আলি আ:য়ে লৃগাং আৰু সাম্প্ৰতিক চিন্তা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, February 1, 2026

আলি আ:য়ে লৃগাং আৰু সাম্প্ৰতিক চিন্তা

 



আলি আ:য়ে লৃগাং আৰু সাম্প্ৰতিক চিন্তা


মিগাং ভৱ দলে


     প্ৰকৃতিৰ বুকুত এতিয়া সুন্দৰ পৰিৱেশ। বিস্তৃৰ্ণ অঞ্চলক প্ৰাচুৰ্যৰে ওপচাই ৰখা সোন গুটিবোৰ এতিয়া নদীক ভাল পোৱা আৰু নদীৰ সভ্যতা সংস্কৃতিৰ কৃষকৰ ভঁৰাল শুৱনি কৰিছে। পথাৰ উদং উদং হৈ পৰিছে লঠঙা গছ-গছনিৰে সমগ্ৰ বণ বননি, পৰ্বত পাহাৰ। মদাৰ -শিমলু ফুলাৰ বতৰত আকৌ আহিল ফাগুন। পলাশ, শিমলুৰ জুই ৰঙা ৰঙে মনত হেন্দোলনি তোলে আৰু হিয়াত অচ্যুত সপোনৰ গুণগুণনি। চৌপাশে এক ৰিঙা ৰিঙা ভাব।ফাগুনে যেন লগত লৈ আহে পৃথিৱীৰ সমস্ত উৰুঙাখিনি। মনক নষ্টালজিক কৰি তোলে। তথাপি ফাগুনে লৈ আহে আকৌ লৃগাং। মিচিঙৰ অতি মৰমৰ কৃষি উৎসৱ আলি আয়ে লৃগাং।

      মিচিং গাভৰু বোৰে প্ৰেয়সীৰ বাবে ৰিঃবি গাচেং, মিবু গালোগ সযতনে প্ৰস্তুত কৰি লৃগাঙক আদৰি আনিছে ফাগুনৰ প্ৰথম বুধবাৰে। বুধবাৰৰ দিনটোক মিচিং সকলে পবিত্ৰ দিন হিচাপে গণ্য কৰে। সেয়ে মিচিং সকলে দঃঞি-পঃল, কাৰ্চিন-কাৰটাঙৰ সাক্ষী কৰি খেতি বাতিৰ কাম আৰম্ভ কৰে।

      সম্প্ৰতি মিচিং সমাজত জাতীয় সংগঠনৰ সমূহে আলি আঃয়ে লৃগাঙৰ সংস্কাৰ সাধন কৰিছে। বহু আলোচনা-বিলোচনাৰ পিছত জনাই বিজয়পুৰ জ:নৌকৰঙত অনুষ্ঠিত ৩৬ সংখ্যক মিচিং বা:নৌ কৌবাঙৰ সাধাৰণ অধিৱেশনত গৃহীত আলি আঃয়ে লৃগাঙৰ নিয়মাৱলী এই প্ৰৱন্ধত সন্নিৱিষ্ট কৰিলো। কাৰণ জাতিৰ উন্নতিৰ বাবে কিছুমান সংস্কাৰৰ প্ৰয়োজন। এই সাংস্কৃতিক পৰিবৰ্তন আৰু আখ্যান এই সিদ্ধান্তত বিদ্যামান।

   কাজেই এই হৃদয়স্পৰ্শী সিদ্ধান্ত পঢ়ো আৰু কাৰ্যকৰী কৰিবলৈ সকলোৱে সংকল্প গ্ৰহণ কৰো।


আলি আঃয়ে লৃগাং সন্দৰ্ভতঃ

       ১) গিনমুৰ পঃলৰ প্ৰথম দিনটোকেই ফাগুন মাহৰ প্ৰথম বুধবাৰ বুলি বিবেচনা কৰা হৈছে।সেই দিনতেই মিচিং কৃষি ভিত্তিক মাংগলিক বিধান মতে প্ৰথম দিনত বীজ ৰোপিত কৰা হেতু “আলি লৃগগদ” বুলি কোৱা হয়।আনহাতে এই মাংগলিক উৎসৱ বুধবাৰৰ পৰা পৰৱৰ্তী দেওবাৰত সমাপন কৰে। সেয়ে এই পাঁচ দিনীয়া উৎসৱৰ প্ৰথম দিনটোক “লিঃলোপ” (গুটি বা বীজ ফুলিবলৈ ধৰা) আৰু অন্তিম দিনটোক “লৃঃলেন” (গুটি বা বীজ অংকুৰিত হোৱা) আখ্যা দি আহিছে আৰু প্ৰচলিত নিয়ম মতে অন্তিম দিনতেই “য়দলেন” কাৰ্য সম্পন্ন কৰে আৰু সেই মতে দেওবাৰত য়দলেন কাৰ্য সম্পন্ন কৰিব।

২) আলি আঃয়ে লৃগাঙৰ প্ৰথম দিনা গাঁৱৰ ৰাইজে সমবেত হৈ "লৃগাং দঃয়িং লৃঃমাংস “অৰ্থাৎ লৃগাং আখ্যান প্ৰচাৰ হৈ আহিছে আৰু এই প্ৰৱনতা প্ৰচলিত হৈ থকা বাঞ্চনীয়। সেয়ে এই আখ্যান গোৱা বা কোৱা বাধ্যতামূলক ভাৱে চলিব।

৩) আলি আঃয়ে লৃগাঙৰ মেলামুখী প্ৰৱনতা প্ৰতিৰোধ কৰি ইয়াক এক আধ্যাত্মিক পৰম্পৰাগত ৰীতি-নীতি হিচাপে সুৰক্ষিত কৰিব।

৪) আলি আঃয়ে লৃগাঙক কেন্দ্ৰ কৰি সাম্প্ৰতিক সময়ত অনুষ্ঠিত হৈ কৰা সাংস্কৃতিক কাৰ্যসূচী বাদ দিব।

৫) মিচিং বাঃনৌ কৌবাঙৰ ৩৬ সংখ্যক অধিৱেশনত গৃহীত আলি আঃয়ে লৃগাঙৰ নিয়মাৱলী অনুসৰি আদি আঃয়ে লৃগাং উদযাপন কৰিব।


আলি আ:য়ে লৃগাঙৰ আখ্যান (Mythology) আৰু তাৎপৰ্যঃ

       পৃথিৱীৰ বিভিন্ন জাতি,জনগোষ্ঠীৰ দৰে অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰা মিচিং সকলৰো বিভিন্ন সময়ত বিভিন্ন পূজা, উৎসৱ অনুষ্ঠিত হয়, সেইবোৰৰ ভিতৰত আলি আঃয়ে লৃগাং, দবুৰ, পঃৰাগ, আদাঃ দাঙাং উৎসৱ আদি বিশেষ ভাৱে উল্লেখযোগ্য। আঃবাং ধন অৰ্থাৎ মিবু-মিৰৃ দেউদায়ে পৰিৱেশন কৰা মিচিং ধৰ্মীয়মূলক, স্ততিমূলক, পৌৰাণিক গীত সমূহৰ মিচিং সমাজৰ এই উৎসৱ-পাৰ্বন, পূজা-সকাম আদিৰ উৎপত্তি সম্বন্ধে কিছুমান আখ্যান পোৱা যায়। তেনেকুৱা আখ্যান অনুযায়ী পৃথিৱীৰ আদি মানৱ আবটানিয়ে চন্দ্ৰ দেৱতাৰ জীয়েক কাৰ্মীক বিয়া কৰাইছিল। দুয়োৰে মিলনৰ ফলত বহুতো সন্তান সন্ততিৰ জন্ম হৈ পৃথিৱীত মানুহেৰে ভৰি পৰে। ফলত ইয়াত জীয়াই থাকিবলৈ খাদ্যৰ নাটনি হোৱাত পিতামহ আবুটানি বৰ চিন্তিত হৈ পৰে। আবটানিয়ে তেওঁৰ বংশধৰ সকলৰ পৃথিৱীত কেনেকৈ জীয়াই থাকিব পাৰি তাৰ উপায় বিচাৰি এদিন এটা কুকুৰৰ সৈতে কঃজুম কঃজেল নিবাস স্থান ক:জে পা:তাঙলৈ যাত্ৰা কৰে।

     কঃজে পাঃচাং হ’ল শস্যান্ন আৰু প্ৰাণৰ কঃজুম কঃজেৰ নিবাস স্থান। এদিন তালৈ বুলি আবটানিয়ে যাত্ৰা আৰম্ভ কৰি এটা সময়ত হ্ৰদৰ তল পায়গৈ। সেই হ্ৰদৰ অন্তৰ্ভাগতেই আছিল কুঃজুম-কঃজেৰ দেশ কঃজে গৃতৌ। কিন্তু কঃজে পাঃচাঙত কেনেকৈ প্ৰৱেশ কৰে, সেই কথা ভাবি তেওঁ উপায়ন্তৰ হৈ এটা সময়ত হ্ৰদৰ পাৰত দুখনে ভাগৰে বহি পৰে। ঠিক সেই সময়ত নাতি দূৰৈত দঃয়িং বত্তৌ প্ৰকট হ’ল। আবতানিয়ে হঠাৎ দঃয়িং বত্তৌক হ্ৰদৰ পাৰত দেখা পায় তেওঁৰ ওচৰলৈ প্ৰনাম জনালে আৰু ভক্তি ভৰা প্ৰাৰ্থনাৰে শ্ৰদ্বা নিবেদন কৰিলে। আবতানিৰ প্ৰাৰ্থনাত দঃয়িং বত্তৌ তুষ্ট হৈ তেওঁক কি সহায় লাগে সুধিলে। তেতিয়া আবতানিয়ে পৃথিৱীত খাদ্য সংকটৰ ফলত মানৱজাতি বিনাশৰ উপক্ৰম হৈছে আৰু সেই ভয়াবহ সংকটৰ পৰা মুক্তি পাবৰ বাবে উপায় বিচাৰি খাদ্য-শস্য আৰু প্ৰাণৰ গৰাকী কঃজুম-কঃজেৰ ওপৰলৈ যোৱাৰ পথৰ সন্ধান বিচাৰে। দঃয়িং বত্তৌই আবটানিৰ হাতত বাংগৌন অৰ্থাৎ এডাল লাখুটি তুলি দি তাক লৈ কঃজুম কঃজে পাঃতাঙত বুৰ মাৰিবলৈ পৰামৰ্শ দিয়ে।

      আবতানিয়ে দীঘল লাখুটিডালত বৰ দি কঃজে গৃতৌঙত প্ৰৱেশ কৰে। কঃজুম-কঃজেয়ে কঃজে গৃতৌঙলৈ তেওঁ অহা কাৰণ সোধাত আবতানিয়ে পৃথিৱীৰ খাদ্য নাটনিৰ বাবে জনজীৱনৰ অস্তিত্বলৈ সংকট অৱস্থা অহা বুলি কয় আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় দিবলৈ কঃজুম-কঃজেক আকুল মিনতি কৰে। আবটানিৰ ভক্তি আৰু শ্ৰদ্বাভৰা প্ৰাৰ্থনাত সন্তুষ্ট কঃজুম-কঃজেয়ে তেওঁক শস্যৰ বীজ প্ৰদান কৰি খেতি কেনেকৈ কৰিব লাগে আৱটানিক পৰামৰ্শ দি কৈছিল।

Dígín gíbadyé,dígín-díiyé a:yé

Ba:pi yi:lungé yi:sa:yé

Gilíng-gallíngé lí:yé

Ali A:yém líggod la:ye....

      অৰ্থাৎ বসন্ত কালৰ প্ৰাকক্ষণত বীজ ৰোপণ কাৰ্য আৰম্ভ কৰিবলৈ লোক প্ৰবাদ আছে।

      পৰবৰ্তী কালত দঃয়িং বত্তৌৰ পৰামৰ্শত বিবিধ সঁচৰ বীজ সংগ্ৰহ কৰি আনি পৃথিৱীত সিঁচিলে বা ৰোপণ কৰিলে আৰু বীজ ৰোপণৰ মূহুৰ্তত নিম্ন উল্লেখিত শ্লোক বা লুবেঃ আওৰা হয়।

Sé akosinnangka

Do:nyé tadlangka

Po:lo tadlangka

Rugji me:rang tadlangka

Sitkin kedeng tadlangka

Ki:né na:né tadlangka

Ko:je go:lung go:samotagyi:ka

Ta:par go:lung go:samotagyi:ka

Panang oírém írsa:motagyi:ka

Banji oírém írsa motagyi:ka

Amgo go:lungém go:samotagyi:ka

Írroi, Írroi, Írroi

  সেই মতে আবতানিয়ে কঃজুম-কঃজে দেশৰ পৰা ধান, গোমধান, কচু, চৃংকৃগ, পাগলি, ঙীনতি, আঞ্জাগ, লদৰ আদি বীজ আনি পৃথিৱীত সিঁচি বা ৰোপণ কৰি “তাকু কুঃবাদ” কৰিবলৈ পৰামৰ্শ দিলে আৰু এই অনুষ্ঠানত নিম্ন উল্লেখিত শ্লোক বা লুবেঃ আওৰাবলৈ শিকাই দিলে।

Sé akosinnangka 

Gí:mang takuém ku:bad du:néiké

Odéng kadkadmangém kadbi du:néiké

Bumbo Sibiém bí:tid du:néké

Mi ogarém garmotoika

Mimang ogarém garmo toika

Lépo: séír motagyi:ka

Lakpo séír motagyi:ka

Sé gí:mang takuém ku:bad du:néika.

       কঃজুম-কঃজৌৰ প্ৰাপ্ত বিধান অনুসৰি লৃগগদ আৰু তাকু কুঃবাদ কাৰ্য সমাপন কৰি আৱটানিয়ে পাঁচ দিনলৈ ডেনা মানি পথাৰলৈ গৈ দেখে যে, বন কুকুৰা আৰু কপৌ চৰাইবোৰ শস্য বোৰ আঁচুৰি খাই শেষ কৰি থৈছে। তাকে দেখি আৱটানিয়ে শোকত কান্দি থকা অৱস্থাত ধেনু কাঁড়েৰে সু-সজ্জিত চৌকাঃৰী নামৰ ব্যাধ এজন প্ৰকট হৈ কান্দি থকাৰ কাৰণ সুধিলত তানিয়ে বন কুকুৰা আৰু কপৌ চৰাইবোৰ আঙুলিয়াই দেখুৱাই সকলো কথা বিক্ৰি ক’লে। এই বিৱৰণ শুনি ব্যাধজনে কাঁড় মাৰি কুকুৰা আৰু কপৌ চৰাইবোৰ মাৰি পেলালে। তানিয়ে বন কুকুৰা আৰু কপৌ চৰাইবোৰৰ বুকু ফালি কঠিয়া বোৰ উলিয়াই পুনৰ সিঁচি দিয়াত খেতি উৎপাদন হ’ল।

     “আলি লৃগগদ” মিচিং জাতীয় জীৱনত এৰাব নোৱাৰা এক কৃষি ভিত্তিক পৰম্পৰা অনুষ্ঠান। যিটো পূৰ্বৰ পৰা পৰিয়াল ভিত্তিক এই মাংগলিক কাৰ্য কৰাৰ লগতে গাঁও ৰাইজৰ সমূহীয়াভাৱে সমাপন কৰে। উল্লেখ্য যে, পূৰ্বতে এই ধৰ্মীয় বা কৃষ্টিগত কাৰ্য নিৰ্ধাৰিত বা মনোনীত দিনৰ বিয়লি বেলাতহে লৃগগদ আৰু তাকু কু:বাদ কাৰ্য সমাপন কৰা হৈছিল বুলি জনশ্ৰুতি আছে। বিশেষকৈ লৃগগদ কাৰ্যত এজোপা গছৰ গুৰিত চাৰিডাল পিঃৰ গুজি দিয়ে (পূৰ্বতে গছজোপা নাথাকিলে পাঁচডাল পি:ৰ আগুৰি গুজিছিল বুলি শুনা যায়) আৰু প্ৰতিডাল পিঃৰ’ৰ ঠাৰিৰ ফাঁকে ফাঁকে কঁপাহ খোচা গুজি দিয়া হয়।


প্ৰয়োজনীয় সামগ্ৰী ও ব্যৱহাৰিক কাৰ্যঃ

১) মুৰং, কোমচুং পঃয়ুপ প্ৰতীকী হিচাপে নিৰ্মাণ কৰিব।

২) আলি আঃয়ে লৃগাঙৰ উপলক্ষে নিৰ্মাণ কৰা মুৰং, কোমচুং আৰু পঃয়ুবৰ বেয়া বা ছাল নিৰ্মাণত খেল, টকৌপাত, তৌৰুক তৰা ব্যৱহাৰ কৰিব। ইয়াৰ পৰিবৰ্তে কলৰ ঢকুৱা, নাৰিকলৰ পাত অথবা তামোলৰ পাত ঢকুৱা ব্যৱহাৰ নকৰিব।

৩) মুৰং, কোমচুং আৰু পঃয়ুব ইত্যাদি নিৰ্মাণ ক্ষেত্ৰত বেঁত, বাঁহৰ টঙালি হাবি-বননিৰ বনলতা আদি ৰছি হিচাপে ব্যৱহাৰ কৰাটো নিয়ম। ইয়াৰ পৰিবৰ্তে চুটি, নাৰিকল ৰছি, প্লাষ্টিকৰ ৰচিত, তাঁৰ ব্যৱহাৰ নকৰিব।

৪) আলি আঃয়ে লৃগাঙৰ পতাকা অথবা যিকোনো ধৰণৰ কাপোৰ উঠাই উদযাপন কৰা নিয়ম নাই। সেয়েহে পতাকা উত্তোলনকে ধৰি তেনেধৰণৰ কাৰ্য নকৰিব।

৫) আলি আঃয়ে লৃগাঙৰ লৃগগদ/লৃঃলেন লৈকে স্বকীয় সাজপাৰ পৰিধান কৰিব আৰু লৃগাঙৰ ৰীতি -নীতি অনুযায়ী খাদ্য ব্যৱহাৰ কৰিব।

৬) আলি আঃয়ে লৃগাং গাঁও ভিত্তিতহে উদযাপন কৰিব পাৰিব।

৭) আলি আঃয়ে লৃগাং উৎসৱ আদৰণিৰ গগনা লৈ “Waiting night” নামাংকিত অপৰম্পৰাগত নীতি নকৰিব।

লৃগগদ/আমচিদ চিগনামঃ


১) লৃগগদৰ মাংগলিক কাৰ্য সম্পাদন কৰিবৰ বাবে পৰিষ্কাৰ স্থানত মাটি চহ কৰি এটা বেদী তৈয়াৰ কৰি ল’ব।

২) চহ কৰা মাটি ডোখৰৰ চাৰি দিশত একোডাল কৈ পি:ৰ গুজি দি ল'ব।গুজি দিয়া পিঃৰ (মেগেলা বন) পাতৰ ফাঁকে ফাঁকে কপাহ একোচাকৈ গুজি দিব।

৩) এই কাৰ্য সম্পাদন কৰিবৰ বাবে সামগ্ৰী বোৰ হ’ল - (ক) আম=আমৰ, আলি=চৃংকৃগ, আঃয়ে=উলি, আম্ম=চৃঃপাগ, আঅৃ=এঙে/লদৰ।

          ওপৰত উল্লেখিত সকলো সামগ্ৰী লগাব নোৱাৰিলেও অন্তঃত পাঁচ বিধ বীজ ৰোপণ কৰিব।

(খ) কপাহ খোচা আৰু পিঃৰ চাৰিডাল।

        লৃগগদ কাৰ্য সম্পন্ন কৰিবৰ বাবে যুগুত কৰা সকলোবোৰ সামগ্ৰী তিৰোতা গৰাকীয়ে হোৰা (Ígín) ত ভৰাই লৈ কান্ধত বা মূৰত ওলোমাই আনিব। পুৰুষগৰাকী (Sídbo Abu) মিত দা (মাতচৃগ) আৰু দা:নৃগ লগত নিব। লগতে লৃগগদ স্থানত উপস্থিত হোৱাৰ লগে লগে চৃদব আবু আৰু চৃদব আনে এই পূৱ ফালে মুখ কৰি থিয় হৈ সম্পাদন কৰিব। চৃদব আবুৰ লগত অনা মিত দা বা দাঃনৃগ দি চহ কৰা মাটিত সৰু সৰু গাঁত কৰি চৃদব আনেই Ígín ৰ শস্যৰ বীজ বোৰ উলিয়াই গাঁতবোৰত ৰোপণ কৰি যাব। এই দৰে শস্যৰ বীজ ৰোপণ কৰি থাকোঁতে আশীষ বচন মাতিব আৰু বচন শেষ হোৱাৰ পাছত ৰোপণ কৰা বীজবোৰৰ মাটিৰ গুৰি চপিই দি বীজবোৰ ৰিঃতিদ (ঢাকি) দিব। ইয়াৰ পিছত পূৰ্বে উল্লেখিত লুবেঃৰ ক্ৰমানুযায়ী আপং আৰু পানীৰে ৰোপণ কৰা ঠাইত ছটিয়াই দি মেগেলা বনৰ পাতখিনি ধানৰ লোক ধৰা প্ৰতীকী হিচাপে ভাঁজ কৰি বান্ধি দি লৃগগদ কাৰ্য সমাপন কৰিব।


তাকু কুঃবাদঃ

      লৃগগদ কাৰ্য সম্পন্ন কৰাৰ ঠিক পিছতেই তাকু কু:বাদ মাংগলিক কাৰ্য সম্পন্ন কৰা হয়। তাকু কুঃবাদৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰীবোৰ হ’ল - ১) তাকু (বাঁহেৰে বিশেষ ভাৱে নিৰ্মিত বস্তবিশেষ) ২) পঃঞক ৩) তাকেঃ ৪) Kamro ৫) ৰকপৃ ৬) পঃৰ আপং ৭) আচৃ (étung lo bompa:ye).

     বিশেষ স্থানত তাকু স্থাপন কৰি ল’ব। তাকু কুঃবাদ কৰিবলৈ বাবে য়কচা বা সৰু মাৰি এডাল সাজু কৰি ল’ব। তাকু কুঃবাদ কৰা ব্যক্তিগৰাকীয়ে প্ৰথমে চূঙাত অনা পানী আৰু আপঙেৰে ক্ৰম অনুযায়ী তাকুটোৰ ওপৰত ছটিয়াই পবিত্ৰ কৰি ল’ব। সেই খিনি কৰাৰ পাছত তাকুটো আচাৰ মাৰি খুলি দিব আৰু বচন মাতিব।

         লৃগগদ আৰু তাকু কুঃবাদ কাৰ্য সমাপন হোৱাৰ আগ মুহূৰ্ত্তত এই স্থানটোৰ চাৰিওফালে ঘড়ীৰ কাঁটাৰ গতিৰ বিপৰীতে পাঁচ বাৰ ঘূৰি গুমৰাগ নৃত্য কৰিব। তেনেকৈ নৃত্য কৰাৰ পাছত লৃগগদ আৰু কু:বাদ মাংগলিক অনুষ্ঠান অন্ত পৰিব।

  লৃগগদ আৰু তাকু কুঃবাদ কৰা পুৰুষ ব্যক্তিগৰাকীয়ে গনৰ, লুগবৰ, মৌৰপুং আৰু মহিলাগৰাকীয়ে ৰুমবুং, গেৰ, গালোগ আৰু মিচিং স্বকীয় অলংকাৰ পিন্ধিব পাৰিব।

      পাঁচ দিন গেনা ৰাখিব আৰু শুকান মাছ মাংস খাব পাৰিব। মিচিং জাতীয় সংগঠন আৰু মিচিং বা:নৗ কৗবাঙৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত মৰ্মে আমি আলি আঃয়ে লৃগাং উদযাপন কৰা উচিত। লাহে লাহে আমাৰ মিচিং সমাজত এই সিদ্ধান্ত কাৰ্যকৰী হোৱা পৰিলক্ষিত হৈছে। পূৰ্বতে আলি আঃয়ে লৃগাং মানে আপং আজিন উভৈনদী হোৱা উৎসৱ বুলি লোৱা ধাৰণা বৰ্তমান মাংগলিক উৎসৱত পৰ্যবসিত হোৱা দেখা গৈছে। পূৰ্বতে হোৱা সংগীত সন্ধিয়া বা সাংস্কৃতিক সন্ধিয়া লাহে লাহে বিলুপ্ত হোৱাৰ পৰে গতি কৰিছে। এয়া জাতিৰ প্ৰতি সন্মান আৰু সকলো দিশতে উন্নতিৰ জখলাত বগাই যোৱাৰ পথ মসৃণ কৰিছে। আঞ্চলিক বা কেন্দ্ৰীয় বাবে অনুষ্ঠিত এক দুটাকৈ নগৰৰ বাদে আলি আঃয়ে লৃগাং এতিয়া গাঁৱৰ পথাৰত গুমৰাগ নাচিবলৈ সংকল্প গ্ৰহণ কৰিছে।

_____________________________________________________________________________________________

সহায়কঃ যোৱা ১৯-

১-২০২০ তাৰিখে মিচিং বাঃনৗ কৗবাং আৰু জাতীয় সংগঠনৰ প্ৰস্তাৱৰ সহায় লোৱা হৈছে।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages