বিষাদ গাথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

বিষাদ গাথা


 বিষাদ গাথা


                        শেৱালী বড়া

                      ছিপাঝাৰ, দৰং


নাহিবা বিষাদ তুমি দৈন্যতাই 

জুৰুলা কৰা চিনাকি চহৰখনত

পুনৰ অশান্তিৰ বীজ ছটিয়াবলৈ

আছো সুখে-দুখে হেঁপাহৰ সপোনবোৰক

আটোমটোকাৰিকৈ দুহাতে সাৱটি 

দুচকুত অযুত সপোনৰ ফেহুজালি    

নানা ৰঙী ফুলৰ মালা গাঁঁঠো  অহোৰাত্ৰি

পদূলিবোৰত জ্বলিছে  বিষাদৰ ছাকি

আপোনজনক হেৰুৱাই হৈছো বিচলিত

আবেগবোৰ হেঁৰাই হৈছো ভীতিগ্ৰস্ত

নিষ্ঠুৰ ধুমুহা জাকে নিলে মহতীয়াই

সুখৰ অমিয়া ধাৰা হঠাৎ আহি

হে উৰ্মিমালা নানিবা তুমি ধুমুহাজাক মাতি

ধুমুহা অকলে নাহে

লগত লৈ আহে বিধ্বংসী শিলাবৃষ্টি

ধুমুহাৰ সৈতে আমাৰ বহু যুগৰ চিনাকি

ধুমুহাৰ সৈতে খেলো,ধুমুহাৰ সৈতে যুঁজো

সমূদ্ৰৰ বিশাল গৰ্জন আৰু উৰ্মিমালাৰ 

দুদান্ত প্ৰকোপকো ভয় নকৰোঁ

নাহিবা তুমি বৰষা ঋতুত মুষলধাৰ বৃষ্টি হৈ

বানে গৰকা এলেকাত থাকো পোট খাই

নদীৰ গৰাখহনীয়াই বছৰি লৈ যায় উটুৱাই

ঘৰ, ভেটি, মাটি আৰু পশুধন সমূলি

নাই আমাৰ স্থায়ী ঠিকনা

অঘৰী সপোনবোৰ লৈ জীয়াই আছোঁ

মৰুভূমিত মৰীচিকাৰ সন্ধানত

নদীৰ শুকান বালিচৰতো বিচাৰো

জীয়াই থকাৰ সুক্ষ্ম সম্বল

নাহিবা বিষাদ তুমি আমাৰ ক্ষণভৰ জীৱনত 

সুখৰ দলিচাখনত দুখৰ ৰং বোলাবলৈ 

আছোঁ আমি দুখতেই মজি 

পাৰিবা জানো ধুই নিব অতদিনে

হৃদয়ত পুঞ্জিভূত হৈ থকা বিষাদৰ চকুপানী

নাহিবা বিষাদ শৰতে শৰতে শীতৰ তীব্ৰতা লৈ

কেটেৰা জাৰত থাকোঁ ঠেৰেঙা লাগি

মুধাফুটা পঁজাত সৰগৰ তৰা লেখি

জোনাকীৰ পোহৰত হিয়া জুৰাও 

জোনবাইৰ পোহৰত সপোন সজাও

নহওঁ আমি ৰজাঘৰীয়া 

নাই আমাৰ ৰাজ অট্টালিকা

নাই অত্যাধুনিকতাৰ কৃত্ৰিম প্ৰলেপ

তাকৰীয়া কাপোৰেৰে লওঁ উম

দৈন্যতাৰ আৱেষ্টনীত থাকিও 

দুবেলা দুমুঠি খাওঁ আখলৰ জুটিত।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages