চৰকাৰী বন্ধত আলি আঃয়ে লৃগাং উৎসৱৰ প্ৰাসংগিকতা
জাতিৰাম কামান
আলি আঃয়ে লৃগাঙৰ বিষয়ে নতুনকৈ দীঘলীয়াকৈ লিখি পাঠকৰ সময় বেছি ল’ব বিচৰা নাই। কাৰণ, আলি আঃয়ে লৃগাং অসমৰ বাবে অচিনাকী নাম হৈ থকা নাই। আলি আঃয়ে লৃগাঙৰ বিষয়ে এতিয়ালৈকে অনেক প্ৰৱন্ধ পাতি লেখা হৈ গৈছে বহু ন পুৰণি লেখকৰ দ্বাৰা।তথাপিও চুটিকৈ আলি আঃয়ে লৃগাঙ (লিগাং) ৰ বিষয়ে পঢ়ুৱৈৰ জ্ঞাতাৰ্থে অৱগত কৰিছো।
থোৰতে লৃগাং উৎসৱ হল শস্য সিঁচা উৎসৱ।ইয়াক ফাগুণ মাহৰ প্ৰথম বুধবাৰে মিচিং সকলে উদযাপন কৰে।আমি ইয়াত লৃগাং উৎসৱনো কি সেই বিষয়ে বহলাই নিলিখো। লৃগাঙৰ বিষয়ে আন প্ৰবন্ধত পাঠকে বহলাই জানিব পাৰিব।
ইয়াৰ পৰিৱৰ্তে আমি ইয়াত মিচিং সমাজত আলি আঃয়ে লৃগাং উৎসৱৰ গুৰুত্ব আৰু অসমৰ সাংষ্কৃতিক জীৱনত ইয়াৰ প্ৰাসংগিকতাৰ বিষয়েহে কিছু আলোকপাত কৰিব বিচৰা হৈছে।
আদিম কালৰে পৰা মিচিং সকল কৃষি নিৰ্ভৰ জনগোষ্ঠী।অন্যান্য জনজাতি সকলৰ দৰে পাহাৰৰ পৰা অসমৰ সমতল ভূমিলৈ প্ৰৱজিত হোৱা দিনৰে পৰা কৃষিভূমি বিচাৰি নৈ পৰীয়া উৰ্বৰ ভূমিখণ্ডত মিচিং সকলে বসবাস কৰিবলৈ লয়। নৈৰ পাৰত থাকি পলসুৱা মাটিত খেতি বাতি কৰাৰ লগতে বাৰিষা নৈয়ে উটুৱাই অনা কাঠ খৰি নাৱেৰে ধৰি ৰাখি জুই জ্বলোৱা ইন্ধন হিচাপে মিচিং সকলে শুকান খৰিবোৰ ব্যৱহাৰ কৰি আহিছে। লগতে নৈৰ বোৱতি পানীতেই সাতুৰি নাদুৰি গা পা ধুই নৈৰ পানীকেই কলহ ভৰাই আনি ঘৰুৱা ৰন্ধা বঢ়া কামত ব্যৱহাৰ কৰি আহিছে। ভৰ বাৰিষা নৈৰ পানীয়ে দিগদাৰ দিলেও, নৈয়ে খেতি বাৰীৰ মাটি খহাই নিলেও, আকৌ নতুন মাটি ভাঙি ঘৰ পাতি খেতি বাতি কৰি নৈ'ৰ সতে সহাৱস্থান কৰি অহা একমাত্ৰ পৰিশ্ৰমী অসমৰ জনগোষ্ঠীটোৱেই হ’ল মিচিং জনগোষ্ঠী।মিচিং সকলৰ বাদে নৈ’ৰ সতে যুঁজ বাগৰ কৰি জীৱিকাৰ বাবে সহাৱস্থান কৰি থকা বেলেগ জনগোষ্ঠী আচলতে অসমত দেখা নাযায়।
নৈয়ে অত্যাচাৰ কৰিলেও সহজ সৰল মিচিং সকল নৈ’ক এৰি যাব নোৱাৰে; কাৰণ, তেওঁলোকে নৈৰ পাৰত থাকি ভাল পোৱা জনগোষ্ঠী। কাজেই, মিচিঙসকলক নদীপ্ৰিয় নদীয়াল মিচিং বুলিব পাৰি।
কৃষিজীৱি হোৱা বাবে মিচিং সকল কৃষিৰ ওপৰত ভৰসা কৰি থাকিব লগা হয়। কৃষি নিৰ্ভৰ জাতি হিচাপে তেওঁলোকৰ কৃষিৰ লগত ওতঃপ্ৰোতভাৱে এৰাব নোৱৰা সম্পৰ্ক এটা আছে। সেই সম্পৰ্কক ভিত্তি কৰিয়েই মিচিং সমাজে পৰম্পৰাগত ভাৱে পালন কৰি আহিছে শস্য সিঁচাৰ উৎসৱ,যি আলি আঃয়ে লৃগাং নামে অসমত বিখ্যাত। আলি আঃয়ে লৃগাং মিচিং সকলৰ বাবে অকল এটা পৰ্বই নহয় বৰঞ্চ তেওঁলোকৰ বাবে লৃগাং (লিগাং) এটি ধৰ্মীয় উৎসৱো। এই উৎসৱ সপ্তাহজোৰা পৰম্পৰাগত ভাৱে পালন কৰি আহিছে মিচিং সকলে।
পূৰ্বতে আলি আঃয়ে লৃগাং অসম উপত্যকাত সৰ্বাত্মক ৰূপত পতা দেখা পোৱা নগৈছিল যদিও এতিয়া অসমত সৰ্বাত্মক ৰূপত পালন কৰা পৰিলক্ষিত হয়। এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি নামনি অসমৰ সকলো প্ৰান্তৰ লোকেই আলি আঃয়ে লৃগাং মিচিং সকলৰ প্ৰধান উৎসৱ বুলি জানে যিদৰে বড়ো জনগোষ্ঠীৰ বাথৌ পূজা অসমৰ মানুহে জানে।তদ্ৰুপ চাহ জনগোষ্ঠী সকলৰ তুচু, কৰম পূজা আৰু ইউ পি বিহাৰৰ পৰা অহা অনা অসমীয়াসকলে পালন কৰা ষঠ পূজা।
এইখিনিতে মন কৰিবলগীয়া যে অসম চৰকাৰে চুকাফা দিৱস,চিলাৰায় দিৱস, লাচিত দিৱস আদিকে প্ৰমুখ্য কৰি বাথৌ পূজা, তুচু পূজা, কৰম পূজা, চঠ পূজা আদি বহু কিছু পৰ্বৰ বাবে অসমত চৰকাৰী বন্ধৰ তালিকাভুক্ত কৰাৰ পাছতো আলি আঃয়ে লৃগাং উৎসৱৰ বাবে আজি পৰ্য্যন্ত চৰকাৰী বন্ধ ঘোষণা নহল,যদিও মিচিং সমাজে অনেক কাকূতি মিনতি, আন্দোলন, দাবী আদি কৰি আহিছে পৰ্য্যায় ক্ৰমে।
অসমৰ বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু, এই তিনিটি বিহু জাতীয় বিহু হোৱা বাবে চৰকাৰী বন্ধৰ তালিকাভুক্ত হোৱাত কোনো আপত্তি থাকিব নোৱাৰে। কিন্তু বাথৌ, তুচু, চঠ, কৰম আদি সকলো জনগোষ্ঠীয় পূজাবোৰে চৰকাৰী বন্ধত স্থান পোৱাৰ পাছতো অসমৰ দ্বিতীয় বৃহত্তৰ মিচিং জনজাতি সকলে সপ্তাহজোৰা পালন কৰা আলি আঃয়ে লৃগাঙ উপলক্ষে অন্ততঃ এদিনৰ বাবে হলেও বন্ধ নোপোৱাতো বৰ পৰিতাপৰ কথা!
তেনে পৰিপ্ৰেক্ষিতত এইটো প্ৰতীয়মান হয় যে অসম চৰকাৰে মিচিং সম্প্ৰদায়ক মাহী আইৰ দৃষ্টিৰে চাই আহিছে।
কথাটো এনেকুৱা – অসমৰ দ্বিতীয় বৃহত্তৰ ভূমিপুত্ৰ মিচিং সকলে নিজৰ বাপতি সাহোন স্বৰূপ আলি আঃয়ে লৃগাঙক নিজে যিমান গুৰুত্ব প্ৰদান কৰি আহিছে সিমানেই চলি অহা অসম চৰকাৰ সমূহে আলি আঃয়ে লৃগাঙক গুৰুত্বহীন কৰি আহিছে! অৱশ্যে শেহতীয়াকৈ দহখন মিচিং অধ্যুষিত জিলাত স্থানীয় বন্ধৰ ঘোষণা কৰিছে চৰকাৰে কিন্তু সেয়া যথেষ্ট নহয়। লৃগাঙৰ বাবে এদিনীয়া পূৰ্ণাংগ বন্ধ দিয়াতো উচিত।
সুধাকন্ঠ ভুপেন হাজৰিকাই গাইছে –
বহাগ মাথোঁ এটি ঋতু নহয়,
নহয় বহাগ এটি মাহ
ই অসমীয়া জাতিৰ আয়ুস ৰেখা
গন জীৱনৰ সাহ...........
এৰা, সুধাকন্ঠই ঠিকেই গাইছে – বহাগ মাথোঁ এটি ঋতু নহয়,ই অসমীয়া জাতিৰ আয়ুস ৰেখা। ঠিক তেনেকৈ আলি আঃয়ে লৃগাং হ’ল মিচিং সকলৰ আয়ুস ৰেখা। লৃগাং উৎসৱ মিচিং সকলৰ প্ৰাণৰ উৎসৱ। ঠিক মূলসূঁতি অসমীয়া জাতিৰ বহাগ বিহুৰ দৰে।
পৰম্পৰাগতভাৱে চলি অহা বহাগ বিহু হ’ল অসমীয়া কৃষ্টি সংষ্কৃতিৰ ধব্জা বাহক। বহাগ বিহুৰ নৃত্য গীতে যেনেকৈ অসমীয়া সংস্কৃতিক এটা উল্লেখনীয় মাত্ৰা প্ৰদান কৰি আহিছে ঠিক তেনেকৈ বড়োসকলৰ বাগাড়োম্বা নৃত্য গীত আৰু মিচিঙৰ গুমৰাগ নৃত্য-গীতো এক সুকীয়া সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে অসমীয়া কৃষ্টি সংস্কৃতিৰ বিকাশ সাধনত।
কাজেই, বিহু গীত নৃত্য তথা বাগাড়োম্বা নৃত্য গীতৰ দৰে গুমৰাগ নৃত্য গীতৰো অৱদান কোনো গুণেই কম নহয় বৃহত্তৰ অসমীয়া সংস্কৃতিৰ উত্তৰণ আৰু বিকাশ সাধনত।
কিন্তু ইয়াতেই সাংষ্কৃতিক বৈষম্যৰ কথাটো বৰ দৃষ্টিকটু ভাৱে আহি পৰে। সাংষ্কৃতিক বৈষম্য এইবাবেই কব লগা হৈছে যে বাথৌ, তুচু কৰম পূজা আদি সংস্কৃতি বহনকাৰী ধৰ্মীয় উৎসৱ সমূহে চৰকাৰী বন্ধত স্থান যদি পাব পাৰে তেন্তে মিচিঙৰ ধৰ্মীয় উৎসৱ আলি আঃয়ে লৃগাঙে কিয় চৰকাৰী বন্ধত স্থান পাব নোৱাৰে? ইয়াতে উল্লেখনীয় যে আলি আঃয়ে লৃগাং উৎসৱ কেৱল ধৰ্মীয় উৎসৱেই নহয় বৰঞ্চ ই কৃষি ভিত্তিক মাংগলিক উত্রসৱ।মিচিং তথা বৃহত্তৰ অসমীয়া সমাজৰ ঐতিহ্য বহনকাৰী কৃষি উৎসৱ বুলি কলেও হয়তু বঢ়াই কোৱা নহব। এই উৎসৱতেই শস্য সিঁচা পৰ্ব আৰম্ভ হয়। কৃষি কৰ্ম জনজাতীয় তথা অসমৰ অন্যান্য জনগোষ্ঠী সকলৰ প্ৰধান জীৱিকাৰ উপায়।কাজেই কৃষিকৰ্মৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত সমাজখনৰ বাবে শস্য সিঁচা মাংগলিক উৎসৱ আলি আঃয়ে লৃগাঙে সাৰ্বজনীনতা লাভ কৰাত দ্বিমত থাকিব নালাগে।
অসমৰ জাতীয় ঐতিহ্যত অৱদান যোগোৱা জনগোষ্ঠীয় ভূমিপুত্ৰৰ ঐতিহ্য বহনকাৰী পাৰম্পৰিক উৎসৱৰ হেতু এদিন মাত্ৰ চৰকাৰী বন্ধ পাবৰ বাবে জনগোষ্ঠীটোৰ জাতীয় সংগঠন সমূহে অথবা সমগ্ৰ গোষ্ঠীটোৱে আন্দোলন/দাবী আদি কৰিব লগাতো অতিশয় পৰিতাপৰ কথা।
উৎসৱৰ গুৰুত্ব বুজি বিহু, বাথৌ, তুচু, কৰম, ষঠ আদি পৰ্বই যদি চৰকাৰী বন্ধৰ স্থান সগৌৰৱে দখল কৰিব পাৰে তেন্তে আলি আঃয়ে লৃগাঙে তেনে স্থান এটা কিয় পাব নোৱাৰে?
মিচিং সকলে লৃগাং বন্ধ পাবৰ বাবে আন্দোলন কৰি চৰকাৰক দাবী জনোৱাৰ প্ৰয়োজন মুঠেও নাই বুলি আমি ভাৱো।বিপৰীতে চৰকাৰে গুৰুত্ব বুজি স্বতঃস্ফূৰ্ত ভাৱে ‘আলি আঃয়ে লৃগাঙ’ক চৰকাৰী বন্ধৰ তালিকাভুক্ত কৰাতো চৰকাৰৰ নৈতিক দায়িত্ব আৰু সাংবিধানিক কৰ্তব্য।
চৰকাৰৰ চকু কেতিয়া মুকলি হব?সুদৃষ্টি কেতিয়া পৰিব আলি আঃয়ে লৃগাঙৰ প্ৰতি? আমি আশা ৰাখিছোঁ চৰকাৰ শীঘ্ৰেই সুপ্ৰসন্ন হ’ব লৃগাঙৰ প্ৰতি। আমি আশাৰে বাদ চাই আছো অনাগত বৰ্ষবোৰত যাতে যেন চৰকাৰী বন্ধ শুৱনি কৰিব ‘আলি আঃয়ে লৃগাঙে’। অসমীয়া কেলেণ্ডাৰৰ ফাগুণ মাহৰ প্ৰথম বুধবাৰত Ali A:ye Lígang ফেষ্টিভেলৰ বন্ধ হিচাপে স্থান দখল কৰিব!
Restricted holiday, স্থানীয় বন্ধ অথবা কেৱল মিচিং অধ্যুষিত জিলাত বন্ধ বাৰটো সীমিত নকৰি সামগ্ৰিকভাৱে অসম চৰকাৰে চৰকাৰী বন্ধৰ তালিকাত স্থান দিয়ক। চৰকাৰী বন্ধত ঠাই পোৱাৰ যোগ্য আলি আঃয়ে লৃগাং উৎসৱটি। কাৰণ বহাগ বিহু অথবা বৈশাগু ৰ দৰেই ঐতিহ্য বহনকাৰী কৃষি ভিত্তিক উৎসৱ হ’ল আলি আঃয়ে লৃগাং।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:
Post a Comment