নাগৰিক
প্ৰদীপ দাস ঠাকুৰ
মতামতৰ অস্তিত্ব নাই
গণতান্ত্ৰিক দেশৰ
নাগৰিক
ইচ্ছা অনিচ্ছাৰ
সন্মান নাই
নাগৰিক
পাচ কিলো চাউল
এক লিটাৰ কেৰাচিনত
আবদ্ধ
নাগৰিক
যিয়ে উশাহ-নিশাহত
জি এছ টি দিয়ে
নাগৰিক
আঁচনিয়ে ঢুকি নোপোৱা
গড়কাপ্তানীয়ে চুই নোযোৱা
নাগৰিক
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment