নামঘৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

নামঘৰ

 

নামঘৰ


                  উজ্জ্বল স্মৰণ দত্ত


বুকুতে বাজে মোৰ

ডবা কাঁহ মঙ্গলধ্বনি


গুণৰ গুণাকৰে থাপনা থাপি

প্ৰজ্ঞাৰ বন্তি জ্বলাই

বোৱালে ভকতিৰ ধল


হৰিনামেই কঠিয়া

ভকতেই মোৰ সঙ্গ

নিগুৰ্ণ তত্ব মুখ্য সাৰ

নামতে ভকতি ভকতৰ


চৰৰ চৰাচৰ জগতত

সবত্ৰ ব্যাপ্ত অনাথৰ নাথ

দয়ালু কৃপালু পৰম নাৰায়ন।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages