আঘোণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

আঘোণ

 

আঘোণ


                    শেৱালী বড়া

                  ছিপাঝাৰ,দৰং


আঘোণ আহিলে মনবোৰ উলাহতে

থৌকি বাথৌ কৰে

হেঁপাহৰ সোণোৱালী পথাৰখনে

ৰিঙিয়াই মাতে

সৰু সৰু আলিবোৰ চৌপাশ আগুৰা

থোকা থোকে ধানবোৰে লাজত ওৰণি টানে

সোণোৱালী পথাৰত সোণগুটিয়ে হাঁহে

শইচ সোণোৱালী পথাৰ দেখি

চহাৰ মনবোৰ আনন্দে উপচি পৰে

কাঁচিয়লি ৰ'দত দাৱনীৰ হাতত কাঁচিখনে

ধানৰ সুবাসত মিচিকিয়াই হাঁহে

কুৱঁলীৰ শুভ্ৰতাই আহি পথাৰ ঢাকে

ৰ'দালিয়ে আহি মুকুতা মনিটি জগাই তোলে

অক্লান্ত পৰিশ্ৰমৰ অন্তত কান্ধত দাঙৰি লৈ

চহাৰ মুখত আনন্দৰ প্ৰতিচ্ছবি বিৰিঙি উঠে

ঘৰ্মাক্ত দেহত সোণগুটিৰ পয়োভৰে 

ভাগৰ সামৰি সতেজতা আনে

আবদাৰত মেটমৰা ভঁৰাল পূৰ্ণ হ’ব

চহাৰ বছৰেকীয়া সপোনৰ সঁফুৰাত

আশাৰ জোনাকে আহি পোহাৰ মেলিব।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages