এশৰীয়া
আগমনি ফুকন শইকীয়া
১)
সন্মান–
সন্মান ঢাকি ৰাখিবলৈ ফটা চোলা এটাই যথেষ্ট- দামী গহনাতকৈ
২)
আত্মকেন্দ্ৰিক–
সৰাপাতৰ বিচনাত শুই আছে নাৰ্চিছাছ– পুখুৰীটো শুকাল
৩)
ত্যাগ–
শেষৰ ৰুটিখন কুকুৰটোক দি পানী এঘটিৰে উপৱাস ভাঙিলে– মাতৃ
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:
Post a Comment