উৰুকাৰ ভোজ
দেবানন্দ পেগু
মিগমহঁতৰ পদূলিমুখত মানুহৰ ভিৰ দেখি মইনা খৰ-খেদাকৈ দৌৰি দৌৰি আহি খৱৰ ল’লে। ঘৰৰ ভিতৰত মিগমে মূৰৰ বিষত চিঞৰ-বাখৰ কৰি আছে। কোনোবাই মূৰত মালিচ কৰিছে, কোনোবা ভৰিৰ তলুৱাত গৰম তেলেৰে ঘঁহিছে। মূৰৰ বিষত মাজে মাজে কান্দিছে। তেওঁ মৃত্যু হ’লে মৰা শটো ক’ত থব লাগে ভুল ভুকিছে। ককা-আইতাই তেওঁলোকৰ লগত লৈ যাবলৈ মাতিছে। বিষৰ মাজতে কথাবোৰ আকৈ ফুটাদি ফুটিছে। মিগমৰ মা-দেউতাকৰ কলিজা দপ্ দপাই থকা ওচৰত থকা মানুহবোৰ দেখি পাইছে, বেচেৰা আগলৈ পাছলৈ বুলিবলৈ আৰু কোন আছে।
মইনা নিজৰ মূৰত হাতটো থৈ মনত পেলাবলৈ যত্ন কৰিছে। কালি উৰুকা ভোজত মিগমে কি কৰিছিল ? কেছেটৰ ৰীলৰ দৰে কালি ৰাতিৰ উৰুকা ভোজৰ দৃশ্যবোৰ পিছুৱাই চালে। মিগমৰ লগৰীয়া এজনে ডিচপজেল গিলাচ কেইটামান ভেলা ঘৰৰ ভিতৰৰ পৰা লৈ আন্ধাৰৰ আঁৰত হেৰাই যোৱা মনত পৰিল। সেই সময়ত মানুহবোৰ ডি জে গান বজাই নাচি আছিল। মইনাই বুজিবলৈ বাকী নাথাকিল।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment