নৱবৰ্ষৰ নিচাত আমিবোৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 4, 2026

নৱবৰ্ষৰ নিচাত আমিবোৰ


 নৱবৰ্ষৰ নিচাত আমিবোৰ


পৱিত্ৰ কুমাৰ পাংগিং

                      

     ৱবৰ্ষ বুলি ক'লে সাধাৰণতে আমাৰ মাজত এক উখল-মাখল, উৎসৱমুখৰ পৰিৱেশে বিৰাজমান হোৱা দেখা যায়। প্রত্যেকজন মানুহৰ মন মগজুত এটি বুজাব নোৱাৰা আনন্দৰ মুহূৰ্তই যেন আগুৰি ধৰে। নৱবৰ্ষই আমাৰ মাজলৈ অতীতৰ দুখ কষ্ট আৰু বেয়া দিনবোৰ পৰিহাৰ কৰি এক ন-কুহিপাতৰ দৰে নতুন দিনৰ ন-দিগন্ত সূচনা কৰি শুভ সংবাদ কঢ়িয়াই আনক এইয়া সকলোৰে কামনা। দিন মাহ গৈ গৈ এটা বছৰৰ অন্ত পৰে। এটা বছৰৰ অন্ত পৰাৰ লগে লগে আন এটি বছৰৰ আৰম্ভ হয়। এই নতুন বছৰটিক আৰু শেষ হৈ যোৱা বছৰটিক সকলোৱে হাঁহি স্ফুর্তিৰে বিদায়, স্বাগতম জনোৱাৰ হেঁপাহেৰে প্ৰত্যেকজন ব্যক্তিয়ে বছৰটিৰ শেষত আৰু আৰম্ভণিত প্রীতিভোজৰ স্হলীত হেতা-ওপৰে। নিজৰ নিজৰ এৰি অহা স্মৃতিবোৰ কোনোবা এচুকত শুকান পাতৰ দৰে সেমেকি ৰৈ যায়। এই স্মৃতিবোৰে কাৰোবাক কাৰোবাক আমনি কৰে আবেগিক কৰি তোলে এইয়া স্বাভাবিক। কোনোবা আকৌ নতুন বছৰটিত ন-কৈ সপোন দেখি জীৱনৰ প্ৰৱাল সোঁতত গতি কৰাৰ মানসেৰে নিজকে প্রস্তুতি চলাই। এনেকৈয়ে এটা বছৰৰ অন্ত পৰে আৰু আন এটি বছৰৰ শুভাৰম্ভ হয়।

         সময় গতিশীল, সময় কাৰো বাবে ৰৈ নাথাকে। সময়ক বাধা দিবও নোৱাৰে। সময়ে নিজস্ব গতি-পথত গতি কৰিয়ে থাকিব। এইয়া চিৰন্তন সত্য। সময় যোৱাৰ লগে লগে দিনো যাব আৰু দিন যোৱাৰ লগে লগে মাহ বাগৰে। ঠিক তেনেকৈ মাহ যোৱাৰ লগে লগে বছৰো যাব। দিন, মাহ, বছৰ এনেকৈয়ে পাৰ হৈ যায়। আমিবোৰ কেৱল স্মৃতিবোৰ বুকুত কঢ়িয়াই জীৱনত পোৱা সুখ-দুখবোৰ অনুভৱ কৰি সময়বোৰ পাৰ কৰোঁ। সময় এনেকুৱাই। ইয়াতে আমি জনাটো অতিকৈ আৱশ্যক অনুভব কৰো যে সময়ৰ প্ৰতিটো মুহূর্তই আমাৰ বাবে মূল্যবান আৰু এই মূল্যবান সময়ৰ প্ৰতিটো মুহূর্তই আমাৰ বাবে নতুন সময়। এই নতুন সময়ে আমাৰ জীৱনলৈ কঢ়িয়াই আনে সুখ-দুখ, হাঁহি-কান্দোনেৰে ভৰি পৰা এক অনন্য জীৱন। এই জীৱনটোক সুন্দৰ ৰূপত জীপাল কৰি তুলিবলৈ আমিবোৰ দিনে-নিশাই কষ্ট কৰোঁ। এই কষ্ট যেতিয়া সার্থক হয় তেতিয়া আমি পৰম তৃপ্তি অনুভৱ কৰোঁ। কিন্তু যদিহে কষ্টৰ ফল নেপাওঁ তেতিয়া আমাৰ মনত জীৱনৰ প্ৰতি বিৰক্তি অনুভৱ কৰোঁ। এইয়া জীৱনৰ মজিয়াত পোৱা এটি উদাহৰণহে মাথোঁ। এনেবোৰ পৰিস্থিতি, পৰিৱেশ জীৱনত আহে আৰু যায়। জীৱনত সফলতা কেতিয়াও শেষ নহয় তেনেকৈ বিফলতাও শেষ নহয়। এইবোৰ মানৱ জীৱনৰ প্ৰৱাল সোঁতত অংকুৰিত একোখন জীৱন্ত প্রতিচ্ছবি।

         নৱবৰ্ষ অহাৰ উমান পালেই সকলোৰে মনত এক বুজাব নোৱাৰা আনন্দৰ জোৱাৰে ঢৌ তুলে। চ'ত, বহাগ মাহ অহাৰ উমান পালে যেনেকৈ কুলি কেতেকীৰ হিয়া ৰজনজনাই ঠিক তেনেকৈয়ে মানুহৰ মনো তাৰ ব্যক্তিক্ৰম নহয়। শেষ হোৱা বছৰটিক বিদায় জনোৱাৰ দুৰ্বাৰ হেঁপাহ আৰু নতুন বছৰটিক লগ সমনীয়াৰ সৈতে প্রীতিভোজেৰে আদৰণী জনোৱাৰ পৰম্পৰা এইবোৰ আগৰ পৰাই চলি আহিছে আৰু চলি যাব। এইবোৰ মানৱ সমাজৰ জীৱন প্ৰণালী আৰু কৃষ্টি সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগস্বৰূপে প্ৰচলিত হৈ আহিছে। আৰু ইয়াক সকলোৱে মিলাপ্রীতিৰে বা প্রীতিভোজেৰে আদৰণী জনোৱাটো স্বাভাৱিক। তাত কাৰো দ্বি-মত নাই আৰু থাকিব নোৱাৰে। কিন্তু বর্তমান সময়ত অন্য এক পৰিৱেশে দিনক দিনে বাঢ়ি অহা দেখা গৈছে। শেষ হৈ যোৱা বছৰটিক বিদায় আৰু নতুন বছৰটিক আদৰণী জনোৱাৰ নামত একাংশ ব্যক্তিয়ে কি কৰে। সেইয়াও বিচাৰ কৰাটো উচিত। প্রীতিভোজৰ নামত অধিক পৰিমানে মদ, ভাং এনে নিচাযুক্ত বস্তু সেৱন কৰা পৰিলক্ষিত হোৱা দেখা যায়। যাৰ ফলত অপ্রীতিকৰ ঘটনা ঘটি যোৱাৰ উদাহৰণো অনেক। নতুন বছৰক আদৰা আৰু পুৰণি বছৰক বিদায় দিয়াৰ নামত অপ্রীতিকৰ পৰিৱেশ সৃষ্টি কৰাটো কিমান প্ৰাসংগিকতা আছে সেইয়া প্রত্যেকজন ব্যক্তিয়ে বিচাৰ কৰাৰ স্হল আছে। যিমানে মানৱ সমাজে আধুনিকতাৰ জখলাত বগাবলৈ সক্ষম হৈছে তাৰ সমান্তৰালভাবে আজি একাংশ যুৱচামে জুৱা, মদ, ভাং এনে নিচাযুক্ত বস্তু সেৱনৰ প্ৰৱণতাৰ দিশে আগুৱাই যোৱা পৰিলক্ষিত হৈছে। অৱশ্যে এইবোৰ মানৱ সমাজৰ বাবে একো একোটা সমস্যা নে প্রীতিভোজ ইয়াক বিচাৰ বিবেচনা কৰাৰ প্ৰাসংগিকতা বুদ্ধিজীৱী, দল, সংগঠন, শিক্ষিত সমাজ আৰু প্ৰত্যেকজন সচেতন ব্যক্তিৰে আৱশ্যকতা আছে। সকলোৱে কামনা কৰে নতুন বছৰটো যেন সুখ শান্তি সম্প্রীতি কঢ়িয়াই আনে। এখন সুস্হ সমাজৰ সুস্হ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত প্রত্যেকজনে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো সমীচিন। সমাজ আৰু পৰিৱেশক বিশৃঙ্খলতা সৃষ্টি কৰিব পৰা কাম কৰাৰ আগতেই আমি নিজকে সতর্ক হোৱাটো উচিত। কাৰণ উঠি অহা নৱপ্ৰজন্মই এইবোৰকে আদর্শ হিচাপে আকোঁৱালি লৈ সমাজখন বিশৃঙ্খল সৃষ্টি কৰাত অৰিহণা যোগায়।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages