কিজানিবা মতলীয়া ফাগুনে

কঢ়িয়াই প্ৰিয়তমৰ বতৰা !

সৌৱা চোৱা গিনমুৰ ঔচাৰে 

বিলাইছে লৃগাং অহাৰ বতৰা।

টুপ্  টুপ মুকুতাৰ মণিৰে সৈতে

কিমান যে হুমুনিয়াহ সৰিছে নিৰৱে...

মৰমৰ জংকী ঐ 

গুমৰাগৰ ৰাগী লগা ঢোলটিকে বাবিচোন এয়া যে লৃগাঙৰ বতৰ।।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages