চিয়াংঙৰ পৰা ভৈয়ামলৈ মিচিং সকলৰ আগমন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

চিয়াংঙৰ পৰা ভৈয়ামলৈ মিচিং সকলৰ আগমন

 


চিয়াংঙৰ পৰা ভৈয়ামলৈ মিচিং সকলৰ আগমন


দিলীপ কুমাৰ কমান

গোগামুখ কঁঠাল গুৰি


    মিচিং সকল মংগোলীয় গোষ্ঠীৰ মিয়াও-য়াও  জনগোষ্ঠীৰ লোক। আজিৰ পৰা প্ৰায় পাঁচ-ছয় হেজাৰ পূৰ্বে মঙ - মিয়াও জন গোষ্ঠীৰ লোকসকলে চীনৰ মধ্য ভূখণ্ডত উত্তৰ মেৰু প্ৰদেশৰ পৰা আহি বসবাস কৰিবলৈ লয়।পূৰ্বে মঙ - মিয়াও সকল হুৱাংহো (হালধীয়া নদীৰ) পাৰৰ বাসিন্দা আছিল। তেওঁলোকৰ মতে we were in china before chiness অৰ্থাৎ তেওঁলোকে চীনৰ আদিমতম বাসিন্দা যাক কোৱা হয় ভূমি পুত্ৰ বুলি। খৃঃ পূ  আঢ়ৈ হেজাৰলৈ তেওঁলোকৰ নিজস্ব ৰাজতন্ত্ৰও প্ৰতিষ্ঠা হয় চীনৰ মাটিত। কিন্তু কাল ক্ৰমত বাঢ়ি অহা হুৱা চিয়াৰ (আজিৰʼহনʼ চীনয় মানুহ খহিনিৰ পূৰ্বৰ নাম) প্ৰতিপতিৰ ফলত তেওঁলোক উত্তৰ আৰু পূৱ চীনৰ মাটিৰ পৰা বিতাৰিত হ’ব লগা হৈ ক্ৰমান্বয়ে দক্ষিণ চীনলৈ অপসাৰিত হৈ পৰে।

        ২২৫ খৃঃ পূঃ সময়ৰ পৰা চীনৰ ভূখণ্ডৰ পৰা আন আন জাতি জনগোষ্ঠীৰ চীনৰ দক্ষিনাংশলৈ সোঁত ববলৈ আৰম্ভ কৰিছিল। মিচিং জনগষ্ঠীৰ মৌখিক ইতিহাসমতে তেওঁলোকে য়াৰ্লুং চিয়াং নদীৰ পাৰতো বহু বছৰ ধৰি বসবাস কৰিছিল। এই য়াৰ্লুং নৈ খন পূৱ তিৰ্বতৰ নামনিৰে চীনৰ দক্ষিণাঞ্চললৈ বৈ যোৱা এখন নদী।  নদীখনৰ পশ্চিমেৰে সমান্তৰাল ৰূপত কিছু দুৰেৰে তিবৰ্বতৰ উপৰি ভাগৰ পৰা বৈ আহিছে য়াংজে কিয়াং নৈখনো দক্ষিণলৈ। এই য়াৰ্লুং আৰু য়াংজে কিয়াংঙকে লগৰী কৰি বহুতো মঙ-মিয়াও জনগোষ্ঠীৰ অন্তৰ্গত অন্য

খেলসমূহ চীনৰ মূল ভূ-খণ্ডৰ পৰা আঁতৰি দক্ষিণ পশ্চিম চীনৰ পৰা কিছুমানে একেবাৰে দক্ষিণলৈ, কিছুমান পশ্চিমলৈ আৰু কিছুমানে উত্তৰ পশ্চিমলৈ গতি কৰিছিল। নৈ দুখনৰ উপত্যকাৰে উত্তৰলৈ আহি থকা জাতি জনগোষ্ঠীৰো বহু খেল বাটতে বিচ্ছিন্ন হৈ পৰিছিল, ইটোৱে সিটোৰ পৰা, মিচিংগোটটোৱে য়াৰ্লুংঙক অনুসৰন কৰি উত্তৰলৈ গৈ গৈ লান চাও পৰ্য্যন্ত পাইছিগৈ। কিন্তু তাৰে পৰা যাত্ৰা সূবিধাজনক নেদেকি পুনৰ নামি আহি য়াংজে কিয়াং নৈৰ উৎসলৈকে অনুসৰণ কৰি গৈ গৈ অতি দুৰ্গম ঠাইত উলাইছিলগৈ। তাৰে পৰা তেওঁলোকে উত্তৰ পশ্ছিম তিব্বতত সোমাই মানস সৰোবৰৰ অঞ্চলত কিছু বছৰ আছিল আৰু তাৰে পৰাই এদিন চাংপো নৈক অনুসৰণ কৰি কৰি আহি অৰুণাচল সোমাইছিলহি। চাংপো নৈক অনুসৰণ কৰি আহিছিল কেৱল মিচিং জনগোষ্ঠী টোৱে। এইয়া চাংপো নৈৰ দক্ষিনে ন্যাং নৈ উপত্যকা এইয়াই কংপো অঞ্চল, এই কংপো উপত্যকাৰ, মেম্বা, লোভা, দেং, নু, নিংবো, টাগিন, দোলুং, ইত্যাদি অসংখ্য জাতি জনগোষ্ঠীৰ বসবাস। কিন্তু আজিৰ পৰা কিছু শ বছৰ আগলৈকে এই ঠাইবোৰ হেনো সম্পূৰ্ণ জনশূন্য আছিল। দক্ষিণলৈ থকা আৰন্যভূমিৰ সন্ধানতে যুগ-যুগান্তৰৰ পৰা মানুহবোৰ আহি আছে। এইয়া পেই ।ইয়াৰ পৰাই হেলনীয়াকৈ ওখ দছিয়ং পৰ্বত। দছিয়ং পৰ্বতৰ এই নামনি অঞ্জল পেইৰ পৰা মানুহবোৰ পৰ্বত বগাই আহিব ধৰিলে। এদিন পেইৰ নামনিৰ পৰা উঠি ওপৰৰ পৰা দেখিবলৈ পোৱা  যায় দছিয়ংলা।

  সেই পৰ্বতৰ পৰা দক্ষিণ দিশলৈ যাবলৈ এই অঞ্চল জুৰি এইটো এটাই গিৰিপথ দছিয়ংলা। সেই গিৰিপথেৰে পাঁচ ছয়দিন ধৰি আগুৱাই গলে পুৱে মেদক আৰু দক্ষিণলৈ পেমাকুচুং। ঘন ৰহস্যময়ী পেমাকুৰ তিনিওফালে চাংপো। কিন্তু পেমাকুচু্ংঙলৈ যাত্ৰা সম্ভৱ নোহোৱাত মানুহবোৰ পেই নৈৰ পাৰত ৰৈ গ’ল।

     খৃঃ পূঃ সাত  হেজাৰ। উত্তৰ মেৰুৰ বৰফাবৃত পৰ্বতৰ পৰা এখন নদী সজোৰে গতি কৰিছে দক্ষিণলৈ, কি নদী হব পাৰে এইখন ইনিছি ? মধ্য চিবিৰ অঞ্চলৰ মাজেৰে এই বৰফময় নদিখনৰ বৈ যোৱাৰ দুয়োপাৰে অ’ত-ত’ত, মানুহখিনিৰ অৱস্থিতি দেখা গৈছে উত্তৰ মেৰুৰ এয়া তুন্দ্ৰা অঞ্চল । উত্তৰমূখী নৈ লোণাৰ পাৰে ভটিয়াই বহু দল ব্দ্ধ লোকে আহি বৈশালৰ ওচৰত। প্ৰতিটো দলবদ্ধজাকে আন জকবোৰক সহজভাৱে নলয়। ইটো দলে সিটো দলক শত্ৰু জ্ঞান কৰে। এটা দলে আনটো দলক উমান পোৱা মানেই অচিৰেই সংঘৰ্ষ হোৱাটো অনিবায্য, মৰা মাৰি কটা কটি হোৱাৰ পিছত দুৰ্বল হৈ পৰা দলটো সেই ঠাই এৰি অন্য ঠাইলৈ যাবলৈ বাধ্য হৈ পৰে। 

    খৃঃ পূঃ ৩০০০ আজিৰে পৰা প্ৰায় পাঁচ হেজাৰ বছৰ পুৰণা পৃথিৱী। এই অঞ্চল বিশাল পীত নদী হুৱাংহুৰ পূব দিশৰ নিম্নাংশ য’ত এই হালধীয়া নৈ গৈ হালধীয়া সাগৰত মিলিছে গৈ। এই অঞ্চলৰ উত্তৰে হেৱেই, দক্ষিণে চেঙ-ডঙ জিয়াংজু আৰু ঝেজিয়াং। এই অঞ্চলৰ পৰাই দক্ষিণেৰে সেই বৃহৎ ভূ-খণ্ডৰ মাজেৰে বৈ গৈছে আন এখন বিশাল নৈ য়াংজে। খৃঃপূবঃ ষষ্ঠ বিংশ শতিকাৰ এটি ফৰকাল ৰাতি পূৱা ইতিমধ্যে পূৰ্বৰ লিয়াংঝুত কুৱা-ফু চান, মিয়াও ডংগি ইত্যাদি বিভিন্ন জাতি জনগোষ্ঠীৰ সম্মিলিত জিউলিং মং সাম্ৰাজ্যই প্ৰান পাই উঠিছে। মানুবোৰৰ ৰং বিৰং পোছাক। সম্ৰাট সম্পন্ন এখন শক্তিশালী সাম্ৰাজ্যৰ সপোন পূৰ হ’বলৈ লাগিল প্ৰায় পাঁচশটা বছৰ।

      খৃঃপূঃ ২২০০। পৃথিৱীৰ বুকুৰে পাৰ হৈ গ’ল চাৰিশ বছৰ। আজিৰে পৰা প্ৰায় চাৰিশ বছৰ পূৰ্বে সকলো হেৰুৱাই নিঠৰুৱা হৈ পৰিছিল, এই পৃথিৱীৰ এজাক মানুহ। পৃথিৱীয়ে খৃঃপূঃ ত্ৰয়োদশ শতিকাত ভৰি দিছেহি। মংঙ মিয়াংঙৰ দেশ চান মিয়াও পতনৰ ইতিমধ্যে পাঁচশৰো বেছি বছৰ পাৰ হৈ গৈছে। তড়িৎ গতিত সলনি হবলৈ লাগিছে পৃথিৱীৰ দৃশ্য পট, মানুহৰ চিন্তাধাৰা, ভাৱ, ধাৰাৰ লগত জীৱনৰ গতি।

      যিকি নহওঁক, মানুহবোৰ পেই নৈৰ পাৰত জিৰণি লয় থকা অৱস্থাত বৃদ্ধ এগৰাকী বুঢ়া মানুহ, মানুহবোৰৰ আগত ওলালহি। ক’ৰ পৰা আহি ওলাল বৃদ্ধ বুঢ়া মানুহজন। মানুহবোৰ গমকে নাপালে। পিছে বৃদ্ধ গৰাকীয়ে হাত বাউল দি মাতি মানুহবোৰৰ আগে আগে যাবলৈ ধৰিলে। বৃদ্ধৰ পিছে পিছে গ’ল মানুহবোৰ। এই ঠাই প্ৰকৃতিৰ অপূৰ্ব দানেৰে ভৰপুৰ? ইয়াত সু উচ্চ বৰফাবৃত গিৰি শৃংগৰ পৰা বৰ্ষাৰণলৈ, প্ৰকৃততে, এইয়া দৰ্জি দেৱী ফাকমোৰৰ মাতৃ আৰু নামচা আৰু গ্যালা জৰ্জে পাগমো দেৱী, দুই স্তন যুগল। আকৌ বৃদ্ধ বুঢ়াই মানুহবোৰক এন্ধাৰতে আকাশলৈ আঙুলি টোৱাই দেখুৱাই ক’লে, সেয়া চোৱাচোন আকাশলৈ। সেই দুই নামচা ৱাৰবা আৰু গ্যালা পেৰি, মানুহবোৰ বৃদ্ধ বুঢ়া মানুহজনৰ কথাত মুৰ তুলি চালে। সেই দুই শৃংঙ্গ ই নামচা আৰু গ্যালা। প্ৰকৃততে নামচা আৰু গ্যালাৰ হেনো আছিল ভাই ককাই ৰ সম্বন্ধ। এদিন স্বৰ্গৰ পৰা ঈশ্বৰে দুই ভাই ককাই ক এই অপূৰ্ব ৰম্যভূমিৰ চোৱা চিতা কৰিবলৈ পঠিয়াই দিয়া বুলি কয়।

    ইয়াৰ পিছতে মানুহবোৰ উত্তৰৰ পৰা বৈ আহি চাংপোত পৰিছেহি আন এখন উচ্চতৰ নদী নামগং চিয়াং পো-নদী। প্ৰকৃতিৰ ৰম্যভূমি পেমাকুত ভৰি দিয়েহি আজি এজাক মানুহে। সঁচাকৈয়ে এনে এটি উপ্যতকাৰ সন্ধানত হেজাৰ বছৰ ধৰি বাট কুৰি বাই আছিল যেন মানুহবোৰ, পেমাকুৰ দক্ষিণাঞ্চলৰ মূৰৰ ওপৰত এখন বেলেগ আকাশ, এখন নতুন পৃথিবী। এতিয়া এই দশম শতিকাটো, এই ঘন পাহাৰে আৱৰা সেউজ অৰণ্য প্ৰায় জনশূন্য হৈ ৰৈছে যদিও এই অঞ্চলৰ উত্তৰৰ হিমালয়ৰ পাদ দেশ, পেমাকু পৰ্য্যন্ত বিয়পি আছে কামৰূপ ৰাজ্যৰ সীমা। ঐতিহ্য মণ্ডিত এই ভূ - খণ্ডৰ অতীত বিস্তৃত হৈ আছে। ইন্দু ধৰ্মীয় আখ্যানৰ বিষ্ণুৰ বৰাহ অৱতাৰ দ্বাৰা পৃথিৱীৰ এই ভূ-খণ্ডত জন্ম পোৱা ভৌম নৰক বংশীয় কামৰূপ ৰজা সকলৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বৰ্মনবংশীয় কামৰূপ ৰাজ্য সকলৰ ৰাজ্য। যাৰ সীমা হিমালয়ৰ এই পাদ দেষলৈকে বিস্তৃত। সেউজ হাবি বনৰ মাজেৰে সাজেৰে নামি আহিছে চিয়াংখন। তীব্ৰ বেগী চিয়াংঙৰ সোঁতৰ হাবি বন ভৰা পাহাৰৰ পাৰে আহি  পৰিছেহি আন কেইবাখনো নদী। বাৰিষাৰ অন্তত পাহাৰত সুবিধা জনক আশ্ৰয় স্থল বিচাৰি মানুহবোৰ অনাই বনাই ঘূৰি ফুৰোতে ই পাহাৰৰ গাত আৱিষ্কাৰ কৰিলে এলানি গুহা। চাংপো পাৰৰ এঠাইত চেতাং,চেতাংৰ অৰ্থ ই হ’ল বান্দৰ ওলমা ঠাই। তাত তিনিটা গুহা অৱস্থিত। সেই গুহাতেই হেনো শৈল দেৱী এগৰাকী আৰু এটা বান্দৰৰ মিলনৰ ফলস্বৰূপে তিব্বতৰ ভূ-খণ্ডত মানৱ জাতিৰ জন্ম হৈছিল বুলি কয়। (কৌয়মৰ মতে) এই গুহা থকা পাহাৰ বোৰৰ কাষেৰে ই পাৰ হৈ গৈছে এখন সৰু নৈ। গুহালানি মানুহখিনিৰ বাবে হৈ পৰিল কিলিং-কাংগেআৰু ওচৰৰে বৈ যোৱা নৈখন হ’ল চিচাপনৈ। এই গুহাতে পোনতে সোমাই ল’লে মানুহবোৰ। কিলিং-লৃতুংৰ গুহাৰ ওচৰে পাজৰে পিত পিতাই ঘূৰি ফুৰে মানুহবোৰ। ওখ পাহাৰৰ টিঙত উঠি দুৰ দুৰনিলৈ দৃষ্টি নিক্ষেপ কৰে। বহু বছৰৰ পাছত অগা পিচাকৈ আহি আহি আকৌ সমবেত হ’বলৈ হৈছেহি চিয়াং উপত্যকাত। বৰি, বকাৰ, কাৰ্ক, চিমং, গালং, মিলাং, পাদাম, পাচি, মিয়ং, ইত্যাদি। একে মূলৰ ভিন ভিন গোটটোৰ আকৌ একেলগ হ’বলৈ ল’লে। আহি আহি চিয়াংৰ দুপাৰৰ বিস্তৃত অঞ্চল জুৰি।

   এইয়া হয়তো দঞিঃ প্ৰহৰ কৃপা। একালৰ মাতৃ পেদং আনেৰ সন্তানবোৰ আজি আকৌ বাস কৰিবলৈ এঠাইত সমবেত হলহি ধৰাৰ এই নতুন ভূ-খণ্ডত। চিয়াংঙৰ দুপাৰজুৰি কৰ্ক, চিমং, অঞ্চলত একলৰ মাতৃ পেদং আঃনেৰ সন্তান, সন্ততি সকল যথাক্ৰমে, মিচিং, মিয়ং, পাদাম, পাচি, গালং সকলোৱে, শান্তিৰে বসবাস কৰিলে নতুন জীৱন। পেমাকু এৰি অহাৰ পিছত মানুহবোৰ কাৰ্ক অঞ্চলত তিথাপি ললেহি। আজি আশে পাশে বহু দুৰ দূৰণিৰ পয্যন্ত তিথাপি লাগিছেহি বহুবোৰ ভাই ককাইৰ গোট। 

   দঃঞি পঃলৰ অপাৰ কৃপা দৃষ্টি। আজি সেই চিয়াং উপত্যকাৰ দুপাৰ জুৰি শান্তিৰে জীৱন কটাবলৈ,উঠি পৰি লাগিছে সকলো মানুহ। এতিয়া মিচিং, পাদাম, মিয়াং, গালং, আদি গোটবোৰৰ ডেকাৰ পৰা বোঢ়ালৈকে সকলোৰে মাজত সেই লৈয়ে সৰৱ আলোচনা।

    কিছুদিন পাছৰে পৰা ৰাইডাং বেতেৰে চিয়াঙৰ ওপৰেৰে দলং সজা কামত লাগি পৰিল আটাইবোৰ মানুহ।কাক বাঁহৰ,মূৰ বান্ধি সদায় আৰু কেনেকৈ পাৰ হৈ চিয়াং। আগেয়ে মায়িং-মাংকং ল’ৰাৰ সহায়ত পূৰ্বজ সকলে নৈ পাৰ হোৱাৰ কথা সকলোৱে শুনি আহিছে হয়তো। সেই সোন ৰূপৰ জখলাৰে এদিন সপোনত বগাই পাৰ হৈ আহিয়েই পূৰ্বজ সকলে এই উপত্যকাত ভৰি দিছিলহি। চিয়াং উপত্যকাৰ দক্ষিণ পাৰে মানূহবোৰ থিতাপি ললেহি। সেই সময়ৰে পৰা এতিয়ালৈ দুই তিনি পুৰুষ পাৰ হ'ল। এতিয়া ৰাইডাং বেতৰ ওলমা দলংঙেৰে চিয়াঙৰ ইপাৰে সিপাৰ লগ লগাবই লাগিব। তলেৰে বৈ যোৱা খৰস্ৰোতা চিয়াং ৰ ওপৰেৰে, তেহে আলাসতে হব পাৰিব ইপাৰৰ মানুহ সিপাৰে। ঘন ডাঠ, ওখ গছ গছনিৰে ভৰা পাহাৰৰ মাজে মাজে, এই অঞ্চলত দেধাৰ নদী য়াংচা, চিয়ম, য়ামনে, চিকু, ইত্যাদি। কেতিয়বা এনেকৈ মিচিং মানুহবোৰ ঘূৰি ফৰোতেই নতুনকৈ আৱিষ্কাৰ কৰে একো একুটো সেউজ উপত্যকা খেতি মাটিৰ মোহে টানি লৈ ফুৰে মানুহবোৰৰ মনবোৰ, পাহাৰে পৰ্বতে। এতিয়া মানুহৰ সংখ্যা বহুত হ’লেহি।

চিয়াং ঙৰ দুপাৰে পাদাম, পাচি, মিয়ং, গালং, আটায়ে

নিতৌ ন‌ন সাৰুৱা মাটিত নিজৰ বসতি বিস্তাৰ কৰাত লাগিছে। নানা কাৰনত পাদাম, মিয়ংহঁতে নিজৰ মাজতে আৰম্ভ কৰিবলৈ লৈছে, কাজিয়া পেচাল, নিজ, নিজ ভাতৃ গোটবোৰৰ মাজতে আৰম্ভ হৈছে, ঈৰ্ষা-ঈৰ্ষি প্ৰতিদ্বন্দিতা খেতি মাটি চিকাৰ, পাহাৰৰ বাহনি, বেতনি, ইত্যাদিক লৈ। তাৰে ভিতৰত মিচিং মানুহ খিনি তুলনা মূলক বাবে আন গোটেইবোৰতকৈ শান্তি প্ৰিয়। সেয়ে সহজতে এৰাই চলিবলৈ বিচাৰে এই অৰি‌য়া অৰিবোৰ। এদিন মিয়ংআৰু পাদাম সকলৰ মাজত সোনবৰনীয়া বান কাঁহী (ৰামকু আৰাম) পাদাম গাম মাতবংগামৰ পৰা খুজিবলৈ গৈ অপমান বোধ পায়, মিয়ংগাম কেপচি গামে মাতবংগামক ডিঙি কাটি হত্যা কৰিছিল। এই পাদাম আৰু মিয়ং সকলৰ হাই কাজিয়া মৰা-মৰি কটা কাটি কাজিয়া পেচালত মিচিংসকলে পাদামসকলক নাও কটা কামত সহায় কৰা লগতে চিয়াংঙৰ  সিপাৰ নাৱৰে পাৰ কৰি সহায় কৰি দিয়াৰ বাবে মিয়ংবোৰে মিচিংৰ ওপৰতো আক্ৰমণ কৰি ঘৰ লণ্ড ভণ্ড কৰি, জীৱ জন্তু সকলো লোটি নিছিল মিচিং মানুহবোৰে মিয়ংসকলৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ মানসেৰে এদিন আউসীৰ নিশা ঘোঁৰ অন্ধকাৰ,মানুহবোৰৰ পেটৰ তীব্ৰ ক্ষুধা। এনেয়ে খাবলৈ ধান মাহ নোহোৱাকৈ বছৰটো কাটিল । এতিয়া ঘৰ দুৱাৰ ভাঙি পোহনীয়া জীৱ-জন্তু কাপোৰ কানি বাচন বৰ্তন সকলো লুটিলে, ডাল ভৰি লগা ফলমূল গছ-গছনি সকলো ধ্বংস কৰি থৈ গ’ল। পেটৰ তীব্ৰ ক্ষুধাৰ লগতে প্ৰতিশোধৰ জুইত জ্বলা এদল মানুহঃ সেই দিনা ভূৰখনত উঠিছিলগৈ। পেটৰ ক্ষুধা বাৰন কৰিবলৈ লগত অনা আপংঙকে খাবলৈ ধৰিলে আটাইবোৰ মানুহে। মিয়ং গাওঁ আক্ৰমণ কৰাৰ সময়লৈ অপেক্ষা কৰি কৰি শোক দুখ ভোকে ভাগৰে আগুৰি ধৰাত মানুহবোৰ আপংঙৰ নিচা লাগিল এসময়ত টোপনিত ঢলি পৰিল।

     নিশা পুহৰি পুহৰি হওতেই কুকুৰাৰ প্ৰথম ডাকটোতে সাৰ পালে মানুহবোৰ। এনে হুলস্থুলৰ মাজতে কোনোবাই ইপাৰৰ ৰছীৰ সলনি সিপাৰত বান্ধি থৈ অহা ৰাইডাং বেতডালকে কাতি দিলত সোঁতত আগুৱাই গৈ এসময়ত ৰছী বান্ধি ৰখা ইপাৰতহে ভূৰ লাগিলহি। লগে লগে সোঁতত আগুৱাই ভূৰ-সিপাৰত লাগিল গৈ বুলি ভাবি আন্ধাৰে মুন্দাৰে যাঠি, জোং লৈ মানুহবোৰ জপিয়াই জপিয়াই নামি নিজৰ গাঁৱতে সোমালগৈ আৰু এফালৰ পৰা যাকে পায় তাকে কাটি যাবলৈ ধৰিলে।

     লাহে লাহে পোহৰ অহাতহে মানুহখিনিৰ হুচ আহিল। সৰ্বনাশ। সেই কেইখন দেখোন নিজৰেই গাওঁ। কটা মানুহবোৰ নিজৰেই মাক-বাপেক ঘৈনী ল’ৰা ছোৱালী, ভূলতে কি নিদাৰুন কাণ্ড কৰি পেলালে।

  সেই মৰ্মান্তিক দৃশ্য চাই থাকিব নোৱাৰি যিয়ে যেনেকৈ পাৰে সেইখন ভুৰতে উঠি দিলে, ছিয়াংৰ নামনি সোঁতত। প্ৰথম জাক মানুহ গুচি যোৱাৰ পাছত সেই বিধ্বস্ত মৰিশালিত আৰু থাকিব নোৱাৰি বুলি ভাবি বাকী থকা খিনিও ভূৰ-নাও যেয়ে যতে পালে তাতে উঠি চিয়াংৰ বুকুৰে জীৱন উটুৱাই দিলে। এই ঘটনাটোকে মিচিং সকলৰ মিকা পালাত ৰণ বুলি ক’ব বিচাৰে।

      শোকে দুখে জৰ্জৰিত মিচিং মানুহবোৰে আকৌ নিজৰ জীৱনৰ ভাগ্যক ধিয়াই চিয়াংৰ ভটিয়নি সোতে যলৈকে লৈ যায় যাওঁক বুলি নিজকে সঁপি দিলে। 

     ভটিয়াই আহি আহি দুদিন পিছতে চিয়াংঙৰ দুপাৰে ৰৈ গলহি মিচিং মানুহবোৰ। সেই অঞ্চলৰ চিয়াংঙৰ পূৱ পাৰ‌, দামৰ‌ আৰু পশ্চিম পাৰ ৰিগা নাম দি বসবাস আৰম্ভ কৰিলে মানুহবোৰে। ৰিগাৰ সিপাৰে পূৱলৈ গেকু আৰু তললৈ ৰিউ, নাম দিও বহিল বহুখিনি মানুহ, ৰিউ, ৰৃগা, চিয়াংঙৰ দুপাৰ জুৰি যেন, দুখন স্বৰ্গপূৰী। এই ৰৃগি ৰেগাম, অঞ্চলত, ৰৈ গ’ল মানুহজাক। কিন্তু এই ৰৃগি ৰেগামৰ পৰাই মানুহখিনি দক্ষিণলৈ খেতি উপযোগী মাটিৰ সন্ধান বিছাৰি কিছুদিন পিছতে, ৰিউ, ৰৃগা, দামৰ,‌ গেকু, আদি অঞ্চলত বসবাস কৰা মানুহখিনিৰ পৰা বুজন এটা ঠাল চিয়াংঙৰে ভটিয়াই দক্ষিণলৈ আহি থাকিল। এই দৰে মানুহবোৰ ভাগে‌ ভাগে ভৈয়ামলৈ নামি আহিব ধৰে। সেই মতে, অৰুণাচলৰ আদি মিচিং বুৰঞ্জী লেখক সকল হিষ্টৰি অফদা মিচিং অৰুণাচল প্ৰদেশ এণ্ড আসাম লেখক- ডাঃ ঙাঙৃন লেগ, অঞক পেৰতিন, History & culture of the adi লেখক ডঃটাই ন্যুৰী লেখক সকলৰ মতে ১২-১৬শ শতিকা মানৰ পৰা পৰ্যায় ক্ৰমে যেনে - দলে, পেগু, টায়ে, মিপুন, মিচং, পাইট, পাৱ, বৰি সকলে চিমং, মিঞং অঞ্চলৰ পৰা। পাতিৰ, মিলি, কুটুম, মেবৰ পাচি অঞ্চলৰ পৰা। কমান, মেদক, পাদুন, পাঞাং, গাৰে, লাগাচু, টাকু, ঙাতে, টাইদ, সকল দামৰৰ বৰি, পেচাংৰ পৰা। নৰহ, চিন্তে, পগাগ, পাংগিং, মৰাং, কুম্বাং, ঠায়ে, সকল পাদাম আৰু পাচি অঞ্চলৰ পৰা। প্ৰেমে, বৰাং, সকল পাদাম অঞ্চলৰ পৰা। চাৰহ সকল, দামৰ পৰা, চুংক্ৰাং, পায়েং, য়েহিন, সকল দেলু চিয়াংৰ পৰা। টাৱ সকল অয়ান অঞ্চলৰ পৰা ভৈয়ামলৈ নামি আহে।

     লাহে লাহে ঘন অৰণ্য মুকলি হৈ আহিল ছিয়াঙে নিজৰ ৰেহ ৰূপ সলোৱাৰ উপক্ৰম কৰিলে। চঞ্চলা-চপলা কিশোৰি যেন, ছিয়াং খন এতিয়া গহীন যুৱতীলৈ সলনি হৈ পৰিল। সলনি হৈ আহিল ছিয়াংৰ দুপাৰো।ওখ ওখ ঘন পৰ্বত পাহাৰ, পাতলী অহাৰ লগতে দুপাৰৰ ভূ-খণ্ডৰ উচ্চতাও কমি আহিল। ছিয়াংৰ বুকুৰ পৰাই নামনিলৈ দেখা গ’ল সুন্দৰ বিস্তৃত এক সমতল।

      এই অঞ্চলত আছে আগৰে পৰা বসবাস কৰা কিছু জাতি জনগোষ্ঠী। ইয়াত ছিয়াংৰ নাম দিহং। নৈ খন লাহে লাহে বহলৰ পৰা অধিক বহল হ’ব ধৰিলে আৰু নৈ খন আহি সেই সমতল পোৱাৰ লগেলগেই উত্তৰ ৰ পৰা বৈ অহা আন এখন নদী দিবং আৰু পূৱৰ পৰা বৈ অহা লোহিতৰ লগ লাগি পথাৰ যেন বহল হৈ পৰিল। দিহিং, দিবাং, লোহিত হৈ সোৱণশিৰি নদীয়েদি অসমত অৰ্থাৎ মিচিং সকলে ভৈয়ামত প্ৰৱেশ কৰে।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages