স্বাগতম ২০২৬ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

স্বাগতম ২০২৬

 

স্বাগতম ২০২৬


                             নীলিমা গগৈ


নীৰৱে আহিছে এজনী শান্তিৰ কপৌ

বন্ধ কোঠালিত মেৰাই থকা 

অজগৰবোৰ দেখোন বেত হ’ল। 

দুঃসময়বোৰ যেন ৰাতিটোৱে পাৰ কৰিলে। 

আয়তীৰ উৰুলিত যন্ত্ৰণাবোৰ অন্ত পৰিল 

ফেঁচাৰ কুৰুলিত ক্ষণবোৰ মাঙ্গলিক হ’ল।।


পদূলিত দেখোন উদুলি মুদুলি

হেৰা দুহেজাৰ ছাব্বিশ 

আনিছা নেকি কুশল বার্তা 

অজগৰবোৰ বেত কৰাৰ স্বপ্নিল কল্পনা 

জুবিন কণ্ঠ, ধর্মেন্দ্ৰ অথবা অনুভৱ তুলসীৰ 


নৈঋত কোণৰ পৰা আহিছে 

এজাক শান্ত শীতল বতাহ 

ফুল পৰাৰ শব্দত বাতিবোৰ নীৰৱে শুইছে 

সাৰে আছোঁ মই অকলশৰে 

শান্তিৰ কপৌজনীৰ অপেক্ষাত।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages