সূৰুযমুখী
ৰিয়ন বৰা
সূৰুযমুখী যেতিয়া নামি আহিল
অসমী আইৰ এখন আলোকচিত্ৰ নিৰ্মিত হ’ল।
অসমীয়াৰ জীৱাত্মাত সূৰুযে ভূঁই ৰুলে।
নতুনকৈ গজা বীজবোৰে
তমসাবৃত্ত পথাৰখন পোহৰাই তুলিলে।
সূৰুযে যিদিনা অনামিকাক মাতিলে
অনামিকাই সেইদিনা সূৰুযক নতুনকৈ জন্ম দিলে।
দীনবন্ধুৱে সূৰুযৰ কান্ধত
জাপি দিলে এধানিমান স্নিগ্ধ দায়িত্ব ,
অসমী আইৰ দায়িত্ব।
সূৰুযে পাখি মেলি অসমীয়াৰ
নয়নত বসন্ত সানিলে।
সূৰুযে সুবিশাল ব্যক্তিত্বৰে
হেৰুৱাজনক জীয়াই থকাৰ প্ৰেৰণা দিলে।
এজোপা ইউকেলিপ্টাছ হৈ মায়াবিনী ৰাতি যুৱকৰ বুকুত প্ৰেমৰ নিয়ৰ সানিলে।
সূৰুযে এখন ৰুমালৰ ব্যাকুলতাৰ সুৰ ৰচিছিল।
পিছে সূৰুয ভাগি নপৰিল,
গৰিমাৰে তেওঁ জগত জিনিলে।
সূৰুযে সেইদিনা কৈছিল ‘মই যিদিনা বিশ্ৰাম ল’ম, অসমী আইক ক’বাচোন মায়াবিনী গানটো গাই মোক জগাই দিবলৈ’
“মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত।”
আকাশ গাত লবলৈ বিচৰা সূৰুযে
আজি সাগৰ তলিত জিৰণি ল’লে।
বিদেশী সাগৰে সূৰুযক মায়াৰ কবলেৰে কাঢ়ি ল’লে।
লুইতে সদায় সূৰুযৰ গান গাই,
লুইতে সূৰুযৰ অবিহনে
লুইতৰ অস্তিত্ব ৰক্ষা কৰিব নোৱাৰে।
লুইতে সূৰুযৰ অবিহনে
অসমী আইৰ নক্সা আঁকিব নোৱাৰে।

No comments:
Post a Comment