নীলাখামৰ চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

নীলাখামৰ চিঠি

 

নীলাখামৰ চিঠি


কাব্যস্পৃহা

প্ৰতি,

  এই চিঠিখন লিখোঁতে মই এতিয়াও অলপ দ্বিধাত আছোঁ। কিয়নো কোনোদিনো ভবা নাছিলোঁ— যিজন মানুহৰ নাম আহিলেই মোৰ মনত ঘৃণা জাগিছিল, আজি তাকেই চিঠি লিখিম বুলি।

সঁচা কথা ক’বলৈ গ’লে, আপোনাৰ ফোন, তোমাৰ মেছেজ— এই সকলোবোৰে মোক আমনি দিছিল। কেতিয়াবা খঙত, কেতিয়াবা বিৰক্তিত মই তোমাক গালি দিছিলোঁ, ধমকি দিছিলোঁ। মই ভাৱিছিলোঁ— এইবোৰ কৰিলে তুমি আঁতৰি যাবা। কিন্তু আপুনি নাযায়।

প্ৰতিবাৰ গালি খাইও আপুনি আকৌ লিখে। কোনো উত্তৰ নাপাইও আপুনি আকৌ কথা পাতিবলৈ চেষ্টা কৰে। সেই সময়ত মই ভাবিছিলোঁ এইটো নিলাজপনা। কিন্তু আজি ভাবোঁতে বুজিছোঁ, সেইটো নিলাজপনা নাছিল, সেইটো আছিল সহনশীলতা।

সময়ৰ সৈতে মই লক্ষ্য কৰিলোঁ, মোৰ কঠোৰ কথাবোৰেও আপোনাক সলনি নকৰিলে। সেইখিনিতে মই ধীৰে ধীৰে বুজিবলৈ ধৰিলোঁ—প্ৰকৃত শক্তি খঙত নহয়, ধৈৰ্যত থাকে। কিন্তু এইটো নিশ্চয়কৈ ক’ব পাৰোঁ—যি ঘৃণাভাৱ লৈ মই আপোনাক চিনি পাইছিলোঁ, সেয়া আজি শ্ৰদ্ধালৈ পৰিনত হৈছে।

   এই চিঠিখন কোনো প্ৰতিশ্ৰুতি নহয়, কোনো আশাও নহয়। মাথোঁ এটা স্বীকাৰোক্তি— মানুহ কেতিয়াবা ভুল বুজিবলৈ সময় লয়, আৰু কিছুমান মানুহ সেই সময়খিনিৰে অপেক্ষা কৰিব জানে যেনে-আপুনি ধৰ্য্য আৰু সহ্য সহকাৰে ইমানখিনি গালি জীৰ্ণ কৰিলে। সেই অপেক্ষাৰ বাবে—

   মই আজি আপোনাক শ্ৰদ্ধা কৰোঁ।

                                          ইতি,  

                                           অলপ সলনি মনৰ বতৰা


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages