মিচিং সমাজৰ ধৰ্মীয় চিন্তাধাৰাত নামঘৰৰ প্ৰভাৱ
অনুভৱ প্ৰিয়ম মিৰি
অৱতাৰণাঃ মিচিং সমাজত নামঘৰৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। পূৰ্ব আদিৰ পৰাই নামঘৰ মিচিং সকলৰ ধৰ্মীয় বিশ্বাসৰ মূল আধাৰ।নামঘৰক বাদ দিলে মিচিং সকলৰ আধ্যাত্মিক সমাজ সংস্কৃতি আধৰুৱা হৈ থাকিব। নামঘৰ হৈছে মিচিং সকলৰ অন্যতম উপাসনাৰ পীঠস্থান। নামঘৰতে মিচিং সকলে বিপদ-আপদৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱানক আৰাধনা কৰা দেখা যায়। ৰাইজৰ মংঙ্গলৰ কাৰণে নামকীৰ্তন, পালনাম আদি অনুষ্ঠিত কৰা হয়। ইয়াৰোপৰি নিজৰ ধৰ্মীয় নিয়ম-নীতিৰে পৰম্পৰাগত ভাৱে পালসেৱা সকাম, বৰসেৱাৰ সকাম আদি মাংগলিক কাৰোকাৰ্য সমূহ অনুষ্ঠিত কৰা হয়।
আলোচনাঃ নামঘৰৰ বুৎপত্তিগত অৰ্থ হ'ল ভক্তিভাৱে ভগৱানক পূজা-অৰ্চনা কৰি নামগুণ গোৱা পবিত্ৰ স্থান বা ঘৰ।য'ত ভক্তি ৰসেৰে সমৃদ্ধ হৈ থাকে দবা, মৃদং, খোলৰ গুঞ্জৰিত ঐক্যতান। নামঘৰত আধ্যাত্মিক ধৰ্মীয় বিশ্বাস পৰিপূৰ্ণ হৈ থাকে। ধৰ্ম শব্দটো সংস্কৃতৰ ‘ধৃ’ ধাতুৰ লগত মন প্ৰত্যয় সংযোগ হৈ সৃষ্টি হৈছে।ইয়াৰ অৰ্থ হ’ল যাৰ দ্বাৰা ধৰি ৰখা হয়। মিচিং সকলৰ সমাজ জীৱনত কেতিয়া নামঘৰ জড়িত হৈ পৰিছিল এইটো সঠিককৈ কোৱা টান। এইটো কোৱাৰ আগতে মিচিং সকলৰ বিষয়ে অলপ উল্লেখ কৰাটো প্ৰয়োজন হ'ব।মিচিং সকল চীন-তিব্বতীয় ভাষা গোষ্ঠীৰ লোক। তেওঁলোক উৰ্বৰা খেতি মাটিৰ সন্ধানত দক্ষিণ চীন সীমান্তৰ পৰা তিব্বতীয় হৈ কালক্ৰমত অসম অৰুণাচলত প্ৰৱেশ কৰে।আনুমানিক অসম অৰুণাচলত নৱম দশম শতিকা মানতে প্ৰৱেশ কৰে আৰু অসমকে খেতিৰ উপযুক্ত বুলি বিবেচনা কৰি ইয়াতে খেতিক জীৱিকাৰ মূল আধাৰ হিচাপে লৈ জীৱন নিৰ্বাহ কৰিবলৈ লয়। ১৪ শ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম হয়।তেওঁ বৈষ্ণৱ ধৰ্ম বা একশৰণ নামধৰ্ম প্ৰতিষ্ঠা কৰে। তেওঁ জাতি বৰ্ণৰ ভেদাভেদ পৰিহাৰ কৰি পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একশৰণ নামধৰ্ম প্ৰচাৰ কৰে।সেই সময়তে মিচিং সকলৰ সন্তান পৰমানন্দ আতা শংকৰদেৱৰ নামধৰ্মৰ আদৰ্শত আকৃষ্ট হৈ শৰণ লয়। সম্ভৱতঃ পৰমানন্দ আতাৰ শৰণ লোৱাৰ দিনৰ পৰাই লাহে লাহে মিচিং সমাজৰ মাজত নামঘৰ প্ৰতিষ্ঠা হ’বলৈ ধৰিলে। তেতিয়াৰ পৰাই মিচিং সকলে মহাপুৰুষীয়া নামধৰ্মত শৰণ লৈছিল আৰু মহাপুৰুষৰ ধৰ্মীয় নীতিৰ আধাৰত নামঘৰত নাম-কীৰ্তন, ভাওনা, আদি অনুষ্ঠান পালন কৰিবলৈ লয়। এইখিনিতে প্ৰসংগক্ৰমে এটা কথা উল্লেখ কৰা উচিত হ'ব যে মিচিং সকলে নামঘৰক গাংগৃং (Ganggíng) বুলি কোৱা হয়। তেওঁলোকে গাংগৃঙত অপায়-অমঙ্গলবোৰ দূৰ কৰাৰ উদ্দেশ্যে তেওঁলোকৰ সৃষ্টিকৰ্তা দঃঞি পঃলক স্বকীয় ধৰ্মীয় পৰম্পৰাৰে আঃবাং বা প্ৰাৰ্থনা কৰা দেখা যায়। অৰুণাচলৰ তানি জনগোষ্ঠীৰ সমাজ জীৱনৰ মাজত এই গাংগৃঙৰ পৰম্পৰা অধিক প্ৰচলিত হোৱা দেখা যায়।আদি মিচিং সকলেও ইয়াৰ ব্যতিক্ৰম নহয়। ধৰ্মীয় বিশ্বাস অনুসৰি বৰ্তমান অসমৰ মিচিং সকলৰ মাজতো গাংগৃঙৰ পৰম্পৰা কমকৈ হ'লেও দেখিবলৈ পাওঁ। গাংগৃঙত উপসনা কৰা ধৰ্মক মিচিং সকলে দঃঞি-পঃল ধৰ্ম বুলি কোৱা হয়।এই দৃষ্টি-ভংগীৰে চালে মিচিং সকল দ্বৈত ধৰ্ম পালন কৰা দেখা যায়। কাৰণ মিচিং সকলে কেৱল গুৰুজনাৰ ধৰ্মকে পালন কৰা নাই। তেওঁৰ প্ৰৱৰ্তন কৰা ধৰ্মকো মিচিং সকলে ভক্তি ভাৱেৰে শ্ৰদ্ধা জনাই সমানে স্বকীয় ধৰ্মকো সমাজ সংস্কাৰৰ বাবে পালন কৰা পৰিলক্ষিত হয়।লক্ষণীয় যে মিচিং সকলৰ ধৰ্মীয় সমাজ ব্যৱস্থাত দঃঞি-পঃল ধৰ্মৰ প্ৰভাৱ বিভিন্ন মাংগলিক সকাম-নিকামত বিদ্যমান। ইয়াৰ পৰাই মিচিং সকলৰ নিজৰ ধৰ্মীয় পৰম্পৰাত সচেতনতাৰ পৰিচয় পোৱা যায়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মহাপ্ৰয়াণৰ পিছত শংকৰদেৱৰ নামধৰ্ম বা একশৰণ ধৰ্ম চাৰি ভাগত বিভক্ত হয়। তাৰে এটা ভাগ হৈছে কাল সংহতি ধৰ্ম।এই ধৰ্মটো শংকৰদেৱৰ মূল ধৰ্মৰ কিছু নিয়ম-নীতি অলপ ইফাল-সিফাল কৰি গোপালদেৱে প্ৰৱৰ্তন কৰিছিল। তেওঁ কালঝাৰ নামৰ ঠাইৰ পৰা ধৰ্ম প্ৰচাৰ কৰিছিল বাবে এই ধৰ্মক কাল সংহতি ধৰ্ম বুলি কোৱা হয়। এই ধৰ্মৰ মূল আদৰ্শ হ’ল সমাজখনক আধ্যাত্মিক ধৰ্মীয় চিন্তা চেতনাৰ জৰিয়তে ঐক্য স্থাপন কৰি সংস্কাৰ সাধন কৰা।সকলোকে সমানে সন্মান দিয়া।বিশেষকৈ কাল সংহতি ধৰ্মৰ কঠোৰ নিয়ম-নীতিৰ শিথিলতালৈ চাই মিচিং সকলে এই ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ আচাৰ্যৰ ওচৰত বেছিকৈ শৰণ-ভজন লয়।ফলত তেওঁলোকে কাল সংহতি ধৰ্মকে মিচিং ধৰ্মীয় সমাজ ব্যৱস্থাত কেৱলীয়া ধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। অসমৰ অন্য জনজাতিৰ তুলনাত মিচিং সমাজতে কেৱলীয়া ধৰ্ম অধিক প্ৰচলিত হৈ আছে।মিচিং সকলে নামঘৰৰ বিভিন্ন মাংগলিক সকাম-নিকামকে ধৰি ঘৰুৱা সকাম-নিকামৰ ক্ষেত্ৰতো কেৱলীয়া ধৰ্মৰ নিয়ম অনুসৰিয়ে সম্পাদনা কৰা দেখা যায় যদিও এই সকামবোৰত তেওঁলোকৰ স্বকীয় পৰম্পৰা বিৰাজমান হৈ থাকে। তেওঁলোকে মাংগলিক সকামত মাছ-মাংস, মদ আদি ব্যৱহাৰ কৰে কিন্তু মহাপুৰুষীয়া নামধৰ্মত এইবোৰ খাদ্যবস্তু ব্যৱহাৰ কৰিব নোৱাৰে। মিচিং সকলৰ মাজতো এচাম লোকে মহাপুৰুষীয়া নামধৰ্মত দীক্ষিত হৈ এই ধৰ্মৰ নিয়ম-নীতিৰে পৰিচালিত হোৱা দেখা যায়।চমুকৈ এই ধৰ্মাৱলম্বী লোকসকলক ভাগৱতীয়া বুলি কোৱা হয়। তেওঁলোকে নামঘৰৰ নাম-প্ৰসংগৰ অনুষ্ঠানত প্ৰসাদ হিচাপে বুট, মগু, নাৰিকল, কল আৰু পায়স আদি ব্যৱহাৰ কৰে।ঘৰুৱা সকামতো সম্পূৰ্ণ মাছ-মাংস আপং নিষিদ্ধ কৰা হয়। মানুহ মৃত্যু হ’লেও মহাপুৰুষীয়া ধৰ্মৰ নীতিৰ মতে মৃতদেহ সংস্কাৰ কৰে। ইয়াৰ বিপৰীতে কেৱলীয়া ধৰ্মৰ নীতিৰে পৰিচালিত মিচিং সকলে নামঘৰ আৰু ঘৰুৱা নাম-প্ৰসংগৰ অনুষ্ঠানত মাছ মাংস ব্যৱহাৰ কৰা দেখা যায়। মানুহ মৃত্যু হ’লে নিজৰ ধৰ্মীয় বিশ্বাস অনুসৰি কবৰ দিয়া হয়।মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে তিনিদিনত শুচি তিলনীৰ পৰ্ব সমাপন কৰি সুবিধা অনুযায়ী দুই তিনি বছৰৰ মূৰত বা পাছত শ্ৰাদ্ধ বা দদগাং পতা হয়।
মিচিং সকলৰ বাবে নামঘৰ হৈছে পবিত্ৰ মাংগলিক অনুষ্ঠানৰ অতি প্ৰয়োজনীয় উপাসনাৰ স্থল। তেওঁলোকে নামঘৰক পবিত্ৰ তীৰ্থস্থান হিচাপে গণ্য কৰে। তেওঁলোকে ৰাইজৰ ধৰ্মীয় অনুষ্ঠানবোৰ নামঘৰতে ৰাজহুৱা ভাৱে আয়োজন কৰি আহিছে। ৰাইজৰ নিয়ম অনুসৰি নামঘৰত নাম-কীৰ্তন পৰিৱেশন কৰাৰ উদ্দেশ্যে প্ৰতিটো দেওবাৰে ৰাজহুৱা ভাৱে গেনা কৰা হয়। কিছুমান গাঁৱত এমাহৰ মূৰত গেনা কৰা হয়।সেই দিনা ঘৰে ঘৰে নাম কীৰ্তনৰ নামত এবাতিকৈ চাউল সংগ্ৰহ কৰে।এই চাউল বিক্ৰী কৰি নাম-কীৰ্তনৰ অনুষ্ঠান ভাগ আয়োজনৰ বাবে প্ৰয়োজনীয় বয়-বস্তু কিনা হয়।সেই দিনা নামঘৰত গোট খোৱা লোক সকলে পবিত্ৰ মনে ৰাইজৰ মঙ্গলৰ অৰ্থে ৰাজহুৱা ভাৱে নাম-কীৰ্তনৰ অনুষ্ঠান পৰিৱেশন কৰে আৰু থাপনাত ধূপ চাকি জ্বলাই ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰে। ইয়াৰোপৰি মিচিং সকলে ৰাজহুৱা ভাৱে নামঘৰত পালসেৱা, বৰসেৱাৰ সকাম আৰু কেতিয়াবা গাঁৱত বেমাৰ-আজাৰ অধিক হ'লে আই স্তুতি পালন কৰা দেখা যায়। পালসেৱাৰ সকাম এমাহৰ মূৰে মূৰে পালন কৰাৰ লগতে বৰসেৱাৰ সকাম এবছৰৰ মূৰত এবাৰ পালন কৰা হয়।ৰাইজৰ নিয়মৰ সিদ্ধান্ত অনুসৰি পালসেৱাৰ সকাম পালন কৰিবলৈ গাঁৱত ৰাইজৰ মাজত দহ/বাৰ ঘৰৰ হিচাপত কেইবাটাও ভাগত ভাগ কৰি দিয়া হয়। এই ক্ষেত্ৰত মূখ্য ভূমিকা গ্ৰহণ কৰে গাঁও উন্নয়ন সমিতি বা পৰিচালনা সমিতিয়ে। মাহে মাহে উক্ত সমিতিয়ে এইসকল গৃহস্থৰ ঘৰে ঘৰে গৈ অৱগত কৰে। এই গৃহস্থ সকলে কেৱলীয়া ভকত মতাৰ পৰা আৰম্ভ কৰি পালসেৱা সকামৰ সকলো প্ৰয়োজনীয় বয়-বস্তু যোগাৰ কৰে। পালসেৱাৰ সকাম কেৱলীয়া ভকত সকলৰ দ্বাৰা ৰাতি নামঘৰত আয়োজন কৰা দেখা যায়। পালসেৱাৰ সকাম পালন কৰিবলৈ ৰঙা মতা কুকুৰা দৰকাৰ হয়। এই সকামত ৰাইজ আৰু ভকত সকলে পৰম্পৰাগত আপং (মদ) খাদ্যৰ লগত মাছ-মাংস ব্যৱহাৰ কৰি আহিছে।উল্লেখ্য যে এই দিনা ৰাইজৰ মঙ্গলৰ অৰ্থে পালসেৱা সকামত নামঘৰ ডাঙৰীয়াক পূজা কৰা হয়। ইয়াৰোপৰি নামঘৰত বৰসেৱা সকাম বছৰৰ ফাগুন মাহত এবাৰে ৰাজহুৱা ভাৱে পালন কৰা হয়। এই সকাম ভাগ পাতিবলৈ ৰাজহুৱাভাৱে গাঁৱত গেনা কৰা হয়। গাঁও ৰাইজে এই সকামৰ বাবে আগতীয়াকৈ আপং (মদ) প্ৰস্তুত কৰে আৰু বাজেট প্ৰস্তুত কৰি প্ৰয়োজনীয় বয়-বস্তু যোগাৰ কৰা হয়। বিশেষকৈ বৰসেৱা সকামৰ কাৰণে তিনিটা কুকুৰাৰ প্ৰয়োজন হয়। এটা ৰঙা মতা কুকুৰা, এটা ৰঙা মাইকী কুকুৰা,এটা বগা মাইকী কুকুৰা। ৰাইজৰ মঙ্গলৰ অৰ্থে ৰঙা মতা কুকুৰাক নামঘৰ ডাঙৰীয়াক, ৰঙা মাইকী কুকুৰাক লখিমী আইক আৰু বগা মাইকী কুকুৰাক ওপচনী আইক অৰ্পন কৰি পূজা কৰা হয়।এই সকাম ভাগ সম্পূৰ্ণ কেৱলীয়া ভকতৰ নিয়ম অনুসৰি দিনত আয়োজন কৰা হয়। ঠাই বিশেষে এই ভাগ সকাম ৰাতিও আয়োজন কৰা দেখা যায়। ভকত সকলে নিয়ম অনুসৰি এই ভাগ সকাম বিহাৰ যোৱা পৰ্বৰে সমাপন কৰে। এই দিনা ঋতুস্ৰাৱ হোৱা মহিলা সকলক নামঘৰত প্ৰৱেশ কৰিব দিয়া নহয়। বিশ্বাস কৰা হয় যে এইবোৰ সকাম নামঘৰত নকৰিলে গাঁৱত বেমাৰ-আজাৰ বেছি হয় আৰু খেতি পথাৰ ভাল নহয়।নামঘৰত বৰসেৱা সকাম সমাপন কৰাৰ এমাহৰ পাছত ৰাইজৰ মঙ্গলৰ বাবে ৰঙা মতা কুকুৰা এটা মনিকূটত এবছৰৰ বাবে আঁক-বন কৰা হয়। এই কাৰ্যক থপনা বুলি কোৱা হয়।তেতিয়াৰ পৰা মনিকূটতো এবছৰৰ বাবে বন্ধ কৰি দিয়া থাকে। উল্লেখ্য যে কিছুমান ঠাইত প্ৰয়োজন সাপেক্ষে ভাওনাও আয়োজন কৰা পৰিলক্ষিত হয়। বিশেষকৈ বেদ-শাস্ত্ৰৰ কাহিনীৰ আধাৰত ভাওনা অনুষ্ঠান পতা হয়। ইয়াৰোপৰি ৰাইজে অপকৰ্ম কৰি ধৰা পৰা গাঁৱৰ অপৰাধী লোকসকলক এনেকুৱা কাম পুনৰাবৃত্তি নকৰিবলৈ ধূপ চাকি জ্বলাই নামঘৰত শপত খাবলৈ দিয়া হয় আৰু আত্মশুদ্ধি আৰু সংশোধন কৰিবলৈ সুযোগ দিয়া হয়।
উপসংহাৰঃ মিচিং সকলৰ বাবে নামঘৰ হৈছে ৰাইজৰ মিলনৰ স্থলী আৰু আধ্যাত্মিকতাৰ মূল আধাৰ। তেওঁলোকৰ বাবে নামঘৰ আধ্যাত্মিকতাৰ মূল কেন্দ্ৰীয়বিন্ধু। তেওঁলোকেও নামঘৰতে চৰ্চা কৰি আহিছে বেদ-উপনিষদ, গীতা ভাগৱতৰ শাস্ত্ৰবোৰ। নামঘৰতে গঢ় লৈ উঠে তেওঁলোকৰ ধৰ্মীয় চেতনা আৰু বিশ্বাস। ধৰ্মীয় আচাৰ ব্যৱহাৰে তেওঁলোকৰ সমাজক নৈতিকতাৰ শিক্ষা দিয়ে। যেনেকৈ নামঘৰ সদায় পৰিস্কাৰ হৈ থাকে ঠিক তেনেকৈ নামঘৰত গৈ নাম-কীৰ্তনত ভাগ লোৱা মানুহৰ মনবোৰো পৰিস্কাৰ হৈ পৰে।নামঘৰে তেওঁলোকৰ সমাজ ব্যৱস্থাক মিলা-প্ৰীতিৰে বসবাস কৰাত সহায় কৰিছে। নামঘৰত চাকি বন্তি জ্বলাই পবিত্ৰ মনে সেৱা ল'লে তেওঁলোকৰ জীৱনৰ দুখ-দুৰ্গতিবোৰ দূৰ হয় বুলি বিশ্বাস কৰে। ইয়াৰোপৰি নামঘৰে মিচিং সকলক সংস্কাৰী, দায়বদ্ধতা, ধৰ্মীয় সংস্কৃতি, ধৈৰ্য আৰু ত্যাগৰ শিক্ষা দি আহিছে। নামঘৰৰ ভক্তি ৰসৰ জৰিয়তে মিচিং সমাজ জীৱনৰ এনাজৰীডাল শান্তিৰ বাণীৰে বান্ধ খাই আছে।
ঠিকনাঃ ভৰতচুক, লখিমপুৰ
ডাকঃ বগুম
পিনঃ ৭৮৭০৫৫
ফোনঃ৯৩৬৫১০০০৭৫
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment