কোঠা
কাংকান পেগু
মোৰ কোঠাত কিতাপ
টেডিবিয়েৰ
কিতাপবোৰে উচুপে
কিতাপবোৰৰ গৰাকীৰ মন উদাস
কোঠাটোত জগজিৎ সিঙৰ গজল বাজে
জগজিতে গাবলৈ ধৰে
দুনীয়া যিছে কেহেতে হে
যাদু কা খিলৌনা হে’
কোঠাটোৰ গৰাকীয়ে বিষাদ
ভৰা গজলত ডুবি থাকে
কথা পতাৰ লগ বিচাৰিলেও নাই
হাহাকাৰ হয় জগতখনত মানুহৰে ভৰি থাকিলেও সকলো নিজতে মগন
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment