বিহুৰ অৰ্থনীতি
বিজিত মহন্ত
কাকজান, যোৰহাট
অসমৰ সভ্যতা কৃষিজীৱি মানুহৰ সভ্যতা হোৱা হেতুকে অসমীয়া মানুহৰ প্ৰকৃতি আৰু কৃষি অবিচ্ছেদ্য অংগ। বিহু অসমৰ এক কৃষি ভিত্তিক উৎসৱ, যাৰ অৰ্থনীতি প্ৰধানকৈ কৃষি, বিশেষকৈ ধান খেতিৰ সৈতে জড়িত, ইয়াৰ তিনিটা ভাগ কৃষিৰ বিভিন্ন পৰ্য্যায়, যেনে, শস্য চপোৱা, পথাৰ প্ৰস্তুত কৰা আৰু নতুন বছৰৰ আগমনক চিহ্নিত কৰে, যিয়ে লোকশিল্প, হস্তশিল্প, পৰম্পৰা আৰু সামাজিক আদান প্ৰদানৰ জৰিয়তে এক অৰ্থনৈতিক কাৰ্য্যকলাপৰ সৃষ্টি কৰে, যি কৃষিজীৱি লোকৰ জীৱন আৰু স্বাভাৱিক অৱস্থাৰ প্ৰতিফলন ঘটায়। বিহুৰ অৰ্থনীতি বা কৃষি অৰ্থনীতি অসমৰ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ। ইয়াৰ সঠিক বিকাশৰ অবিহনে গ্ৰাম্য অৰ্থনীতি কেতিয়াও সবল হʼব নোৱাৰে। উল্লেখযোগ্য যে আন দুটা বিহুতকৈ প্ৰধানতঃ মাঘ বিহুত অগ্নি পূজাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মাঘ বিহুক একাংশই অৰ্ধ ধৰ্মীয় উৎসৱ ৰূপে বিবেচনা কৰিব খোজে যদিও অসমীয়া খিলঞ্জীয়া সমাজ খনে কিন্তু তিনিওটা বিহুক নিৰপেক্ষ কৰি ৰাখিব বিচাৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱন যাপনৰো পৰিৱৰ্তন হৈছে। গোলকীয় গাওঁৰ বাসিন্দা হৈছে অসমৰ লোকো। অসমৰ লোকৰ জীৱিকাৰ উৎস এতিয়া কেৱল কৃষি হৈ
থকা নাই। সংস্কৃতি প্ৰৱহমান, গতিশীল। মানুহ নগৰ মুখী হৈছে। এনে অৰ্থনীতিয়ে অসমীয়া মানুহকো চুইছে। আমাৰ জাতিটোৰ মাজত যেন কৰ্ম সংস্কৃতি নোহোৱা হৈ পৰিছে। উৎসৱ -পাৰ্বণৰ ধৰণ কৰণ পৰিৱৰ্তন হৈছে। আমাৰ ৰাজ্যখনে স্বাৱলম্বী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হোৱা নাই। কৃষি, সমাজৰ আদৰৰ বিহু কৃষিৰ লগত জড়িত নোহোৱা সকলৰো আদৰৰ হৈ পৰিছে।
সংস্কৃতি আৰু অৰ্থনীতি দুয়োটা দিশৰ বহল মুক্ত চিন্তা কৰিব পৰা পৰিৱেশ এটা সৃষ্টি হোৱা নাই। আমাৰ জাতিটোক কোনো কাৰণতে ৰুগ্ন হʼবলৈ দিব নালাগে। অৰ্থনীতিয়ে সংস্কৃতিক চহকী কৰিব পাৰে। আমাৰ নৱ প্ৰজন্মৰ মাজত গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তাৰ বিকাশৰ চেষ্টা কৰিব লাগে। এইয়াই বাস্তৱ সত্য যে সম্প্ৰতি বজাৰ মুখী হৈছে সকলো বোৰ। ঘৰুৱা নিজে উৎপাদন কৰি নোৱাৰা বিহু কেন্দ্ৰীক বজাৰ এখনৰ সৃষ্টি হৈছে। অসমীয়াৰ বেপাৰ বাণিজ্য অনা অসমীয়াৰ হাতত থকাৰ সময়ত কৰ্ম সংস্কৃতিৰ পৰিৱেশ এটা গঢ়ি তুলিব লাগে। বজাৰলৈ অহা পিঠা পনা আদি আমাৰ সম্পূৰ্ণ ৰীতি-নীতি বাহাল থাকিব লাগিব। বিহু বজৰুৱা হোৱাটো আমাৰ কাৰো কাম্য নহয়। অসমীয়া জাতি সত্তাক বিশ্বমুখী কৰাৰ চেষ্টা কৰাটো সময়ৰ আহ্বান।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment