জুবিন
ৰঞ্জু গায়ন বৰুৱা
নামৰূপ
সাগৰ ভাল পোৱা মানুহজন
সাগৰৰ তলিতে শুই গ’ল
চিৰদিন চিৰকাল।
কাহানিও উভতি নহাৰ বাটেৰে
হেৰাই গ’ল এটি কন্ঠ
কোনোৱে ঢুকি নোপোৱা
অচিন দেশত।
অসংখ্যজনৰ হৃদয় জিনা
মানুহ ভালপোৱ মানুহজন
গছ-লতা, পশু-পক্ষীয়ে যেন
আজিও ৰৈ ৰৈ বিনালে,
তুমি কৈছিলা, তোমাৰ মৃত্যুত
“মায়াবিনী ৰাতিৰ বুকুত” গাবলৈ
কিন্তু, এই গানেৰে
তোমাক বিদায় দিব নোৱাৰি।
সেই কালপিট, নৰপিশাচ কেইটাই
তোমাক তিল তিলকৈ শেষ কৰি দিলে
কিন্তু, সিহঁতে নাজানিলে
জীৱিত জুবিনতকৈ মৃত
জুবিনয়ে অধিক শক্তিশালী
তোমাৰ মৃত্যুয়ে
আজি বিশ্বৰেকৰ্ড গঢ়িলে।
জীৱিত অৱস্থাত তুমি বিচৰা
সমাজখনে যেন, এতিয়া প্ৰাণ পাই উঠিছে,
মন্দিৰ, মছজিত, গীৰ্জা, গুৰুদ্বাৰ একেখন মঞ্চত ঠিয় দিলে,
তোমাৰ ন্যায় বিচাৰি, তোমাৰেই সমাধিস্থলীত “সোণাপুৰ” শেষ ঠিকনাত।
চল্লিছটা ভাষাৰে চৌত্ৰিশ হাজাৰ
গীত গোৱা জুবিনক অসমৰ ৰাইজে বিদায় দিব নোৱাৰে।
আকাশৰ চন্দ্ৰ, সূৰ্য্যৰ দৰেই
উজ্জ্বল নক্ষত্ৰ আছিলা তুমি
আৰু সদায়ে থাকিবা....
আমাৰ মাজত অমৰ হৈ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment