মৰা তৰাৰ সাধু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

মৰা তৰাৰ সাধু

 


মৰা তৰাৰ সাধু


                         ভাস্কৰ জে নাথ


১


কাহানিও ক’ব নোৱাৰিম

দাঙিব নোৱাৰিম ভাৰ

স্ক’লজৰ মৰাতৰাৰ ছবিত

মই মোকেই দেখি থাকিলো


২


মৰিব পাৰে সকলো

মৰাটোৱেই জীৱনৰ শেষ প্ৰাৰ্থনা

এই প্ৰাৰ্থনাৰ সুৰ শুনিবলৈ

কোন আহে ৰাতিৰ দুপৰীয়া


৩


দূৰৈত তৰাবোৰ জিলমিল

মোৰ চকুত তৰাৰ এন্ধাৰ এটি নদী

বৈ জানো থাকিল! 


৪


ডিচেম্বৰৰ চকুত

কুঁৱলীবোৰ এঠা দৈ

ডিচেম্বৰক মই

মই বুলি ভাবি ললো


৫


আৰু

তৰাটো ভাঙি-চিঙি

এতিয়া মোৰ চকুৰ চোতালত!


(জাৰ্মান চিত্ৰকৰ হেইনজ্ স্কল’জৰ Death of a Star ছবিৰ আধাৰত এই কবিতাটি)


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages