নীলা খামৰ চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

নীলা খামৰ চিঠি

 

নীলা খামৰ চিঠি...


পৰাগ দত্ত


   প্ৰথমতে, মোৰ এই ব্যাকুল হৃদয়ত তোমাৰ প্ৰতি অনবৰতে বৰষি থকা মৰমবোৰ ল’বা। নাজানো... সঁচাকৈয়ে নাজানো, কেতিয়াৰ পৰা তুমি মোৰ জীৱনৰ এটি নিঃশেষ কবিতা হৈ পৰিলা? মোৰ নিৰিবিলি ক্ষণবোৰত তুমি কেতিয়াৰ পৰা এক গোপন অনুভৱ হৈ হৃদস্পন্দনত বিলীন হ’লা, তাৰ হিচাব মোৰ ওচৰত নাই। এতিয়া জানা, তোমাৰ প্ৰতি থকা মোৰ এই বেবেৰিবাং আৱেগবোৰৰ প্ৰেমতহে মই বেছি কৈ পৰিব ধৰিছো। ভাল লাগিব ধৰিছে তোমাৰ বিৰহতে লিখা মোৰ আধৰুৱা কবিতাবোৰ... কাৰণ সেই আধৰুৱা শব্দবোৰতেই মই তোমাক বিচাৰি পাওঁ। তোমাক প্রথম দেখাৰ পৰাই ভাল লাগে… যেতিয়া তোমাৰ চকুৱে মোৰ চকুলৈ চাই কিবা এটা ক'ব বিচাৰে…আৰু ভাল লাগে যেতিয়া তুমি ক'ব নিবিচৰা কথাবোৰ তোমাৰ দুচকুৱে কৈ দিয়ে,ভাল লাগে যেতিয়া তুমি একেৰাহে মোলৈ চাই থাকা যদিও নোচোৱাৰ ভাও জুৰা। ভাল লাগে যেতিয়া তুমি মোক চিনিও নিচিনাৰ ভাও জুৰা।

   তুমি কাষেৰে পাৰ হৈ গ'লে তোমাক চুই যোৱা বতাহজাকে মোক তোমাৰ সুবাস দিয়ে…তুমি দূৰৈত থাকিলে চকুৱে যিমান দূৰ সম্ভৱ তোমাক চাব বিচাৰে….পিছে, বকুলৰ দেশতে তোমাক প্রথম দেখা....

আজিলৈ কত দিন যে পাৰ হ'ল…কত উজাগৰী নিশাৰ যে বিষাদ থমকি ৰ’ল….

    কত ফাগুনৰ সৰা পাতে উকা কৰি নিলে মোৰ হৃদয়খন… তথাপিও চোৱা, আজিও তোমাক মই বিচাৰি হাবাথুৰি খাই ফুৰো… হয়তো তোমাৰ প্ৰতি থকা এই আৱেগবোৰ একপক্ষীয়, তথাপিও আজি হৃদয়ে এই চিঠিখনৰ জৰিয়তে তোমাক এটি উত্তৰবিহীন প্ৰশ্ন সুধিব বিচাৰিছে—

   লিখিবানে তুমিও এটি প্ৰেমৰ কবিতা..?? যি কবিতাৰ শিৰোনাম হ’ম মই…. যি কবিতাৰ প্ৰতিটো শব্দই মাথোঁ কৈ যাব আমাৰ কাহিনী…ৰচিবানে মোৰ সৈতে তুমিও এটি কাহিনী..? যি কাহিনীৰ নায়িকা হ’বা তুমি... আৰু নায়ক হ’ম মই… এটি নামহীন কাহিনী.... যাৰ সম্পৰ্ক হ’ব মাথোঁ প্রেম….যি কাহিনী আধৰুৱা হ’লেও পূর্ণ হৈ উঠিব আমাৰ প্রেম….এটি নামহীন কাহিনী..... যাৰ সম্পৰ্ক হ’ব মাথোঁ প্রেম… মাথোঁ নিস্বাৰ্থ ভালপোৱা, যি কাহিনীৰ আদৰ্শ হৈ পৰিব এই সমগ্ৰ জগত। ৰচিবানে…ৰচিবানে এনে এটি বিৰহৰ কাহিনী যি কাহিনীয়ে বুজাব আমাৰ সম্পৰ্কৰ অপ্ৰাপ্তি ৰৈ থাকিম তোমাৰ উত্তৰলৈ... নহ’লে এই আধৰুৱা কবিতাবোৰৰ মাজতেই তোমাক আজীৱন বিচাৰি ফুৰিম।

                                                                              ইতি,

                                                                       তোমাৰ নিস্বাৰ্থ প্ৰেমিক


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages