শেষ নিশাৰ নীৰৱতা
জুৰি গোস্বামী শৰ্মা
পাঠশালা, বজালী
আকাশৰ বুকুত জোন গলি গলি শেষ হয়
নিস্তব্ধতাৰ আলাপত মত্ত নৈশ বিহগ
ঘুৰি যায় নিজৰ নিজৰ বাহলৈ,
বহুদিন হৈ গ’ল সূৰ্যোদয় নেদেখা
আনকি সূৰ্যাস্তও দেখা নাই বহুদিন
কিহৰ যন্ত্ৰণা কঢ়িয়াই বুকু শিল হয় !
বুজাটো কঠিন।
ওখ ওখ ঘৰবোৰৰ ফাকেৰে
জোনাক সৰকি আহে
মেলাও পাতে ওখ ঘৰৰ ওপৰত।
বুকুত যেতিয়া বাহ বান্ধে
বনৰীয়া সপোন এটাই
ঘন গহীন অৰণ্যৰ ছৱি এখন
কঢ়িয়াই ফুৰে অজানিতে,
জোনাকতো চাটিফুটি মন
আকাশ হেৰাই
পুৱা আৰু গধূলিৰ প্ৰাৰ্থনাত ভাঁহি আহে
এটি কৰুণ সুৰ,
যন্ত্ৰবৎ জীৱন এটাও হঠাৎ থমকি ৰয় কেতিয়াবা
উভতি চাব খোজে সময়
চুই চাব খোজে জীৱন।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment