নিৰাশা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

নিৰাশা

 

নিৰাশা


              শ্ৰীবিধান গগৈ

    ভটিয়াপাৰ, শিৱসাগৰ


দিয়া আজিয়েই দিয়াচোন

কালিলৈ কিয়?

কোনে জানে কালিলৈ বা

মোৰ কি হয়?

জগতত সুখ নাই, 

জগতত সুখ নাই,

জগতত হৈছে অন্ধকাৰ 

যেনিয়েই চাওঁ মাথোঁ দেখো

নিৰাশাৰ অথাই সাগৰ ।

মানুহৰ আশাবোৰ সংসাৰৰ

আশ্ৰয় বৃক্ষৰ পৰা

পৰিল বাগৰি,

নাই আৰু জীৱনত সুখ শান্তি।

ভাবিছিলো আকাশত

সোণৰ ঘৰ সাজিম 

পাতিম বুলি সুখৰ সংসাৰ।

বয়সবোৰো গৈছে বাগৰি

আশাবোৰো গৈছে মৰহি 

সংসাৰৰ বিকট আচৰণে

ভাঙি দিলেহি সেই সুখৰ সপোন।

“কোন কাৰ মৰমৰ,

কোন কাৰ চেনেহৰ,

এই দুচকুৰ মৰমত

 দুদিনীয়া সংসাৰত,

এঠাইৰ ৰূপ তৃষ্ণা

আন ঠাইত বুৰ যাব,

জহি খহি জৰী মৰমৰ।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages