টাপলি
মফিজুদ্দিন চৌধুৰী
নগাঁও
এটা মাখন ৰঙৰ পলিষ্টাৰ কাপোৰৰ চোলা―হাত দুটা কিলাকুটীতে তিনি আঙুল মানকৈ ফটা আৰু এটা ঘীউ ৰঙৰ অলপ চুটি লংপেন্ট―তাক ঠিক জুখত ৰাখিবলৈ ঠেং দুটাৰ তলফালে দুটাকৈ চাৰি আঙুলমান জোখৰ টাপলি। টাপলি দুটাৰ ৰং পেন্টৰ ৰঙৰ লগত ভালকৈ নিমিলাৰ কাৰণে সহজেই চকুত পৰে।
এইযোৰ সাজেৰেই আবিৰে কলেজলৈ অহা-যোৱা কৰে। লাজ ? কিয় নালাগিব, লাগে। সকলো সময়তে সি হীনমণ্যতাতো ভোগে। উচ্চ শিক্ষাৰ খাটিৰত সেইবোৰ কাটি কৰি থ’ব লগা হয়।
বহুতে কথা পাতোতে তালৈ চোৱাৰ পৰিৱৰ্তে টাপলিটোৰ ফালেহে চায় আৰু আঁতৰলৈ গৈ বন্ধুবৰ্গৰ সৈতে ‘বু-বু-বা-বা’-ও কৰে। সেইবোৰ কি কথা পাতে সি বুজি পায়। পালেও তাৰ উপায় নাই। সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাই যেতিয়া সেইবোৰ সহ্য কৰিবই লাগিব।
কলেজখনৰ অধ্যক্ষই কিন্তু তাক যথেষ্ট মৰম কৰে। এডমিশ্যনৰ সময়ত ফিজ লোৱা নাই। তেখেতে নিজে তাৰ থকা খোৱাৰো ব্যৱস্থা কৰি দিছে। তাৰ অৱস্থা দেখি তেখেতে সোনকালে স্কলাৰশ্বিপ পোৱাটোও নিশ্চিত কৰি দিছে। অফিচ আৰু লাইব্ৰেৰীতো তাৰ বিষয়ে জনাই থৈছে। HSLC পৰীক্ষাত ভাল নম্বৰ লৈ অহা চোকা ল'ৰা। ভবিষ্যতে কলেজখনৰ নাম কৰিব।
আজি লাইব্ৰেৰীৰ পৰা কিতাপ দিয়াৰ কথা।
ল'ৰা-ছোৱালীবোৰে লাইব্ৰেৰীয়ানৰ টেবুলখন আগুৰি আছে। তেখেত তেতিয়াও অহা নাই। সি তাৰ টাপলিটো আঁৰ কৰিবলৈ লাইব্ৰেৰীয়ানৰ চকিখনৰ পিছফালে থিয় হ'লগৈ। অলপ পিছত লাইব্ৰেৰীয়ান আহি ঘোষণা কৰিলে― “আজি লাইব্ৰেৰীৰ কিতাপ দিয়া নহয়।”
“কিয়?” কেইজনমানে একেলগে প্ৰশ্ন কৰিলে।
“প্ৰিন্সিপাল আজি নাহে। এপ্লিকেশ্যনত তেখেতৰ কাউন্টাৰচাইন লাগিব।” তাৰ পিছত তেওঁ ভীৰৰ মাজত কাৰোবাক বিচৰাৰ দৰে কৰি ক’লে, “আচ্ছা, সেই ল’ৰাজন আহিছে নেকি.... নামটো কি আছিল.... সেই যে টাপলি মৰা পেন্ট পিন্ধা ল’ৰাজন....।”
“সেয়া কি, আপোনাৰ পিছফালেই দেখোন থিয় হৈ আছে?” কোনোবা এটাই ভিৰৰ পৰা মাত লগালে।
আবিৰৰ অৱস্থা তথৈবচ। সি তেখেতৰ সমুখৰ ফালে আগবাঢ়ি গ’ল।
“বেয়া নাপাবা দেই, নামটো খেলিমেলি লাগি গৈছিল।” লাইব্ৰেৰীয়ানজনে তাক শান্তনা দি ক’লে, " তুমি আজিয়েই কিতাপ নিব পাৰিবা। তোমাৰ দায়িত্ব ময়েই লম।”
আবিৰে অপমান বোধ কৰিব নে গৌৰৱ বোধ কৰিব তাক ঠিক কৰিব নোৱাৰিলে। সকলো নিমাত। আটাইৰে চকু আবিৰৰ ওপৰত। সেই চাৱনি স্বাভাৱিক নে হিংসাৰ― সি তাক মনেই নকৰিলে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment