মিছিং সকলৰ পৰম্পৰাগত খাদ্য নামচিঙৰ ওপৰত চমু অৱলোকন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

মিছিং সকলৰ পৰম্পৰাগত খাদ্য নামচিঙৰ ওপৰত চমু অৱলোকন

 

মিছিং সকলৰ পৰম্পৰাগত খাদ্য নামচিঙৰ ওপৰত চমু অৱলোকন


জুমী চিৰিং

কঠালগুৰি, লক্ষীমপুৰ


    মিছিং সকলৰ পৰম্পৰাগত আৰু জনপ্ৰিয় এবিধ খাদ্য হ’ল নামচিং। ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা কৃষি ভিত্তিক উৎসৱ আলি আই লিগাঙত এই খাদ্য বিধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তৰা পাতৰ টোপোলা ভাত (পুৰাং আপিন) ৰ সৈতে এই বিধ খাদ্যৰে অতিথিক আপ্যায়ন কৰিবলৈ নাপালে উৎসৱটি আধৰুৱা যেন অনুভৱ কৰে এই সম্প্ৰদায়ৰ লোক সকলে। এই খাদ্য বিধৰ প্ৰচলন কেৱল মিছিং সম্প্ৰদায়ৰ লোক সকলৰ মাজতে সীমাবদ্ধ তেনে নহয়, এই বিধ খাদ্য বড়ো, কছাৰী আৰু মণিপুৰী জনজাতিৰ লোক সকলৰ মাজতো বহুলভাৱে প্ৰচলন দেখা  যায়। অৱশ্যে ঠাই ভেদে নামচিঙৰ সলনি বেলেগ বেলেগ নামেৰে নামাকৰণ কৰা হয়। নামচিং খাদ্য বিধক বড়ো - কছাৰী সকলে চুঙাৰ চাটনি বা শুকতি বুলি কয়। মণিপুৰী সকলে নামচিঙক “ইৰাম্বো” বুলি কয়। উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া জনজাতিৰ সকলৰ মাজতো এই বিধ খাদ্য প্ৰচলন দেখা যায়। অৱশ্যে এই খাদ্য বিধৰ উগ্ৰ গোন্ধৰ থকা বাবে অন্য গোষ্ঠীৰ লোক সকলৰ মাজত বিশেষ ভাৱে চৰ্চিত যদিও  এই খাদ্য বিধৰ বিজ্ঞান ভিত্তি উপকাৰিতা নথকা নহয়। এই বিধ খাদ্যই  দেহৰ কোনো অপকাৰ নকৰে বৰঞ্চ কিছুমান মাৰাত্মক বেমাৰ বিজাণু  নিৰাময় কৰিব পৰা উপকাৰী গুণ নিহিত আছে।


নামচিঙৰ প্ৰস্তুত প্ৰণালীঃ

   নামচিং খাদ্য বিধৰ মূল উপাদান হ’ল মাছ। প্ৰথমতে মাছখিনি ধোঁৱাচাঙত ভালদৰে চালনীত শুকুৱাই ল’ব লাগে। নামচিং তৈয়াৰ কৰিব বাবে সৰু মাছ হ’লে বেছি ভাল হয়। কাৰণ সৰু মাছবোৰ সোনকালে বা ভালদৰে শুকুৱাত সুবিধা জনক। চালনীত শুকুৱা মাছখিনি দুই-তিনি দিনমান লুটিয়াই দিয়া পাছত মাছখিনি সম্পূৰ্ণকৈ শুকাই যোৱা আগতেই মিহিকৈ খুন্দি ল'ব লাগে। মাছৰ গুৰি খিনি যাতে বহুত দিনৰ লৈকে সংৰক্ষিত কৰিব পাৰে তাৰ বাবে শুকান মাছখিনি সৈতে বনৰীয়া কচুৰ ঠাঁৰি আৰু নলটেঙা মিহলি কৰি খুন্দা হয়। তাৰপিছত বাঁহৰ চুঙাত নতুবা সৰু মাটিৰ টেকেলীত ভিতৰলৈ বায়ু সোমাব নোৱাৰাকৈ বিহলঙনী নাইবা শুকান কলপাতেৰে টানকৈ সোপা মাৰি থোৱা হয়। নামচিঙৰ চুঙা বা মাটিৰ টেকেলী কেইটা সুৰক্ষিতকৈ ধোঁৱা চাঙত তুলি ৰখা হয়। এনেদৰে এমাহমান ৰখা পাছতহে নামচিং খাদ্য বিধ খাবলৈ উপযোগী হয়।


নামচিঙৰ পৰিবেশনঃ

    মিছিং সকলৰ পৰম্পৰাগত খাদ্য বিধ বিশেষকৈ কৃষি ভিত্তিক উৎসৱ আলি আই লৃগাঙত অতিথিক আপ্যায়ন কৰিবলৈ ব্যৱহৃত হয়। আলি আই লৃগাঙৰ  দিনা কচু ঠাঁৰি, নামচিং আৰু খুন্দু চাউলৰ (আমৃন) গুৰি দিয়া ব্যঞ্জনৰ সৈতে তৰাপাতত দিয়া টোপোলা ভাতৰ লগত পৰিবেশন কৰা হয়। কেতিয়াবা আকৌ তৰাপাত বা কলপাতত দিয়া নামচিঙৰ সৈতে পোৰা আলু, কণী বিলাহী আৰু শুকান জলকীয়াৰ গুড়ি লগত জুতি লগাকৈ পৰিবেশন কৰে। আন কিছুমান লোকে নামচিঙৰ সৈতে ভূলৰ ভাঁজি কৰিও পৰিবেশন কৰা দেখা যায়। মিছিং সকলৰ পৰম্পৰাগত এই বিধ খাদ্য যে কেৱল মিছিং অধ্যুষিত এলেকাতে পৰিবেশন কৰা হয় তেনে নহয়।ঠাই বিশেষে অন্য জনগোষ্ঠীৰ লোক সকলৰ মাজতো এই বিধ খাদ্যই জনপ্ৰিয়তা লাভ কৰা  দেখা পোৱা যায়।


নামচিঙৰ উৎপত্তিঃ

    মিছিং সম্প্ৰদায়ৰ লোক সকলৰ বসতি স্থান সাধাৰণতে নৈৰ পাৰত। এই সম্প্ৰদায়ৰ বহুতো লোকে নদীৰ পৰা পোৱা প্ৰাকৃতিক সম্পদ সমূহ সংৰক্ষণ আৰু বিনিয়োগৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে। এই সম্প্ৰদায়ৰ অধ্যুষিত এলেকাত বহু বছৰৰ লৈকে চৰকাৰী উন্নয়ন মূলক আচঁনি ৰাস্তা-ঘাট, স্কুল-কলেজ আৰু বিজুলী-বাতিৰ ব্যৱস্থা নাছিল। ফলস্বৰূপে অত্যাধুনিক ইলেকট্ৰনিক সামগ্ৰী ব্যৱহাৰ সম্পৰ্কেও লোক সকল জ্ঞাত নাছিল। তেওঁলোক বসতি স্থানৰ কাষতে থকা নৈ-বিল সমূহৰ পৰা বিভিন্ন সা-সৰঞ্জামৰ সহায়ত মাছ ধৰা কাৰ্যত নিপুণ আছিল।কেতিয়াবা নৈ, বিল সমূহৰ পৰা পোৱা বুজন পৰিমাণৰ মাছ সমূহৰ সংৰক্ষণৰ বাবে অন্য কোনো ব্যৱস্থা নাছিল বাবে নামচিং হিচাপে সংৰক্ষণ কৰাই একমাত্ৰ উপায় আছিল। কাৰণ মিছিং সম্প্ৰদায়ৰ লোক সকল মৎস্যজীৱি নাছিল।

   যদিও নামচিঙৰ উগ্ৰ গোন্ধৰ বাবে অন্য জনগোষ্ঠীৰ লোকসকলৰ মাজত বিশেষভাৱে চৰ্চিত বিষয় তথাপিও কিন্তু ইয়াৰ বিজ্ঞান ভিত্তিক উপকাৰী গুণ নথকা নহয়। শৰীৰ সু-স্বাস্থ্য আৰু নিৰোগী কৰি ৰাখিব বাবে এই বিধ খাদ্যই অথাৎ নামচিঙৰ পৰা যথেষ্ঠ পৰিমাণে সু-ফল লাভ কৰিব পাৰি। পাহাৰীয়া জনজাতিৰ সকলৰ মাজতো অগাধ বিশ্বাস যে- নামচিং নামৰ খাদ্য বিধৰ বহুতো ঔষধি গুণ আছে। কাৰণ এই বিধ খাদ্য পৰিবেশন কৰিলে মাৰাত্মক মেলেৰিয়া ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰি। ইয়াৰ উপৰিও এই বিধ খাদ্য প্ৰচুৰ পৰিমাণে প্ৰ'টিন যুক্ত। সেয়েহে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজতো নামচিঙৰ চাহিদা আৰু জনপ্ৰিয়তা দিনক দিনে বাঢ়িবলৈ ধৰিছে। ফলস্বৰূপে অসমৰ জনগোষ্ঠীয় খাদ্য তালিকাত নমচিঙে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages