মহান শিল্পী জুবিন গাৰ্গৰ জীৱনৰ সোণালী যাত্ৰা
দীপ্তি ঠাকুৰ গোস্বামী
আমাৰ মৰমৰ অকণিহঁত, তোমালোকক আজি এনে এজন মহান ব্যক্তিৰ বিষয়ে ক’ম হয়তো তোমালোকে বহুত কথা জানা তথাপিও মই একলম লিখি তোমালোকক জনাম বুলি ভাবিয়েই কলমটো হাতত তুলি ল’লোঁ। যিহেতু আমি মহান পুৰুষসকলৰ আদৰ্শৰে আদৰ্শিত হ’লে তোমালোকৰ জীৱনো সেন্দূৰীয়া পথৰ পথিক হ’ব পাৰিব।
“মহা মহা পুৰুষৰ চানেকীৰে জীৱনৰ,
আমিও কৰিব পাৰোঁ জীৱন গঢ়িত,
অভিনয় শেষ হ’লে আয়ু-বেলি মাৰ গ’লে,
থই যাব পাৰোঁ খোজ সময়-বালিত।”
সেইজন হ’ল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। তেখেত ১৯ ছেপ্টেম্বৰ ২০২৫ তাৰিখে আমাক শোক সাগৰত পেলাই স্বর্গগামী হ’ল। যদিও এই মহান শিল্পীজনা কায়িকভাবে আমাৰ মাজত নাই তথাপি তেওঁ আমাৰ হৃদয়ত সদায়েই সজীৱ হৈ থাকিব এপাহ পদুম ফুল হৈ। তেখেতৰ বিদায় বেলাত দেশে-বিদেশে লাখ-লাখ মানুহে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। হিয়াৰ আমঠু পাখি মেলি উৰি গ’ল অজান দেশলৈ, দি থৈ গ’ল সঙ্গীতৰ বিশাল ভাণ্ডাৰ। অমূল্য ৰত্ন আমাৰ উজ্জ্বল হীৰাৰ টুকুৰা ১৯৭২ চনৰ ১৮ নৱেম্বৰত জন্মগ্রহণ কৰি ১৯ ছেপ্টেম্বৰ ২০২৫ তাৰিখে মাত্র ৫২ বছৰ বয়সৰ ভিতৰত তেওঁ চল্লিশটা ভাষাত আৰু প্রায় চল্লিশ হাজাৰ গীত গাইছিল। কিছুমান লোকে নিজৰ মাতৃভাষাকে ভালদৰে আয়ত্ত কৰিব নোৱাৰে সেই মহান শিল্পীজনাই চল্লিশটা ভাষা আয়ত্ত কৰি তেওঁৰ গীতৰ সুৰেৰে মানুহক সমন্বয়ৰ সোণালী সূতাৰে বান্ধিছিল। তেখেতৰ সংগীতৰ বিশাল সাগৰখনত বান্ধি থৈ গৈছে সমন্বয়ৰ সেঁতু। আমাৰ বুকুৰ আপোন হিয়াৰ আমঠু সংগীতৰ কিংবদন্তি এই মহান শিল্পীজনাৰ সংগীতসমূহ তোমালোকে অধ্যয়ন কৰিব লাগিব। কঠোৰ পৰিশ্ৰমৰ মাজেৰে এইদৰে শিল্পীজনা সোণালী জখলাত উঠিবলৈ সক্ষম হৈছিল। সেয়েহে তোমালোকো এই মহান শিল্পীজনাৰ আদৰ্শৰে আদৰ্শিত হ’বা। তেখেতৰ সঙ্গীতসমূহ ভাল পালেই নহ’ব যুগ যুগলৈকে জীপাল কৰি ৰাখিব লাগিব শিল্পীজনাৰ সংগীতৰ মণি-মুক্তাৰ ভঁৰাল। তেওঁ চল্লিশটা ভাষাত গীত গাইছিল সেইসমূহ হ’ল- অসমীয়া, বাংলা, গুজৰাটী, হিন্দী, কন্নড়, কাশ্মীৰী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উড়িয়া, সংস্কৃত, সিন্ধি, তামিল, তেলেগু, টাই, উর্দু, বড়ো, মৈথিলী, সম্ভালী, কোঁচ ৰাজবংশী, বাগানীয়া গীত আৰু বিভিন্ন স্থানীয় ভাষাত। তেওঁৰ পিতৃ-মাতৃ, পৰিয়ালৰ লগত আছিল যিদৰে মধুৰ সম্পৰ্ক, তেনেদৰে সমাজৰ প্ৰতিজন ব্যক্তিৰ লগতো আছিল এক নিবিড় ভালপোৱা। এই আদৰ্শৰাজি নতুন প্ৰজন্মৰ কাৰণে এটা সেন্দূৰীয়া পথৰ চানেকী। সংগীতৰ জগতৰ লগত চিনাকি কৰি দিয়া তেওঁৰ মাতৃৰ কাৰণে এই গীতটো লিখিছিল। কিমান সুন্দৰ, কিমান হৃদয়স্পর্শী- “গান এটি গোৱানা অ’ মোৰ মা হাত বুলাই দিয়ানা অ’ মোৰ মা…”
এইবোৰ কিমান সুন্দৰ নিদৰ্শন। তোমালোকে এই মহান শিল্পীজনাৰ আদৰ্শৰে আগবাঢ়ি যাবা। তেখেতৰ গীতত এনেকুৱা এটা যাদু আছিল শিশুৰপৰা বৃদ্ধজনলৈকে সকলোৱে তেওঁৰ গীত শুনি আনন্দিত হৈছিল। দেখা যায় ঠুনুক ঠানাক মাত ফুটা শিশুৱেও শিল্পীজনাৰ এই গীতটো গাই গাই আনন্দ লাভ কৰে।
“মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা...।”
তেওঁ শিশুৰপৰা বৃদ্ধজনলৈকে সকলোৱে অন্তৰত স্থান লাভ কৰিছিল। আকৌ তোমালোকক সংগীতৰ সোণালী যাত্ৰাৰ বিষয়ে ক’ম। যিহেতু এই মহান শিল্পীজনাৰ কথা ইতিহাৰ পৃষ্ঠাত সোণালী আখৰেৰে লিপিৱদ্ধ কৰি ৰাখিব লাগিব ভবিষ্যৎ প্ৰজন্মৰ কাৰণে।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:
Post a Comment