ভোগালী
স্বপ্নালী কলিতা
(ক)
ভোগৰ কৰাপাত
সকলো লিখা হোৱাৰ পাছত আহে
শেষৰ শাৰীটো
শাৰীটোত সন্নিবিষ্ট থাকে
সন্তুষ্টিৰ পাছৰখিনি
আৰু
উজাই যোৱা নক্ষত্ৰৰ
খিলখিলনি
এখন শিলালিপি
কেইখিলামান ইতিহাস
লগতে...
ৰামায়ণী সীতাৰ
অৰণ্যৰোদনৰ এটা
স্ফটিক পৃষ্ঠা
(খ)
পাতনিৰ প্ৰথম শব্দটো
শাৰীবোৰ এটা এটাকৈ
সজোৱা হ’ল
বঢ়া-টুটা কথাবোৰ
কৰা হ’ল কৰ্তন
কাৰাত বিলাপ কৰি থকা
ভোগৰ আগৰ শাৰীবোৰৰ
হেঁচা-ঠেলাত
মৃত্যু হ’ল অসংখ্য হতভাগা শব্দ
তাৰপৰা পুনৰ জনম হ’ল
একোটা নতুন উদ্যমী শাৰী
লিখি থাকিল চেঁচুকত গজা শেলুৱৈৰ
একোখনকৈ হিমফলক
য’ৰপৰা ভোগৰ কৰাপাত ঢিকিমিকি
পাতনিত কেৱল ভোকৰ
চিক্মিকনি
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:
Post a Comment