গ্ৰহণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

গ্ৰহণ


গ্ৰহণ 


মফিজুদ্দিন চৌধুৰী

নগাঁও


“অ মহিম? আছে, ঘৰতে আছে।”

   মহিমৰ দেউতাকে পৱনক অনুযোগৰ সুৰেৰে ক'লে,"সি আমাৰ ঘৰৰ গাভৰু ছোৱালীহে! নোলায়, ঘৰৰ পৰা একেবাৰেই নোলায়!"

      উত্তৰ শুনি পৱনে হাঁহিলে।

      ভিতৰৰ পৰা মহিমে সকলো শুনি আছিল। সি বিৰক্ত হ’ল! এই পৱনডালৰ আৰু কোনো কাম নাই! দিনটো দহবাৰমান গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ বলকি বলকি তহল দি ফুৰিব। ঘৰত এক মূহুৰ্তও বহি থাকিব নোৱাৰে। ফুৰিব বিচাৰিছ দহবাৰ নালাগে হাজাৰবাৰ ফুৰনা। কোনে বাধা দিয়ে? মহিমক আকৌ লগ লাগে কিয়? তোৰ দৰে তো সি অকৰ্মণ্য নহয়! ঘৰত তাৰ বহুতো কাম থাকে। দেউতাকৰ দৃষ্টিগোচৰ নহ'লেও সি অজস্ৰ কাম কৰি থাকে। মানসিক পৰিশ্ৰম কৰে, লিখা-মেলা কৰে। ভণীকেইজনীক সংগ দিয়ে। ঘৰুৱা কাম-বন কৰে। এনেদৰেই তাৰ দিনটো পাৰ হৈ যায়। ঘূৰি ফুৰিবলৈ সময় তাৰ ক’ত? 

    মহিম অন্তৰ্মূখী চৰিত্ৰৰ। ফুৰি-চাকি ভাল নাপায়। গাঁৱৰ মানুহে তাৰ মনস্তত্ব কি বুজি পাব ? তাতে পৱন তাৰ বাবে সুবিধাজনক নহয়।

      পৱনো নাচোৰবান্দা! সি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ দ্বিতীয় বাৰ্ষিকত পঢ়ে। মহিম ক'লা শাখাৰ প্ৰথম বৰ্ষৰ। গাঁওখনত পৱনৰ সমনীয়া নাই বাবেই তাক মহিমৰ লগ লগা হৈছে। সদায় তাক ঘৰৰ পৰা উলিয়াই ফুৰিবলৈ লৈ যায়।  

   মহিম নিৰুপায়। অগত্যা সি ভিতৰৰ পৰা ওলাই আহিল।

    “কি অ, গোটেই দিনটো ভিতৰত তই কেনেকৈ বহি থাক?”

      “যেনেকৈ তই ঘূৰি ফুৰি থাক!” মনৰ বিৰক্তি ভাব লুকুৱাই ৰাখি মহিমে তপৰাই উত্তৰ দিলে।

      “আহচোন অকণমান!”

      মহিমে দ্বিৰুক্তি নকৰি‌ তাক অনুসৰণ কৰিলে। পৱনে তাক কলৈ লৈ যাব, কি কি কৰিব সকলো মুখস্থ! দেউতাকে দুয়ো ডেকা ল'ৰাৰ প্ৰস্থানৰ ফালে ভাবলেখহীন হৈ চাই থাকিল।

      এই ভ্ৰমণৰ কালচোৱাত পৱন বক্তা আৰু মহিম শ্ৰুতা। পৱনৰ মুখত আখৈ ফুটাৰ দৰে অনৰ্গল কথাবোৰ ফুটি থাকে। মহিমে ভদ্ৰতাৰ খাটিৰত এবাৰ দুবাৰ ‘হা’, ‘না’ কৰাৰ বাহিৰে আৰু একো নকয়।

      মহিম আচৰিত হয়, বিৰাম নোলোৱাকৈ ইমানবোৰ কথা কেনেকৈ কব পাৰে ই। মুখখনো নিবিষায় নে? পাঠ্যক্ৰমৰ কথা এটাও নাই! গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্যও দেখনিয়াৰ। বৃহৎ গাঁওখনৰ মাজতে এখন সুদৃশ্যমান পথাৰ! সিফালে আহল-বহল কপিলী নদীখন। গাওঁখনৰ পিছফালে চকুৰে নেদেখালৈকে এখনি সুবৃহৎ সেউজীয়া পথাৰ। আঘোণ মাহ আহিলে গোটেইখন সোণালী হৈ পৰে। মাজতে লুটুমাৰী নৈখন। পথাৰৰ একেবাৰে সিমূৰলৈ বৰপানী নদীখন। এইবোৰ চাই চাই কিমান যে কবিতা ৰচনা কৰিব পাৰি! মহিমে ভাবে।

      বিজ্ঞানৰ ছাত্ৰ হ’লেও সৌন্দৰ্যপ্ৰেমী হোৱাত বাধা নাই। কিন্তু পৱনে এইবোৰৰ দাঁতি-কাষেৰেও নাযায়। গাঁওখনৰ কাৰ ঘৰৰ কোনজনী ছোৱালী কিমান ধুনীয়া, কাৰ লগত তাৰ সম্বন্ধ কিমান দূৰ আগ বাঢ়িছে, ইত্যাদি কথাবোৰ শুনি মহিম বিৰক্ত হয়। সি প্ৰতিবাদ কৰে,

     “এইবোৰ কেনেকুৱা কথা অ? এতিয়াই এনে ধান্দা কৰিলে তোৰ পঢ়া-শুনা হৈছে আৰু! সময় আছে নহয় ঢেৰো! পাছতো বহুত পাবি।”

    “এঃ, থ তোৰ কথা! পাছৰটো পাছত! এতিয়া এইটোহে ফূৰ্তিৰ বয়স! তই একেবাৰে নিমাষিত প্ৰাণী দে!” সিহে মহিমক ওলোটাকৈ পঢ়াব খোজে।

     এইবোৰ কাৰণে মহিমে তাক ভাল নাপায়। তথাপি সমবয়সীয়া হোৱাৰ খাটিৰত তাৰ অৰ্থহীন ৰোমান্টিক কাহিনীবোৰ ধৈৰ্য ধৰি শুনি যায়। নাম উল্লেখ নকৰা কোনোবাজনী হয়তো মহিমৰ পৰিয়ালৰ ভিতৰতেই পৰিছে। কেৱল সন্দেহৰ কথাই নহয়, তাৰ সম্পৰ্কীয় ভণীয়েক এজনীও পৱনৰ কাৰ্যসূচীত আছে বুলি সি আহুকাণে পহুকাণে গম পাইছে। দেউতাকে এইবোৰ কথাৰ কি ভূ পাব? নহ'লে আৰু নিজৰ পুতেকক এনেকৈ 'গাভৰু ছোৱালী' বুলি উপহাস কৰেনে? 

      মহিমে ভাল নাপালেও পৱনৰ কিন্তু ধনাত্মক দিশ এটাও আছে। সি ব্যৱসায়িক মনৰ। মাজে মাজে সি ব্যৱসায়ৰ কথাও পাতে। ইতিমধ্যে সি ক'ৰবাত ক'ৰবাত পইছা খটুৱাইও থৈছে। চাকৰি কৰাৰ ধান্দাও আছে।

মাজতে চেৰিকালচাৰৰ চাকৰিৰ বাবে এজন দালালক কেইহাজাৰমান টকাও দি থৈছে। মহিমকো সি ধৰিছিল, তাৰ নিজৰেই মানুহ বোলে। মহিমে পইছা দিব নোৱাৰিলে। 

      কিন্তু আক্ষেপৰ কথা যে পৱনৰ চাকৰিটো নহ'ল আৰু সেই নিজৰ মানুহজনে পইছাও ঘূৰাই নিদিলে। মহিম ভালে ভালে সাৰিল। নহ'লে তাৰ অৱস্থা এতিয়া কি হ'লহেঁতেন! 

      "এনেকৈ যাকে তাকে পইছা দিয়াটো ভাল হোৱা নাই। বৰ সুবিধাবাদী মানুহ দে!" মহিমে তাক শান্তনা দিয়াৰ সুৰত ক'লে।

      "নহয় অ," পৱনে তাৰ ফালে চাই বতাহতে হাত এখন ঘূৰাই উত্তৰ দিলে,"তই কথাটো বুজা নাই কিয়? মানুহজন সম্পৰ্কত আমাৰ মোমায়েই লাগে। তাতে সেইটো অফিচত চাকৰিও কৰে। এনেকুৱা মানুহক বিশ্বাস নকৰি কাক কৰিবি? পইছা মই উলিয়াব নোৱাৰিম বুলি ভাবিছ নেকি? কি ভাওনা দেখুৱাওঁ চাই থাকচোন!"

      " 'মোমায়েই' লাগে, 'মোমাই' নহয় নহয়! বাৰু তই কৈছ যেতিয়া চায়েই থাকোঁচোন!" মহিমে থুতৰি খজুৱাই খজুৱাই উত্তৰ দিলে।

      ইয়াৰ পাছৰ সময়বোৰ অস্বস্তিৰ মাজেৰে পাৰ হ'ব ধৰিলে। 

     পৱনক দুদিনমান ঘৰত দেখা নগ'ল। কৰবালৈ গৈছে যদিও মহিমক কৈ যোৱা নাই। মহিমেও ভালেই পালে। কেইদিনমানৰ কাৰণে এতিয়া সি নিচিন্ত হ'ল। কেইদিনৰ কাৰণে মুক্ত হ'ল, তাকো সি নাজানে।

      আজি ৰাতিপুৱা বাহিৰত কোনোবা এজনে দেউতাকৰ লগত উত্তেজিত ভাবে কথা-বতৰা পাতি থকা শব্দত মহিমে সাৰ পালে। কথাবোৰ শুনি সি চিন্তিত হ'ল। টোপনিৰ জাল ভাঙিবলৈ সি চকু দুটা মোহাৰি বহলকৈ মেলি দিলে। মানুহজন চিনাকি। ৰমেন খুৰা, পৱনহঁতৰ প্ৰতিৱেশী। সি পিছৰ চোৱা কথা শুনিবলৈ উৎকৰ্ণ হ'ল।

   “ইমান ডাঙৰ খবৰটো আপুনি নাজানিলে কোনে জানিব? আপোনাৰ ল’ৰাটো দেখোন গোটেই দিন তাৰ লগতেই ঘূৰি ফুৰা দেখোঁ!” খুৰাই দেউতাৰ খুঁত ধৰি ক'লে।

      “ছোৱালী কেতিয়া আনিলে?” দেউতাৰ প্ৰশ্ন।

      “কিয় যোৱা ৰাতি!” খুৰাই উত্তৰ দি অলপ উত্তেজিত হৈ ক’লে, “মানুহজনে চাকৰি দিম বুলি টকা নিও চাকৰি দিব নোৱাৰিলে, টকাও ঘূৰাই নিদিলে। এতিয়া চাওঁক কাণ্ড, ল’ৰাই জীয়েককে পলুৱাই লৈ আহিল!”

      কথা শুনি মহিম ধহমহকৈ বিছনাত উঠি বহিল। ‘অ তেতিয়া হ’লে এইখন ভাওনাহে দেখুৱাৰ কথা কৈছিল সি!’

      “হয় দিয়া, বৰ বেয়া কথা হ’ল!” দেউতাই আফচুচ কৰি ক’লে, “পৱন ল'ৰাটো পঢ়া-শুনাত বৰ চোকা আছিল। চিন্তা নাই, ইচ্ছা থাকিলে এতিয়াও পঢ়া-শুনা চলাই যাব পাৰিব! হ’লেও তাৰ এতিয়াই বিয়াৰ বয়স হোৱা নাছিল। সি আমাৰ ল'ৰাৰ লগৰহে!”

       “কিন্তু আচৰিত হৈছোঁ—তোমাৰ ল'ৰায়েহে আগে কথাটো জানিব লাগিছিল! সি তাৰ পেটৰ কথাও গম নাপায় নে?” ৰমেন খুৰাই অভিযোগৰ সুৰত ক'লে।

      “এঃ, ইয়াৰ কথা নক'বি আৰু! ই সেই লায়েকৰ ল'ৰাই নহয়, ক'ত গম পাব? সি আমাৰ ঘৰৰ গাভৰু ছোৱালীহে!”

      তেনেকুৱাতে ওচৰতে ৰৈ থকা মায়ে টপককৈ মাত লগালে, “হ’ব আৰু দিয়া, যি হৈছে ভালৰ কাৰণেই হৈছে। আমাৰ কাৰণে সেয়াই গৌৰৱ! তেনেকুৱা নাক-কাণ কটা চতুৰ ল'ৰাতকৈ আমাৰ গাভৰু ছোৱালী হৈ থকাই ভাল!”


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages