- Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026


 বিপদ কেতিয়াবা আহে 


আব্দুৰ ৰহমান প্ৰামাণিক


(বাংলাৰ পৰা অনুবাদ কৰা)


এবাৰ এন্দুৰ এটাই গৃহস্থই ঘৰত এন্দুৰ ধৰা ফান্দ পতা লক্ষ্য কৰিলে। সি খুব অতংকিত হল। এন্দুৰটোৱে গৃহস্থৰ সেই বুদ্ধি মাটি কৰিবলৈ সেই ঘৰ খনৰে কুকুৰা এটাৰ সাহায্য বিচাৰিলে। কিন্তু কুকুৰা টোৱে ঘটনা শুনিলে যদিও সাহায্য কৰিবলৈ অমান্তি হ’ল। কুকুৰাৰ যুক্তি আছিল যিহেতু সেই ফান্দ আমাৰ বাবে নহয়।

      কুকুৰাৰ পৰা নিৰাশ জনক উত্তৰ শুনি এন্দুৰটোৱে ছাগলী এটাৰ ওচৰত শৰণাপন্ন হ’ল। নিজৰ আসন্ন বিপদৰ শংকা কৰি ছাগলীক এন্দুৰ ধৰা ফান্দৰ কথা ক’লে আৰু যেনে তেনে ফান্দটোক নিষ্ক্ৰিয় কৰিবলৈ অনুৰোধ জনালে। এন্দুৰৰ মনৰ বেদনা শুনিও ছাগলীয়েও তাক সহায় কৰিবলৈ অস্বীকাৰ কৰিলে। ছাগলীৰ মতে এই ফান্দ মোৰ বাবে নহয়। 

    ছাগলীৰ পৰা বিমুখ হৈ এইবাৰ গৰু এটাৰ কাষ চাপিল আৰু নিজৰ দুখৰ কথা ক'লে। গৰুৱেও পূৰ্বৰ কুকুৰা আৰু ছাগলীৰ দৰে সহায় কৰিবলৈ আগবাঢ়ি নাহিল বৰং ইতিকিং কৰি ক’লে তোমাৰ দৰে সৰু প্ৰাণীৰ অহিত হলে একো নহয়। 

   ভাৰাক্ৰান্ত মনলৈ এন্দুৰটোৱে তাৰ কোঠাত উভতি আহিল আৰু নিয়তিৰ ওপৰত সকলো সমৰ্পিত কৰিলে।

   ৰাতি ঘৰৰ মালিক জনে অন্ধকাৰত অনুমান কৰিলে যে ফান্দৰ ভিতৰত কিবা এটা লৰচৰ কৰি আছে। যিহেতু অন্ধকাৰ আছিল, ফান্দৰ ভিতৰত হাত দিয়াৰ লগে লগেই সাপে গৃহস্থক খুঁটিলে আৰু দেখিবলৈ পালে যে ফান্দত এন্দুৰৰ পৰিৱৰ্তে বিষাক্ত সাপ এটা ফোচফচাই আছে।

  গৃহস্থৰ উচ্চ বিননিত বাকী সদস্য সকলৰ তন্দ্ৰা আঁতৰিল।ঘৰত হুলস্থুল লাগিল। মূহুৰ্তৰ ভিতৰত চিকিৎসক মাটি চিকিৎসা আৰম্ভ কৰিলে। অলপ উপশম হ’ল। চিকিৎসকে পথ্য হিচাপে কুকুৰাৰ মাংস খোৱাৰ বাবে উপদেশ দিলে। ঘৰৰ সেই কুকুৰাটো গৃহস্থৰ খোৰাক হ’ল।

   দলে দলে ওচৰ চুবুৰীয়া আত্মীয় স্বজন দেখিবলৈ আহিব ধৰিলে। এইবাৰ ছাগলীটোক যবেহ কৰি সকলোৰে এসাঁজ খোৱালে। কিছু দিন অতিবাহিত হল। বেমাৰৰ কোনো কোনো উত্তৰ দক্ষিণ নহ’ল। চিকিৎসকে উন্নত চিকিৎসাৰ বাবে চহৰলৈ লৈ যাবলৈ দিলে। এইবাৰ গৰু এযোৰ এক লক্ষ টকাৰ বিনিময়ত বিক্ৰী কৰি দিলে কছাইৰ ওচৰত। উন্নত চিকিৎসা সেৱা পাই গৃহস্থ সুস্থ হৈ উঠিল। আৰু এই সকলো বিষয় এন্দুৰটোৱে নিজৰ সৰু কোঠাৰ পৰাই দেখি আছিল।

(সংগৃহীত)


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages