লোক-কথাৰ আধাৰত
‘জঃপৰ’
কল্পনা পেগু
ধেমাজি
টোপনিত লাল-কাল দি থকা য়াচিয়ে কাষতে কাৰোবাৰ কেঁকনি শুনি চকু মোহাৰি মোহাৰি তাই বিছনাত বহি পৰিল। কিবা এটা অনুমান কৰি হাত দুখনেৰে খেপিয়াই চোৱাত বিছনাখনৰ দাঁতিত মাক জঠৰ হৈ পৰি আছে। তাই ভয়ত বেৰৰ সিপাৰে শুই থকা আইতাকক চিঞৰিলে – “য়া:য় য়া:য় মাৰ কিবা এটা হৈছে।
এবছৰীয়া আৰু পাঁচ বছৰীয়া ভায়েক দুটাৰ টোপনিত সাৰ-সুৰ নাই। সৰিয়হ খেতিৰ বাবে দেউতাক গৰু হাল লৈ চাপৰিত আছেগৈ। সপ্তাহ-পষেকতহে ঘৰলৈ আহে।
য়াচিৰ চিঞৰ শুনি আইতাক কাম্পচিয়ে টিপ চাকিটো লৈ আহি দেখিলে বোৱাৰীয়েক য়াদলী অতিৰিক্ত ৰক্তস্ৰাৱৰ বাবে নিথৰ হৈ পৰি আছে। সেইসময়তে বুঢ়াও সাৰ পাই উঠিল।বুঢ়ীৰ মুখেদি বোৱাৰীয়েকৰ কথাটো গম পাই এপব বুঢ়াই কৈ উঠিল – “কাম্পচি কথা বিষমেই দেখোন, অতি শীঘ্ৰে জ:পৰৰ নামত কিবা এটা আগ বঢ়া।”
তেতিয়ালৈ বেলিয়ে ফেহুঁজালি দিছে। ঘৰৰ চাঙৰ তলত পেট পেলাই শুই থকা বৰাহ বিলাকেও ভোকৰ তাড়নাত ৰাউচি জোৰা আৰম্ভ কৰিলে। কাম্পচি বুঢ়ীয়ে অলপো পলম নকৰি মেৰামটো ধুনীয়াকৈ মুচি জুই একুৰা জ্বলাই লৈ চোতালত এমুঠি চাউল চটিয়াই চটিয়াই উপৰিপুৰুষ তাঃত জপৰক উদ্দেশ্যি মুখতে বিৰবিৰাই ক’বলৈ ধৰিলে – “তাঃত জঃপৰ, মোৰ য়ামেং য়াদলীয়ে তোৰ ওচৰত অক্ষমণীয় অপৰাধ কৰিছে যিটোৰ ফল তাই ভূগিছে। হয়টো ঘৰৰ গেনা বাৰত (দিব নোপোৱা দিনত) কিবা দিছে, যাব নোপোৱা ঠাইলৈ অজানিতে খোজ দিছে। তাই অবুজ আজলী, তাইক ক্ষমা কৰি দিবি। তই ভোকত আছ যদি ইয়াকে খাই তোৰ নিজৰ ঠাইলৈ গুছি যাগৈ"- বুলি কৈ কাম্পচি বুঢ়ীয়ে গাহৰিৰ দানাখিনি লৈ খৰধৰকৈ ক:বাঙেদি (জখলা) নামি গৈ কুংকাঙত (দানা দিয়া কাঠৰ নাও সদৃশ পাত্ৰ) ঢালি দিয়াৰ লগে লগে গাহৰিমখাৰ চিঞৰ নিজম পৰিল।
সেইসময়তে মাকক ৰখীয়া হৈ থকা য়াচিৰ চিঞৰ– “য়াঃয়, মাৰ হুঁচ আহিছে। অলপ ভাল পাইছে বুলিছে।" তাকে শুনি মেৰামত বহি বোৱাৰীয়েেকৰ অৱস্থা দেখি বাৰে বাৰে দঃঞি-পঃলৰ (জোন-বেলি)ৰ নাম লৈ থকা এপব বুঢ়ায়ো স্বস্তিৰ নিশ্বাস এৰিলে ।
পুৱাৰ পৰিৱেশ স্বাভাৱিক হৈ অহাত দুখন গাঁও পাৰ হৈ প্ৰাথমিক বিদ্যালয়ত দুইশ্ৰেণীমান পঢ়িবলৈ আৰম্ভ কৰা দহ বছৰীয়া য়াচিয়ে জুহালত বহি ককাক-আইতাকৰ গাত গা লগাই সুধিলে – “তাঃত, অথনি তুমি যে কৈছিলা জ:পৰৰ কথা, তেওঁ কোন ? কিয় তেওঁৰ নাম কৈ য়াঃয়ই চাউল চটিয়াইছিল ?"
“অ’সেইটো কথা, কওঁ শুন”। জঃপৰ হ’ল আমাৰ পূৰ্ব পুৰুষ। আমাৰপৰা সাত পুৰুষৰ আগৰ। আমাৰ তকু তাঃত (আজোককা) অচিৰ দুই পুত্ৰ চুঃবিন আৰু জঃপৰ। এই জঃপৰৰেই ভৰ যৌৱনতে অকাল বিয়োগ ঘটিছিল।
কেনেকৈ তাঃত ? য়াচিৰ প্ৰশ্ন।
এপব বুঢ়াই তামোল এখন মুখত ভৰাই কাহিনী আগবঢ়ালে – এদিন দেউতাক অচিয়ে জঃপৰক কুটুম বংশৰ কোনোবা সিজা মিতিৰ (কোনো বাধা নথকা মিতিৰ) ৰ বিবাহোপযোগী গাভৰু থকা এঘৰত মাগব-দুগনাম (জোঁৱাই খাটিবলৈ) পঠালে। তেতিয়াৰ দিনত আজিৰ দৰে বাট-পথ নাছিল। জংঘলৰ মাজে মাজে হাবি কাটি বাট উলিয়াইছিল।সেইসময়ত গন্তব্য স্থানলৈ যাওঁতে উভতাৰ পথ নিশ্চিত কৰিবলৈ গছ কাটি চিন ৰাখি গৈছিল।
সুঠাম-সুঠাম কৰ্মঠ জঃপৰক পচন্দ হোৱাত সাত দিন সাত ৰাতি মিতিৰৰ ঘৰে আথে-বেথে ৰাখিলে। ভাৱি পত্নী ঐকলীৰ মনৰ ভু পাই আনন্দ মনেৰে সকলোৰেপৰা বিদায় মাগি ডেকা জঃপৰে ঘৰমুখী যাত্ৰা আৰম্ভ কৰিলে।
এপব বুঢ়াই মুখৰপৰা তামোলৰ পিক খিনি চাঙৰ ফাকেৰে তললৈ পেলাই আকৌ আৰম্ভ কৰিলে – কথাতে কয় নহয় বোলে “ভৱা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি।”
তাঃতৰ কথাৰ পাক শুনি য়াচিয়ে আকৌ সুধিলে –
মানে ?
জঃপৰৰ উভতাৰ পথত তাৰ সংগী আছিল হাতত এখন চোকা য়কচা (তৰোৱাল) আৰু ধনুকাঁড়। গভীৰ অৰণ্যৰ মাজেদি ঘৰলৈ আহি থাকোতে অতি সাহসী জ:পৰে আকস্মিকভাৱে এপাল বনৰীয়া ম’হৰ মুখা-মুখি হ’ল। সমুখ-সমৰত পাঁচটাকৈ গোণা ম’হ বগৰায়ো জঃপৰে নিজক বচাব নোৱাৰিলে।
ইফালে জঃপৰে জোঁৱাই খাটিবলৈ যোৱা সাত দিন গৈ দহ-বাৰ দিন পাৰ হ’ল। তাৰ কোনো খবৰ খাতি নোপোৱাত ঘৰৰ মানুহ চিন্তাত পৰিল। অৱশেষত পৰিয়ালৰ কেবাজনো ডেকা যাঠি-জোং লৈ মিতিৰৰ ঘৰ পালেগৈ। জঃপৰ কেবাদিনো আগতে ঘৰলৈ উভটি যোৱাৰ পিছতো ঘৰ গৈ নোপোৱা কথাটোৱে দুয়ো মিতিৰ পৰিয়ালক চিন্তিত কৰি তুলিলে।নিশ্চয় জ:পৰ বিপদত পৰিছে বুলি আলোচনা কৰি জ:পৰক বিচাৰি দুয়ো পক্ষই অৰণ্য চলাথ কৰিলে।অৱশেষত মাকে জোৱাই খাটিবলৈ যাওঁতে পিন্ধাই দিয়া টঙানী দুমেৰ (মুৰত মৰা গামোছা), গনৰ’ ওগন (ধূতি) আৰু জোঁৱাই খাটি উভতি আহোতে মৰমৰ ঐকলীয়ে দিয়া মিবু গালোগৰ সৈতে পাঁচটা গোণা ম’হৰ মৰা শ’, জঃপৰৰ ছিন্ন মুণ্ডৰ সৈতে দূৰ্গন্ধ ওলোৱা শ’ টো তেওঁলোকে সিচঁৰিত হৈ থকা প্ৰত্যক্ষ কৰিলেগৈ।
তাঃতৰ কথা মুখ মেলি শুনি থকা য়াচিয়ে আকৌ সুধিলে –
তাৰ পিছত ?
সেই ঘটনাৰ পিছৰপৰা আমাৰ বংশ আৰু কুটুম বংশৰ মাজত বিয়া-বাৰুৰ কথা নিসিজে বুলি আমাৰ আজোককাহঁতৰ দিনৰপৰা বিশ্বাস কৰি আহিছে। স্ব-স্বক্ষে দেখিছই নহয় তোৰ ডাঙৰ পেহীক। আমাৰ অ-মতত কুটুমত বিয়া হৈ কেনেকৈ অকালতে বিধৱা হ’ল!
অ’ সেইটো কথা। তেনেহ’লে মাৰ অসুস্থতাৰ লগত সেই ঘটনাৰ কি সম্পৰ্ক আছে তাঃত ? য়াচিয়ে তাঃতক আকৌ সুধিলে !
শুন হেৰৌ আঁকৰীজনী, জঃপৰৰ ডেকা বয়সতে অকাল মৃত্যু হোৱা নাই জানো ? তাৰ বহু আশা- আকাংক্ষা থাকি গ’ল। সেই বাবে মান-অভিমান, দুখ-বেজাৰত নিজৰ মানুহখিনিৰ ওপৰত তেওঁৰ বেয়া দৃষ্টি পৰে। এনে কোপ-দৃষ্টি পৰিলে পৰিয়ালৰ কিবা অপায়-অমংগল হয় বুলি আমাৰ সাত পুৰুষে বিশ্বাস কৰি আহিছে। গতিকে তেওঁক মৰমেৰে কিবা দি সন্তুষ্ট কৰিব পাৰিলে সকলো বিপদ আঁতৰে বুলি ভাৱি লোৱা হয় ।
তাঃতৰ কথা শুনি কিবা বুজা-নুবুজাৰ দোমোজাত য়াচিয়ে মেৰামত জ্বলি থকা জুইকুৰালৈ একেথৰে চাই থাকিল।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment