অ’ ছোৱালী, শুনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

অ’ ছোৱালী, শুনা

 অ’ ছোৱালী, শুনা 


                     বাংলা কবিঃ তচলিমা নাচৰিন

                  তৰ্জমাঃ ড° ইকবাল হোচেইন খান

                                                 বৰপেটা


তোমাক কৈছে; লাহে,

কৈছে; ধীৰে,

কৈছে; কথা ন’কবা 

কৈছে; মনে মনে থাকা।

কৈছে; বহি থাকা,

কৈছে; মূৰ নত কৰা,

কৈছে; চিৎকাৰ কৰা।

তুমি কি কৰিবা, জানি লোৱা ?

তুমি এতিয়া থিয় হোৱা 

পিঠি টান কৰি, ওপৰলৈ মূৰ তুলি থিয় হোৱা,

তুমি কথা কোৱা, অনৰ্গল কোৱা, যি ইচ্ছা তাকেই কোৱা,

জোৰে কোৱা,

চিঞৰি কোৱা,

এনেকৈ চিৎকৰা কৰা যাতে সিহঁতে সিহঁতৰ দুহাতেৰে কাণ চেপি ধৰে।

সিহঁতে তোমাক ক’ব, ছিঃ, ছিঃ! নিলাজ বেচৰম 

শুনি তুমি হাঁহিবা।

সিহঁতে তোমাক ক’ব, তোমাৰ চৰিত্ৰ বেয়া,

শুনি তুমি আৰু জোৰে জোৰে হাঁহিবা

ক’ব তই নষ্ট-ভ্ৰষ্ট

তুমি আৰু জোৰে হাঁহিবা 

হাঁহি শুনি সিহঁতে চিঞৰি ক’ব, তই এজনী বেশ্যা

তুমি কঁকালত দুহাত থৈ ভৰি ফাঁক কৰি থিয় হৈ ক’বা, হয় মই বেশ্যা।

সিহঁতে চমকি উঠিব। সিহঁত বিস্ফোৰিত চকুত তোমাক চাব। সিহঁতে পলকহীন বাবে তোমাক চাব।

সিহঁত আৰু কাণ পাতি থাকিব, তোমাৰ কথা শুনিবলৈ।

সিহঁতৰ মাজত যিসকল পুৰুষ সিহঁতৰ বুকু দুৰু দুৰু কঁপিব,

সিহঁতৰ মাজত যিবোৰ নাৰী সিহঁত তোমাৰ দৰেই সকলো বেশ্যা হোৱাৰ সপোন দিখিব।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages